Tuesday, September 5, 2017

সম্পাদিকীয় (প্ৰথম সংখ্যা)


       ফেইচবুকৰ শিক্ষক গোটৰ অন্যতম গোট - ‘facebook Teacher Desk’। এই গোটৰ সদস্য হৈ বহুতো নজনা কথা জানিবলৈ পাইছিলোঁ। ন-পুৰণি শিক্ষকৰ সমাহাৰেৰে এই গোটটো ফেইচবুকৰ এক চৰ্চিত গোট। গোটত শিক্ষকসকলৰ বিভিন্ন ধৰণৰ ভাল-বেয়া অভিজ্ঞতাৰ বিষয়ে আলোচনা হয়, যাৰ ফলত আমি কোনোদিনে ভাবিব বা কল্পনা কৰিব নোৱৰা কথাবোৰ জানিব পাৰোঁ। শিক্ষকসকলে কেনেকুৱা কেনেকুৱা পৰিস্থিতিত শিক্ষকতা কৰি আছে এই গোটৰ জৰিয়তে আমি গম পাওঁ। মুঠৰ ওপৰত ক’বলৈ গ'লে  ‘facebook Teacher Desk’ শিক্ষকসমাজৰ সুখ-দুখৰ বাৰ্তা কঢ়িওৱা এক মঞ্চ । 
       এই গোটত বহুতো শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন দিশত থকা প্ৰতিভা, যেনে- সাহিত্য, চিত্ৰকলা, হস্তকলা , ফটোগ্ৰাফী আদি প্ৰদৰ্শন কৰা দেখা যায়। শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো বিভিন্ন প্ৰতিভা আমি ইয়াতে দেখিবলৈ পাওঁ।
 
      এই সকলোবোৰ পৰ্যবেক্ষণ কৰি মনত ভাৱ এটা আহিছিল যে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিভাসমূহৰ লগতে বিভিন্ন দিশত লাভ কৰা অভিজ্ঞতাসমূহ কেৱল মাত্ৰ এই গোটতে সীমাবদ্ধ হৈ থাকিব নালাগে। আমি যদি এই সকলোবোৰ দিশ সাঙুৰি এখন আলোচনী উলিয়াওঁ, এই সুপ্ত প্ৰতিভাবোৰ বিকশিত হোৱাৰ এটা সুযোগ পোৱা যাব ৷ সেয়েহে এদিন এই গোটৰ প্ৰশাসকবৃন্দৰ লগত আলোচনা কৰি গোটত এই বিষয়টো উত্থাপন কৰিছিলোঁ যোৱা ১৬ জুন (২০১৭) তাৰিখে‍। প্ৰশাসকবৃন্দ আৰু গোটৰ সদস্যসকলৰ উৎসাহজনক মন্তব্য আৰু সহযোগিতাই আশাৰ ৰেঙনি দেখুৱালে‍ আৰু এই কামত আগবাঢ়িবলৈ প্ৰেৰণা যোগালে।
       প্ৰশাসকবৃন্দই এই ই-আলোচনীখনৰ প্ৰথম সংখ্যাৰ সম্পাদনাৰ দায়িত্ব অৰ্পণৰ বাবে মোৰ নামটো উত্থাপন কৰে। এই প্ৰস্তাৱক একাংশ সন্মানীয় সদস্যই আন্তৰিকতাৰে আদৰি লৈ সমৰ্থন কৰি, মোক প্ৰথম সংখ্যাৰ সম্পাদনাৰ দায়িত্বভাৰ অৰ্পণ কৰে‍। ইমান এটা গধুৰ দায়িত্ব দিয়া বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

       আলোচনী সম্পাদনাৰ দৰে গধুৰ দায়িত্ব এটা লৈ গোটৰ প্ৰশাসকৰ লগত আলোচনা কৰি এই বিষয়ত অভিজ্ঞ শি‍ক্ষককেইগৰাকীমানক অনুৰোধ জনালোঁ আমাৰ এই কামত সহযোগিতা আগবঢ়াবৰ বাবে। তেওঁলোকে আমাক নিৰাশ নকৰি আন্তৰিকতাৰে সহযোগ কৰিলে আৰু আমি এই কামত আগবাঢ়িবলৈ সাহস পালোঁ।
      আমাৰ সপোনৰ আলোচনীখনৰ নাম দিয়া হ’ল ‘অসম দাপোণ'। যদিও সম্পাদনাৰ দায়িত্ব মোৰ, এইটো উল্লেখ কৰিবই লাগিব যে এই গোটৰ প্ৰশাসকবৃন্দ আৰু সদস্যসকলৰ সমূহীয়া প্ৰচেষ্টাৰ ফলতহে‍ সৃষ্টি হৈছে ‘অসম দাপোণ’। আলোচনী এখন সম্পাদনা কৰাটো সাধাৰণ কথা নহয়। তাতে ফেইচবুকৰ দৰে  সামাজিক মাধ্যমৰ পৰা আলোচনী এখন প্ৰকাশ কৰাটো আৰু কঠিন ।‘facebook   Teacher Desk’-ৰ মুখ্য প্ৰশাসক অৰূপজ্যোতি হাজৰিকা ছাৰে আলোচনীখনৰ প্ৰকাশ আৰু ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰে ৷ তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। সম্পাদনাৰ দায়িত্বৰ ক্ষেত্ৰত প্ৰথমতে ভয়েই লাগিছিল যদিও সম্পাদনা সমিতিৰ সদস্যসকলৰ সহযোগিতাই উৎসাহ প্ৰদান কৰিলে। এইক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব দেৱভূষণ ছাৰৰ ৷ তেখেতে‍ বহুক্ষেত্ৰত নিজে আগভাগ লৈ সহায় কৰিছে। এই সুযোগতে ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁৰ পৰা সঁহাৰি নাপালে হয়তো এইক্ষেত্ৰত  আগবঢ়াত মোৰ বাবে  অসুবিধা হ’লহেঁতেন ৷ কামবোৰ নিয়াৰিকৈ চলাই নিয়াৰ বাবে সহকাৰী সম্পাদকসকল ক্ৰমে‍ - দেৱজিৎ বৰা ছাৰ, প্ৰাণজিৎ বৰুৱা ছাৰ আৰু বিপুল কুমাৰ নাথ ছাৰক এই সুযোগতে  মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
      বৰ্তমান সময়ত ‘ফেইচবুক’ ব্যৱহাৰক লৈ বহুতে তীৰ্যক মন্তব্য দিয়া দেখা যায়। বহুতে ফেইচবুকক মাৰাত্মক ব্যধি বুলিও ক’ব বিচাৰে। কিন্তু সকলো বস্তুৰ ফলাফল ইয়াৰ ব্যৱহাৰৰ ওপৰতে‍ নিৰ্ভৰ কৰে। আমি ভাল কামত ব্যৱহাৰ কৰিলে উপকাৰ আৰু বেয়া কামত ব্যৱহাৰ কৰিলে অপকাৰ হয়। ফেইচবুকৰ পৰাও যে আমি কিবা অলপ ভাল কাম কৰিব পাৰোঁ, তাৰ এক নিদৰ্শন হৈ ৰ’ব আমাৰ ‘অসম দাপোণ’ ৷ ফেইচবুকৰ শিক্ষকৰ এইটো গোটৰ পৰা প্ৰকাশ কৰি উলিওৱা এই আলোচনীখনে শিক্ষক সকলৰ বিভিন্ন অভিজ্ঞতা, সমস্যা, শৈক্ষিক বিভিন্ন দিশ আৰু লগতে ছাত্র-ছাত্ৰী তথা শিক্ষক সকলৰ বিভিন্ন দিশত থকা প্ৰতিভা বিকাশত সহায় কৰিব বুলি আমি আশাবাদী। আলোচনীখন বৰ্তমান এটি কলিহে মাথোঁ। আশাকৰোঁ সকলোৱে আদৰি ল’ব আৰু আগলৈ ইয়াক এপাহি‍ সজীৱ ফুলৰ দৰে  ৰাখিব। 

     শেষত সকলোৰে উৎসাহ, প্ৰেৰণা আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আগলৈও এই প্ৰচেষ্টাত সহায়-সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।

                                               দিপিকা ডেকা
                                                সম্পাদিকা, অসম দাপোণ ( প্ৰথম বছৰ, প্ৰথম সংখ্যা)

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: