Saturday, September 2, 2017

আমি বাৰু জীৱশ্ৰেষ্ঠ নে ?

   
                                 

বাৰে বাৰে 
মোৰ মনত টুকুৰিয়াই যোৱা
এক সীমাহীন প্ৰশ্ন — 
“
আমি বাৰু সঁচাকৈয়ে জীৱশ্ৰেষ্ঠন নে?”
প্ৰশ্ন কৰোঁ মই আজি নিজকেই—
কি সুবাদত আমি জীৱশ্ৰেষ্ঠ?
চিন্তাশক্তি, আত্মসংযম নে আন কিবা?

মনলৈ আহে —
ধেমাজিৰ বোমা-বিস্ফোৰণ,
দলগাঁৱৰ শিক্ষয়িত্ৰীক নিৰ্যাতন,
গোৰেশ্বৰৰ ডামিনী কাণ্ড, 
জি. এছ. ৰ'ডৰ জঘন্য নাৰী নিৰ্যাতন ৷
এই পৈশাচিক জঘন্য কাণ্ডবোৰে
বহন কৰে বহু অস্পষ্ট অৰ্থ, 
সঁচাই আমি জীৱশ্ৰেষ্ঠ নে ?
বাৰে বাৰে সাঁচ বহুৱাই যায় মোৰ হৃদয়ত 
নিতৌ ঘটা এই জঘন্য কৰ্মই
আৰু জাগ্ৰত হয়
মাথোঁ এটাই প্ৰশ্ন— “আমি বাৰু জীৱশ্ৰেষ্ঠ নে?’’
                            নোমল উপাধ্যায় 
             *     *    *   *  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: