Saturday, September 2, 2017

পুৱতি নিশাৰ চিন্তা : হাইৱে



  

   চিন্তাৰ টুকুৰা -

   ইয়াত কালি কুকুৰটো আধামৰা হৈ পৰি আছিল,
   তেজেৰে তুম্ৰলি হৈ
   আজি তাৰ পেটটোৰ আধা নাই,
   গাড়ীৰ চকাত
   মোৰ নাক বন্ধ চল্লিশ চেকেণ্ড
   সকলোৰে বন্ধ,
   সকলো নিমাত,
   যেন কাঁহ পৰি জীণ !
   কাইলৈ বাকীখিনিও চকাৰ তলতে যাব
   নাক বন্ধ কৰিৰাখিম চল্লিশ চেকেণ্ড
   পৰহিলৈহেনাকৰ পৰা হাতবোৰ আঁতৰিব !
         
   চিন্তাৰ টুকুৰা  -

   তথাপি আমিবোৰ ব্যস্ত...
   চল্লিশ চেকেণ্ডলৈহে আমাৰ মানৱতাই সাৰ পায়
   তাৰ পিছত কাইলৈ নোহোৱালৈকেতাক ছুটী দিওঁ এদিনলৈ
   আমি আকৌ হৈ পৰোঁ যন্ত্ৰ
  
নাকত হাত থৈয়ে পাৰ হৈ যাওঁ মানৱতাক গচকি !
   হয়তো ছালডোখৰ তাত পৰি থাকি নিঃশেষ হোৱাৰ আগতেই
   আমি পাহৰি যাম -
   কেঁচা মাংস পচিলে কেনেকুবা গোন্ধ ওলায় !

  
   চিন্তাৰ টুকুৰা -

   ইয়াত মৰেই-
   কুকুৰ, গৰু, ছাগলী

   আৰু মানুহো মৰে , কেতিয়াবাব্ৰেকিং নিউজহয়
   কাৰোবাৰ ঘৰত চৌকা নুমায়,
   শোকৰ নদী বয়
   সভ্যতাৰ একবিংশ শতিকাত
   আমি মাটি নহয় ……. মানুহ হোৱাৰহেপ্ৰয়োজন !


   চিন্তাৰ টুকুৰা -
   
   ঠাইডোখৰ হেনো বিপদজনক...
   প্ৰায়েই দুৰ্ঘটনা ঘটে
   নিউজত প্ৰায়েই ওলায় এই ঠাইডোখৰৰ কথা
   মাজে মাজে কোনো একোটা নিউজ চেনেল
   ‘ব্ৰেকিং নিউজদিয়ে কোনোবা ঢুকোৱাৰ      
   লগতে বলৈ নাপাহৰে -
   ঠাইডোখৰ হেনো আপদীয়া,
   কিবা ভূত-প্ৰেতৰ ছায়া আছে হেনো... !
   চৰকাৰে আঁৰি থোৱা চাইনবৰ্ডখনলৈ কাৰো চকু নাযায়....
   চাইনবৰ্ড পঢ়িবলৈ আমাৰ সময়েই বা ' !
   ব্ৰেক মাৰি গাড়ীখন ধীৰ কৰিবলৈকে আমাৰ সময় নাই
   অথচ... চাইনবৰ্ডখনত এতিয়াও এতৰপ ধূলিৰ তলত শুই আছে,
   ইংৰাজীৰ শব্দ কেইটা
   সকোলোৰেই দৃষ্টিৰ অগোচৰত -
   “Accident Prone Area, Please Drive Slowly.”


   চিন্তাৰ টুকুৰা

   এদিন ময়ো হয়তো হেৰাই যাম এই পৃথিৱীৰ পৰা,
   এই নশ্বৰ দেহটো মাটি …..
   আজি কালি পিছে বজাৰত মাটিৰ দাম চৰা,
   মাটিৰ নামত ৰাজনীতিত চলিছে গৰম বতাহ
   পাৰিলে মোক তোমালোকে মাটি বলৈনিদিবা...
   য মাটিৰে গঢ়া পুতলালৈমানৱতা নাথাকে
   সভ্যতাৰ একবিংশ শতিকাত
   আমি মাটি নহয় ……. মানুহ হোৱাৰহেপ্ৰয়োজন !
                              
                    *  *  *  *
    নৱজিৎ কলিতা


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: