'ক''ই হাতত কলম লৈ বহীত লিখি যায় ।
'খ'ই বোলে খেল খেলোঁ লিখিবৰ মন নাই
।৷
'ঙ'ই বোলে নাঙল লৈ পথাৰলৈকে ব’ল ।
'ছ'ই বোলে ছাতি লৈ ফুৰিবলৈকে যাওঁ ।
'জ'ই বোলে জলফাই টেঙা নিমখ সানি খাওঁ ।৷
'ঝ'ই হেনো ঝক্ ঝক্কৈ ৰেইল চলাই যায় ।
'ঞ'ই বোলে জিঞাক ধৰি চিলনীয়ে খায় ।৷
'ট'ই টিলিঙা বজাই চাইকেল চলাই যায় ।
'ঠ'ই ঠগাৰ পুথি পঢ়ি-শুনি চায় ।৷
'ড'ই ডালিম খাই বৰ ভাল পায় ।
'ঢ'ই ঢাৰি পাৰি শুবলৈ যায় ।৷
'ণ'ই কাণত ধৰি উঠা-বহা কৰে ।
'ত'ই তামোল খাই দাঁত ৰঙা কৰে ।৷
'থ'ই থৰ লাগি ভাবে কিনো কথা !
'দ'ৰ দাঁতৰ বিষ, খোৱা-বোৱাত লেঠা ৷৷
'ধ'ই মিলিজুলি ঢেঁকীত ধান বানে ।
'ন'ই নাচপতি বজাৰৰ পৰা আনে ৷৷
'প'ই হাতত পল লৈ মাছ মাৰিবলৈ যায় ।
'ফ'ই ফটো ল’বলৈ আহে ঢপলিয়াই ৷৷
'ব'ই বোলে বগলী বাই মোৰ ঘৰলৈ যাবা ৷
'ভ'ই বোলে ভোক লাগিলে পেট ভৰাই খাবা ।৷
'ম'ই হেনো সকলোকে মৰম বিলায়।
'য'ই হেনো যঁতৰত সূতা কাটি যায় ।৷
'ৰ'ই হেনো ৰথত উঠি ফুৰিবলৈ যায় ।
'ল'ই বোলে ল’ৰাহঁতে ঘূৰি ঘূৰি চায় ৷৷
'ৱ'ই বোলে গাঁওখনি শুৱনি গছেৰে ভৰা ।
'শ'ই বোলে শহাপহু আহিল ক’ৰ পৰা !
'ষ'ই বোলে ষোল্ল অনাৰে এক টকা হয় ৷
'স'ই হেনো সদায় সত্য কথাহে কয় ।৷
'হ'ই বোলে হৰণ-পূৰণ অংক শিকি ল’বা ৷
'ক্ষ'ই বোলে ভুল হ’লে ক্ষমা কৰি দিবা ।৷
'য়'ই বোলে সময়ৰ কাম সময়ত কৰিবা ।
'ৎ'ই বোলে সৎ কৰ্মত হাত উজান দিবা ।৷
'ং'-এ বোলে খং-ৰাগ কাকোকে নকৰিবা ।
'ঃ'ই বোলে নিঃসহায়ক সহায় কৰিবা ।৷
( বিদ্যালয়ত ব্যৱহাৰ কৰিব পৰাকৈ ৰচনা কৰা হৈছে )
*
* * *
0 Please Share a Your Opinion.: