Wednesday, September 5, 2018

যোগাসন - এক ক্ষুদ্ৰ আলোকপাত


এক আধ্যাত্মিক অনুশাসন - যোগাসন। ই মানুহৰ স্বাস্থ্যৰ কলা আৰু বিজ্ঞান।
জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগাভ্যাস ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীন পদ্ধতি। প্ৰকৃততে, যোগ ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে কৰা কিছুমান আসন বা প্ৰাণায়ামেই নহয়, তাতকৈ গভীৰ, অৰ্থৱহ, জীৱনৰ উৎকৰ্ষ সাধনৰ এক প্ৰাচীনতম ব্যৱস্থা।
পুৰণি‍ কালত ঋষি-মুনিসকলে নিজকে নিৰোগী আৰু কাৰ্যক্ষম কৰি ৰখাৰ প্ৰয়োজনত যি আসনৰ পৰামৰ্শ দিছিল, সেই আসনেই হল যোগাসন।
যোগাসন বা যৌগিক ব্যায়ামে মানৱ শৰীৰৰ স্নায়ুসমূহ তথা দেহৰ অভ্যন্তৰৰ যন্ত্ৰসমূহ বিশেষভাৱে পুষ্ট, সবল আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰে।
যোগাভ্যাস কেইবাটাও ভাগত বিভক্ত। কিছুমান মনোবিজ্ঞান সম্বন্ধীয়, যেনে - যম, নিয়ম আৰু প্ৰাণায়াম। কিছুমান মন আৰু আত্মা সম্বন্ধীয়, যেনে - প্ৰত্যাহাৰ, ধাৰণা। কিছুমান আধ্যাত্মিক, যেনে - ধ্যান, সমাধি। কিছুমান সম্পূৰ্ণৰূপে দৈহিক, অঙ্গ সঞ্চলন প্ৰক্ৰিয়াৰ, যেনে - আসন, মুদ্ৰা ।
প্ৰধানকৈ যোগাসনক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হ'ল - ৰাজযোগ আৰু আনটো হ'ল - হঠযোগ। 
ৰাজযোগ আধ্যাত্মিক বিকাশ, পৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াৰে জড়িত। হঠযোগৰ মাধ্যমেৰে দৈহিক অঙ্গ সঞ্চালন প্ৰক্ৰিয়াত মনোযোগ দিয়া হয় আৰু শৰীৰ সততে সুস্থকৈ ৰখাৰ চিন্তা কৰা হয়। হঠযোগৰ আসন আৰু মুদ্ৰাই ৰোগ নিবাৰণ আৰু আৰোগ্য লাভৰ ক্ষেত্ৰত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰে।
যোগাসনৰ নিয়মবোৰ মানি চলিব লাগে। তাৰ বাবে বহুত সময়ৰ প্ৰয়োজন নহয়। স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন কৰিলে গৰমৰ দিনত ১৫ মিনিট আৰু ঠাণ্ডাৰ দিনত ২৫-৩০ মিনিটেই যথেষ্ট।
উপনিষদ আৰু বৌদ্ধ ধৰ্মৰ পালী ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়। পতঞ্জলিৰ যোগসূত্ৰসমূহ খৃষ্টজন্মৰ প্ৰায় পাঁচশ বছৰৰ ভিতৰতে লিখা হৈছিল।
২০১৪ চনৰ ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰ সংঘৰ ৬৯ তম অধিৱে‍শনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বকে আহ্বান জনাইছিল। সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ সদস্যৰে গঠিত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ১৭৭ খন দেশৰ সহযোগিতাত ২১ জুনক আন্তঃৰষ্ট্ৰীয় যোগ দিৱস ৰূপে উদ্‌যাপনৰ সিদ্ধান্ত লোৱা হয়।
যি বাটেৰে আহিছোঁ, আমি এদিন সেই বাটেৰেই উভতি যাম। জীয়াই থকাৰ দিনকেইটা আমি পৰিপূৰ্ণভাৱে, সুখেৰে থাকিব খোজোঁ। এই পৰিপূৰ্ণভাৱে জীয়াই থকাৰ হেঁপাহত আমি বিভিন্ন কাৰ্য কৰোঁ।
আহক, যোগাসন গ্ৰহণ কৰোঁ জীৱনৰ বাবে।

( মেৰী চাংমাই
৭২১ নং পাগলাহাট বজাৰ জে. বি. স্কুল
( আগমণি শিক্ষাখণ্ড, ধুবুৰী)


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: