Saturday, September 2, 2017

আমি বাৰু জীৱশ্ৰেষ্ঠ নে ?

   
                                 

বাৰে বাৰে 
মোৰ মনত টুকুৰিয়াই যোৱা
এক সীমাহীন প্ৰশ্ন 
আমি বাৰু সঁচাকৈয়ে জীৱশ্ৰেষ্ঠন নে?”
প্ৰশ্ন কৰোঁ মই আজি নিজকেই
কি সুবাদত আমি জীৱশ্ৰেষ্ঠ?
চিন্তাশক্তি, আত্মসংযম নে আন কিবা?

মনলৈ আহে
ধেমাজিৰ বোমা-বিস্ফোৰণ,
দলগাঁৱৰ শিক্ষয়িত্ৰীক নিৰ্যাতন,
গোৰেশ্বৰৰ ডামিনী কাণ্ড, 
জি. এছ. 'ডৰ জঘন্য নাৰী নিৰ্যাতন
এই পৈশাচিক জঘন্য কাণ্ডবোৰে
বহন কৰে বহু অস্পষ্ট অৰ্থ, 
সঁচাই আমি জীৱশ্ৰেষ্ঠ নে ?
বাৰে বাৰে সাঁচ বহুৱাই যায় মোৰ হৃদয়ত 
নিতৌ ঘটা এই জঘন্য কৰ্মই
আৰু জাগ্ৰত হয়
মাথোঁ এটাই প্ৰশ্ন— “আমি বাৰু জীৱশ্ৰেষ্ঠ নে?’’
                            নোমল উপাধ্যায় 
             *     *    *   *  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: