Tuesday, September 5, 2017

 শিক্ষক আৰু ছাত্ৰ



               “অজ্ঞানতাৰ তিমিৰ ফালি
                জ্ঞানৰ দিপ্তী ঢালি
                মেলি দিলা হে গুৰু জ্ঞানৰ দুহাত,
                তোমাৰ বাবেহে চোৱা
                পিন্ধিব পাৰিছোঁ আজি
                জ্ঞানৰ মণিধাৰ এই বতহিয়া গাত

      যিয়ে অজ্ঞানতাৰ বিনাশ কৰি জ্ঞানৰ পোহৰেৰে সকলোকে আলোকিত কৰে তেৱেঁই গুৰু বা শিক্ষক। গ্ৰীক দাৰ্শনি‍ক এৰিষ্ট’টলে কৈছিল- শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ দিয়ে’’ ৷ অৰ্থাৎ, শিক্ষক হৈছে সেইসকল স্বনামধন্য ব্যক্তি, যিয়ে তেওঁলোকৰ জীৱনৰ সমস্ত জ্ঞান শিক্ষাৰ্থীসকলৰ মাজত বিলাই দি জ্ঞানৰ পোহৰেৰে তেওঁলোকৰ জীৱন উজ্জ্বল কৰাত সহায় কৰে। মাক-দেউতাকে এটি শিশুক জন্ম দিয়ে আনহাতে এজন শিক্ষকে সেই শিশুটিক জ্ঞানৰ পোহৰেৰে আলোকিত কৰি ভৱিষ্যৎ সমাজৰ এজন বৰেণ্য ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰে। সেয়ে হেন্‌ৰি এডামছে কৈছিল,এজন শিক্ষকে আমাৰ জীৱনত সামগ্ৰীকভাৱে এনে প্ৰভাৱ পেলায় যে, সেই প্ৰভাৱ কত গৈ শেষ হব সেয়া কোনেও ক'ব নোৱাৰে মোৰ এই লিখনিত আজি আমি সকলোৱে জনা কিছুমান সৰু সৰু কথাৰ ওপৰত আলোকপাত কৰিম।
     এজন শিক্ষক হ’বলৈ হলে কেৱলমাত্ৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা থাকিলেই নহব, ইয়াৰ বাবে ব্যক্তিগৰাকী আৰু অন্যান্য গুণৰ অধিকাৰী হব লাগিব। শিশুসকল হৈছে অনুকৰণপ্ৰিয়। তেওঁলোকে তেওঁলোকৰ প্ৰিয় শিক্ষকগৰাকীৰ সকলো দিশ অতি সূক্ষ্মভাৱে অধ্যয়ন কৰি নিজকে সেই শিক্ষকগৰাকীৰ দৰে গঢ়ি তুলিবলৈ যত্ন কৰে। গতিকে নিঃসন্দেহে শিক্ষকগৰাকী যেনে গুণৰ অধিকাৰী হয়, ঠিক সেইবোৰ গুণেই শিক্ষাৰ্থীসকলেও আহৰণ কৰে। সেয়েহে শিক্ষকসকলক সমাজৰ আদৰ্শৱান ব্যক্তি হিচাপে অতীজৰে পৰা গণ্য কৰি অহা হৈছে আৰু অনাগত দিনতো হয়তো তাৰ পৰিৱৰ্তন নহব !
     'শিক্ষক' শব্দৰ অৰ্থ বহুতে বেলেগ বেলেগ ধৰণেৰে ক’ব বিচাৰে। বহুতে মত পোষণ কৰে যে শিক্ষক শব্দটোতেই শিক্ষকসকলৰ থাকিবলগীয়া সকলোবোৰ গুণাৱলী নিহিত হৈ আছে। ইয়াত-
     শি- শিষ্টাচাৰ
     ক্ষ- ক্ষমাশীল
     ক- কতৰ্ব্যপৰায়ণ
    
     শিক্ষকৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘TEACHER’এই ‘Teacher’ শব্দটোৰো প্ৰতিটো বৰ্ণই বুজোৱা অৰ্থ বিভিন্নজনে বেলেগ বেলেগ ধৰণেৰে উল্লেখ কৰিছে। তলত এই Teacher শব্দৰ প্ৰতিটো বৰ্ণই বুজোৱা অৰ্থৰ বিষয়ে আলোচনা কৰা হল-

T
        Tolerant (সহনশীল) :- শিক্ষক হবলৈ হলে ব্যক্তিগৰাকী সহনশীল হব লাগিব। কিয়নো শিক্ষাৰ্থীসকলক এক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হলে সকলো সমস্যা নেওচি শিক্ষাৰ্থীসকলক অতি ধৈৰ্যৰে জীৱনৰ প্ৰমূল্যবোধৰ শিক্ষা দিব লাগিব।
     Trustworthy (নিৰ্ভৰযোগ্য) :- কোনো কোনো ব্যক্তিৰ মতে Teacher’ শব্দৰ T’ বৰ্ণই এজন শিক্ষক শিক্ষাৰ্থীসকলৰ বাবে নিৰ্ভৰযোগ্য বা বিশ্বস্ত হোৱাটো বুজায়, যাতে তেওঁলোকে তেওঁলোকৰ জীৱনত সন্মুখীন হোৱা সকলোবোৰ সমস্যাৰ সমাধান সূত্ৰ বিচাৰি শিক্ষকজনৰ কাষ চাপিব পাৰে।
      Talented (প্ৰতিভাশালী) :-  শিক্ষক এগৰাকীৰ শিক্ষকতাৰ বাবে প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা থকাৰ উপৰিও আন আন দিশতো দক্ষ হব লাগিব। বাকপটুতা, ৰসিকতা আদি গুণাৱলীও শিক্ষক এগৰাকীৰ গাত থকাটো অত্যন্ত আৱশ্যকীয়।


E

     Energetic (সক্ৰিয়, উদ্যমী) :- এজন শিক্ষক সদায় সকলো ক্ষেত্ৰতে সক্ৰিয় হব লাগিব। লগতে নিতৌ ন ন ক্ৰিয়াকলাপ কৰাৰ ক্ষেত্ৰত উদ্যমী হব লাগিব।
     Exemplary (অনুকৰণীয়, আদৰ্শনীয়):- যিহেতু শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰিয় শিক্ষকগৰাকীৰ আদৰ্শ অনুকৰণ কৰে, সেয়েহে শিক্ষকগৰাকীৰ গুণাৱলী আদৰ্শনীয় হব লাগিব, যাতে ইয়াৰ অনুকৰণে শিক্ষাৰ্থীসকলৰ জীৱন উজ্জ্বল কৰি তোলে।
     Eloquent (বাকপটুতা):- এজন শিক্ষক বাকপটু ব লাগিব, যাতে শিক্ষাৰ্থীসকলে বিচৰা সকলোবোৰ সমস্যাৰ সমাধান সকলোৰে বোধগম্য হোৱাকৈ বুজাই দিব পাৰে।


A

       Accurate (নিখুঁত, সঠিক):- এজন শিক্ষকৰ স্বভাৱ-চৰিত্ৰৰ লগতে কোনো বিষয়ত তেওঁৰ মতামত সঠিক আৰু নিখুঁত হব লাগিব, যাতে শিক্ষাৰ্থীসকলৰ মনত তেওঁক সদায় আদৰ্শৱান ব্যক্তি হিচাপে গ্ৰহণ কৰাত মোহভংগ নহয়।
      Ability (দক্ষতা,সক্ষমতা):- এজন শিক্ষকে শিক্ষাৰ্থীসকলে বিচৰা সকলো সমস্যা তথা ইয়াৰ সমাধানৰ বিষয়ে পুংখানুপুংখভাৱে বুজাই দিবৰ বাবে তেওঁৰ প্ৰয়োজনীয় দক্ষতা থাকিব লাগিব।

C

     Caring (যত্নপৰায়ণ):- এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলে নিদিৰ্ষ্ট সময়সীমাত আহৰণ কৰিবলগীয়া সকলোবোৰ দিশ আয়ত্ব কৰাবৰ বাবে সদায় যত্নপৰ হব লাগিব।
      Creative (সৃজনশীল):- এজন ব্যক্তি শিক্ষক হবলৈ হলে তেওঁ সৃজনশীল গুণৰ অধিকাৰী হব লাগিব। কিয়নো, শিক্ষকগৰাকীৰ সৃজনশীলতাই শিক্ষাৰ্থীসকলকো ন ন দিশত উজ্বলাই তোলাত সহায় কৰিব।
     Character (চৰিত্ৰৱান):- এগৰাকী শিক্ষক চৰিত্ৰৱান হব লাগিব, যাতে শিক্ষাৰ্থীসকলে বিচৰা সকলোবোৰ গুণৰ সমাহাৰ শিক্ষকগৰাকীৰ গাত দেখা পায়।

H
      Homour (ৰসিক):- এগৰাকী শিক্ষক সদায় ৰসিক হব লাগিব। শিক্ষকগৰাকী ৰসিক হলেহে শিক্ষাৰ্থীসকলৰ প্ৰিয়ভাজন হব পাৰিব আৰু প্ৰিয়ভাজন হলেহে তেওঁৰ শিক্ষাদান প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ হব।
     Honest (সৎ , সাধু):- শিক্ষকসকল যিহেতু সমাজৰ আদৰ্শৱান ব্যক্তি, সেয়ে তেওঁ সৎ হোৱাটো নিতান্তই প্ৰয়োজনীয়। তেখেকৰ সাধুতাই সমাজ এখনৰো বিভিন্ন সমস্যা সমাধানৰ বাবে সুস্থ সিদ্ধান্ত লোৱাত সহায় কৰিব।
     Helpful (সহায়কাৰী):- শিক্ষক এজনে সদায় শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত সহায়কাৰীৰ ভূমিকা পালন কৰিব লাগিব। শিক্ষক এজনে এনে এজন বিশ্বাসযোগ্য সহায়কাৰীৰ ভূমিকা পালন কৰিব লাগিব যাৰ আগত শিক্ষাৰ্থীসকলে বিনাদ্বি‍ধাই তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে অৱগত কৰিব পাৰে।


E  
     Efficiency (দক্ষতা):- শিক্ষক এগৰাকীৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যাৱশ্যকীয় সকলোবোৰ বিষয় পুংখানুপুংখভাৱে বুজাই দিব পৰা দক্ষতা থাকিব লাগিব।
    Encouraging (প্ৰেৰণাদায়ক):- শিক্ষক এগৰাকীয়ে নিতৌ নতুন নতুন তথ্য আহৰণ, ন ন বিষয়ৰ জ্ঞান অৰ্জন ইত্যাদি শিক্ষাৰ্থীসকলৰ বাবে অত্যাৱশ্যকীয় জ্ঞান আহৰণৰ বাবে প্ৰেৰণা দিব লাগিব।
    Enthusiastic (উত্সাহপূৰ্ণ, মনোৰঞ্জক):- এজন শিক্ষক সদায় মনোৰঞ্জনধৰ্মী হব লাগিব, যাতে শ্ৰেণীকোঠাৰ একঘেয়ামীৰ পৰা আঁতৰি মনোৰঞ্জনৰ জৰিয়তেও প্ৰয়োজনীয় সকলোবিলাক জ্ঞান শিক্ষাৰ্থীসকলক প্ৰদান কৰিব পাৰে।

R

     Responsible (দায়িত্বশীল):-  শিক্ষক এগৰাকী শিক্ষাৰ্থী তথা সমাজৰ বাবে নিৰ্ভৰযোগ্য ব্যক্তি হোৱাৰ উপৰিও তেখেত নিজ কতৰ্ব্য পালনৰ ক্ষেত্ৰত দায়িত্বশীল হব লাগিব।
     Resourceful ( তথ্যৰ ভঁৰাল):- শিক্ষক এগৰাকী শিক্ষাৰ্থীসকলৰ বাবে জ্ঞানৰ ভঁৰালস্বৰূপ। কিয়নো তেওঁলোকে সকলোবোৰ কথা শিক্ষকগৰাকীয়ে জানে বুলি ধৰি লয় আৰু সেইধৰণেই আচৰণ প্ৰকাশ কৰে। সেয়েহে, শিক্ষকসকলে নিতৌ ন ন তথ্যৰে তেওঁৰ জ্ঞানৰ ভঁৰালৰ পৰিসৰ বৃদ্ধি কৰিব লাগে, যাতে শিক্ষাৰ্থীসকলৰ মনত থকা ধাৰণাৰ পৰিৱৰ্তন নহয়।

     শিক্ষক এগৰাকীৰ গাত উক্ত সকলোবিলাক গুণ থকাৰ উপৰিও আন আন ভালেমান সৎ গুণ থকাটোও বাঞ্চনীয়। শিক্ষকৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা লোকসকলেই হৈছে ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থীসকল। এতিয়া আমি ইয়াৰ ইংৰাজী প্ৰতিশব্দ ‘STUDENT’ শব্দটোত থকা বৰ্ণকেইতাই ছাত্ৰ এজনৰ গাত থাকিবলগীয়া কি কি গুণৰ প্ৰকাশ কৰিছে তাক অতি চমুকৈ আলোচনা কৰিম-

 S - Study (অধ্যয়ন):- ছাত্ৰানং অধ্যয়নং তপঃ, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নেই তপস্যা সদৃশ। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে অধ্যয়ন কৰাটো নিতান্তই আৱশ্যকীয়। এই ক্ষেত্ৰত পাঠ্যপুথি‍ৰ উপৰিও অন্যান্য আনুষংগিক পুথিও অধ্যয়ন কৰিলে বিভিন্ন দিশৰ ন ন কথা শিকিব পৰা যায়। সেয়ে, শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়ন বহুত উপযোগী।

 T - Truthfulness (সত্যবাদিতা):- সত্যবাদিতাই জীৱন সুন্দৰ কৰে। সদায় সৎ পথত চলা ব্যক্তি এজনে কেতিয়াবা জীৱনৰ চৰম পৰিস্থিতিতো সততাৰ জৰিয়তে হেলাৰঙে পাৰ হৈ আহিব পাৰে।

 U -Unity (একতা):- একতাই পৰম বল। সকলো এক হৈ থাকিলে কোনো বাধা বিঘিনিয়ে একো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। সেয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একতাৰে বন্ধু-বান্ধৱীৰ লগত মিলিজুলি থাকিবলৈ শিকি‍ব লাগে।

 D - Discipline (নিয়মানুৱৰ্তিতা):- ছাত্ৰ-ছাত্ৰীসকলক নিয়মানুৱৰ্তী হবলৈ শিকাব লাগে যাতে তেওঁলোকে নিজৰ নিজৰ কতৰ্ব্যবোৰ সময়ানুসৰি কৰি যায়। কিয়নো নিয়মানুৱৰ্তিতাই ভৱিষ্যৎ জীৱনত ছাত্ৰ/ছাত্ৰীগৰাকীক এক দায়ি‍ত্বশীল ব্যক্তিলৈ ৰূপান্তৰিত কৰে।

 E - Enthusiasm (উত্সাহ বা উদ্যম):- ছাত্ৰ-ছাত্ৰীসকলক কোনো বিষয় বা কোনো নতুন তথ্য আহৰণ কৰাৰ ক্ষেত্ৰত উত্সাহী হবলৈ শিকাব লাগে। কিয়নো আগ্ৰহ অবিহনে কোনো বিষয় তেওঁলোকে ভালদৰে আয়ত্ব কৰিব নোৱাৰিব।

 N - Neutrality (নিৰপেক্ষ):- সৰুৰেপৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত নিৰপেক্ষতাৰ ভাব ৰোপণ কৰিব লাগে যাতে তেওঁলোকে সকলো মানুহেই যে এক, কোনো উচ্চ বা নীচ নহয় সেই কথা ভালদৰে বুজি পায়।

 T - Trustworthy (বিশ্বাসী):-  বিশ্বাসে মিলয় হৰি বুলি কথা এষাৰ আছে। ছাত্ৰজীৱনৰ বাবে ই এক প্ৰয়োজনীয় গুণ। বিশ্বাসী হলে ছাত্ৰ বা ছাত্ৰীগৰাকী সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰে।
     উক্ত গুণবিলাকৰ অধিকাৰী হব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যৎ জীৱনত একো একোজন সমাজৰ বৰেণ্য ব্যক্তি হৈ নিজৰ লগতে সমাজ, দেশ তথা সমগ্ৰ বিশ্বৰে উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। 


                   **************************************************
    
                                                                              জ্ঞানদীপ শইকীয়া
                                                  ম'বাইল - ৯৪০১৪ ৩১১৮০
    


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: