‘ইন-পকেট’ত হাত সুমুৱাই খুৰীৰ মুখৰ হেৰোৱা হাঁহি পুনৰ ঘূৰি আহিল । উজ্জ্বল হ’ল মুখমণ্ডল । তেওঁৰ মুখৰ পৰা বিহুগীত এফাকি নিজেই ওলাই আহিল আৰু কাপোৰ ধোৱাত মন দিলে । কিন্তু খুৰীয়ে সম্ভৱ কাহানিও গমকেই নাপাব যে নীল খুৰাই ইচ্ছা কৰিয়েই তেওঁৰ কাপোৰৰ জেপত টকা থয় ৷
ধুবলৈ লোৱা চাৰ্ট আৰু লংপেন্টৰ জেপবোৰ খেপিয়াই খেপিয়াই চোৱাটো খুৰীৰ স্বভাৱ
৷ অভ্যাস কৰি কৰি এতিয়া স্বভাৱত পৰিণত হ'লগৈ । আগতে
তেনেদৰে নোচোৱাৰ বাবে দহটকীয়া নোটবোৰৰ যিহে অৱস্থা হৈছিল ! আনকি ল'ৰাটোৰ কাপোৰ ধুবলৈ ল’লেও সোঁ-হাতখন কেতিয়া জানো জেপ পায়গৈ, নিজেই আচৰিত হয় তেওঁ । জেপত পোৱা যিকোনো পৰিমাণৰ টকা কাপোৰ ধোৱাৰ মাননী
হিচাপে তেওঁৰ জিম্মাৰ হয় ৷
অৱশ্যে ল’ৰাটোৰ জেপত পোৱা যিকোনো বস্তু তাৰ টেবুলত সুন্দৰকৈ থৈ দিয়ে তেওঁকিন্তু মানুহজনৰ জেপত পোৱাখিনি তেওঁৰ । আন বস্তু তেওঁ ঠিকেই ঘূৰাই দিয়ে , কিন্তু টকা-কৰি ... না নিদিয়ে । সেয়া তেওঁৰ একাউণ্টত জমা হয় । ভৱিষ্যতৰ বিপদত সহায়ক হোৱাকৈ ।
অৱশ্যে ল’ৰাটোৰ জেপত পোৱা যিকোনো বস্তু তাৰ টেবুলত সুন্দৰকৈ থৈ দিয়ে তেওঁকিন্তু মানুহজনৰ জেপত পোৱাখিনি তেওঁৰ । আন বস্তু তেওঁ ঠিকেই ঘূৰাই দিয়ে , কিন্তু টকা-কৰি ... না নিদিয়ে । সেয়া তেওঁৰ একাউণ্টত জমা হয় । ভৱিষ্যতৰ বিপদত সহায়ক হোৱাকৈ ।
মানুহজন এনেও আপোনপাহৰা । কেতিয়া কি বস্তু ক’ত লৈ পায়, ক’ত থৈ পায় - সেইবোৰ একো খবৰ নাথাকে । এতেকে কাজেই কৈফিয়ৎ তলবৰো প্ৰশ্নই নাহে । আৰু খুৰাইও সোধা নাই কাহানিও ।
‘‘হেৰা জেপত টকা কেইটামান আছিল হে, পাইছিলানে ?’’
জেপৰ গভীৰলৈ হাত সুমুৱাই হঠাতে কিবা পোৱাৰ
আনন্দত খুৰীৰ মুখত হাঁহি ফুটি উঠিল । কিবা এটা আছে । লাহেকৈ প্লাষ্টিকেৰে মেৰিওৱা
কিবা এটা জপেৰ পৰা উলিয়াই আনিলে খুৰীয়ে । প্লাষ্টিকৰ পেকেটটো খুলি খুৰীৰ মুখৰ
আনন্দ নিমিষতে নোহোৱা হ’ল । তেওঁৰ আকাংক্ষিত বস্তুটো নহয় সেয়া । খুৰীৰ খং উঠি গ’ল বস্তুটোলৈ । ইফালে-সিফালে চাইও ল’লে ৷ কিজানিবা কেনেবাকৈ এওঁ দেখি কৈয়ে পেলায় – ‘‘ হাঃ হাঃ হাঃ…… আজি একো নাপালা !” লাজত পৰিব লাগিব পাৰে । সেয়েহে সতৰ্ক থাকে তেওঁ । অৱশ্যে ইয়াৰ উত্তৰো খুৰীৰ
আছে । তথাপিও দিয়কচোন ........ !
নিজৰ ওপৰতেই হাঁহি
উঠিল খুৰীৰ । আজি ভাল ঠগ খালে দেই তেওঁ !
“প্ৰয়োজন হোৱা বস্তু নাথাকে , প্ৰয়োজন নোহোৱাবিলাকহে থাকিব ! চাদা থ’বলৈ জেগাই নেপালে .... !”-তেওঁৰ মুখৰ পৰা নিজেই
কথাষাৰ ওলাই আহিল । বাকীবোৰ জেপতো তেওঁ
খেপিয়াই চাবলৈ ধৰিলে। যদিও প্ৰথমৰ উৎসাহ নাই মনত ! লংপেন্টৰ আটাইকেইটা জেপেই ভালদৰে খুঁচৰি চালে খুৰীয়ে । নিৰাশ মনেৰে
লংপেন্টটো পানীত তিয়াব খোজোঁতেই মনত পৰিল – ‘ইন-পকেট’টো চোৱা হোৱা নাই । ‘ইন-পকেট’ত হাত সুমুৱাই খুৰীৰ মুখৰ হেৰোৱা হাঁহি পুনৰ
ঘূৰি আহিল । উজ্জ্বল হ’ল মুখমণ্ডল । তেওঁৰ মুখৰ পৰা বিহুগীত এফাকি নিজেই ওলাই আহিল আৰু কাপোৰ ধোৱাত
মন দিলে । কিন্তু খুৰীয়ে সম্ভৱ কাহানিও গমকেই নাপাব যে নীল খুৰাই ইচ্ছা কৰিয়েই
তেওঁৰ কাপোৰৰ জেপত টকা থয় ৷ কেৱল খুৰীৰ মুখত এই হাঁহি আনিবলৈকে । এবাৰ তেওঁ মোক
কৈছিল –“মই এনেকৈ যদি তোমাৰ খুৰীক টকা জমা কৰিব
বলৈ
নিদিওঁ, তেন্তে কেনেকৈ দিম ? এনেকৈ কাপোৰ ধোৱাৰ সময়ত পোৱা কম টকাইহে খুৰীক বেছি আনন্দ দিয়ে মই যাচি দিয়া টকাতকৈ ! আৰু ভৱিষ্যতেও দি যাম । আফটাৰ অল ফুৰ্তিৰে কাপোৰ ধোৱা বাবে কাপোৰো ভালদৰে
পৰিষ্কাৰ হয় অ’ !
এৰিয়েল, টাইড –এইবোৰেও নোৱাৰে .... সাধাৰণ ক্ষাৰ চাবোনেই এনেকুৱা কৰিব পাৰিছে অত
বছৰে !
************************************************* জয়ন্ত কুমাৰ খাখলাৰী
(শিক্ষক, এছ.এন.এম.
ডুমুৰীয়া এম. ই. মাদ্ৰাছা, শিক্ষাখণ্ড – সৃজনগ্ৰাম, বঙাইগাঁও ,ম’বাইল –
৮০১১৯ ৫৭৯৬২)
0 Please Share a Your Opinion.: