কাৰ
অনামিকাৰ পৰশত
আজি মোৰ কপালত
জোনাকে নাচিব ?
কাৰ কোমল স্পৰ্শই
আজি মোৰ ওঁঠত
হাঁহি বিৰিঙাব ?
সেন্দূৰ,তুমিতো জানাই----
মই স্বাধীনতা ভাল
পোৱা নাৰী, অবাধ
স্বাধীনতা ।
তুমি জানো দিব
পাৰিবা সেয়া !
তোমাৰ স্পৰ্শত মই
সাহস বিচাৰোঁ ,
ভিৰুতা নহয় ।
তোমাৰ স্পৰ্শত মই
মুক্তি বিচাৰোঁ,
বন্দিত্ব নহয় ।
তুমি জানো মোক
দিব পাৰিবা সেন্দূৰ !
********
********
জালৰ আলগা নয়াপাৰা প্ৰাথমিক বিদ্যালয়, ধুবুৰী
ম'বাইল - ৯৬১৩০ ৪৭৭০৯
0 Please Share a Your Opinion.: