Saturday, September 2, 2017

পুৱতি নিশাৰ চিন্তা : হাইৱে



  

   চিন্তাৰ টুকুৰা - ১

   ইয়াত কালি কুকুৰটো আধামৰা হৈ পৰি আছিল,
   তেজেৰে তুম্‌ৰলি হৈ ।
   আজি তাৰ পেটটোৰ আধা নাই,
   গাড়ীৰ চকাত গ’ল।
   মোৰ নাক বন্ধ চল্লিশ চেকেণ্ড ৷
   সকলোৰে বন্ধ,
   সকলো নিমাত,
   যেন কাঁহ পৰি জীণ গ’ল !
   কাইলৈ বাকীখিনিও চকাৰ তলতে যাব ৷
   নাক বন্ধ কৰি‍ ৰাখিম চল্লিশ চেকেণ্ড
   পৰহিলৈহে‍ নাকৰ পৰা হাতবোৰ আঁতৰিব !
         
   চিন্তাৰ টুকুৰা  - ২

   তথাপি আমিবোৰ ব্যস্ত...
   চল্লিশ চেকেণ্ডলৈহে আমাৰ মানৱতাই সাৰ পায় ৷
   তাৰ পিছত কাইলৈ নোহোৱালৈকে‍ তাক ছুটী দিওঁ এদিনলৈ
   আমি আকৌ হৈ পৰোঁ যন্ত্ৰ ৷
  
নাকত হাত থৈয়ে পাৰ হৈ যাওঁ মানৱতাক গচকি !
   হয়তো ছালডোখৰ তাত পৰি থাকি নিঃশেষ হোৱাৰ আগতেই
   আমি পাহৰি যাম -
   কেঁচা মাংস পচিলে কেনেকুবা গোন্ধ ওলায় !

  
   চিন্তাৰ টুকুৰা - ৩

   ইয়াত মৰেই-
   কুকুৰ, গৰু, ছাগলী…

   আৰু মানুহো মৰে , কেতিয়াবা ‘ব্ৰেকিং নিউজ’ হয় ৷
   কাৰোবাৰ ঘৰত চৌকা নুমায়,
   শোকৰ নদী বয়।
   সভ্যতাৰ একবিংশ শতিকাত
   আমি মাটি নহয় ……. মানুহ হোৱাৰহে‍ প্ৰয়োজন !


   চিন্তাৰ টুকুৰা - ৪
   
   ঠাইডোখৰ হেনো বিপদজনক...
   প্ৰায়েই দুৰ্ঘটনা ঘটে ৷
   নিউজত প্ৰায়েই ওলায় এই ঠাইডোখৰৰ কথা ৷
   মাজে মাজে কোনো একোটা ‘নিউজ চেনেল’ত
   ‘ব্ৰেকিং নিউজ’ দিয়ে কোনোবা ঢুকোৱাৰ ৷      
   লগতে ক’বলৈ নাপাহৰে -
   ঠাইডোখৰ হেনো আপদীয়া,
   কিবা ভূত-প্ৰেতৰ ছায়া আছে হেনো... !
   চৰকাৰে আঁৰি থোৱা চাইনব’ৰ্ডখনলৈ কাৰো চকু নাযায়....
   চাইনব’ৰ্ড পঢ়িবলৈ আমাৰ সময়েই বা ক'ত !
   ব্ৰেক মাৰি গাড়ীখন ধীৰ কৰিবলৈকে আমাৰ সময় নাই
   অথচ... চাইনব’ৰ্ডখনত এতিয়াও এতৰপ ধূলিৰ তলত শুই আছে,
   ইংৰাজীৰ শব্দ কেইটা ৷
   সকোলোৰেই দৃষ্টিৰ অগোচৰত -
   “Accident Prone Area, Please Drive Slowly.”


   চিন্তাৰ টুকুৰা – ৫

   এদিন ময়ো হয়তো হেৰাই যাম এই পৃথিৱীৰ পৰা,
   এই নশ্বৰ দেহটো হ’ব মাটি ….. ৷
   আজি কালি পিছে বজাৰত মাটিৰ দাম চৰা,
   মাটিৰ নামত ৰাজনীতিত চলিছে গৰম বতাহ ৷
   পাৰিলে মোক তোমালোকে মাটি হ’বলৈ‍ নিদিবা...
   য’ত মাটিৰে গঢ়া পুতলালৈ‍ মানৱতা নাথাকে
   সভ্যতাৰ একবিংশ শতিকাত
   আমি মাটি নহয় ……. মানুহ হোৱাৰহে‍ প্ৰয়োজন !
                              
                    *  *  *  *
    নৱজিৎ কলিতা


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: