Saturday, September 2, 2017

সপোন,সম্ভাৱনা, সংকল্প ইত্যাদি .....


কথাটো অৱশ্যে নোহোৱা নহয় অ'  মালতী চৰকাৰে কিতাপ -বহী দিছেচোলা -কাপোৰো দিছে স্কুলঘৰ ডেস্ক -বেঞ্চ সকলো দিছে আৰু নতুন নতুন ভাল ভাল ছাৰ-বাইদেৱো দিছে .... কিন্তু তথাপিও আমাৰ ল'ৰা -ছোৱালীয়ে সদায় স্কুল গৈছেনে নাই বহী -কলম -পেঞ্চিল আছেনে নাই ঘৰত কৰিবলৈ দিয়া কামখিনি কৰিলেনে নাই  - এই সামান্য খবৰখিনিও আমি নাৰাখোঁ ৷ ক'ত  ভাল হ'ব আমাৰ ল'ৰা -ছোৱালী ,আৰু স্কুলত ছাৰ -বাইদেৱে অকলে কিডালনো কৰিব হয়নে !

    “মালতী... মালতী .... মালতী অত গলি ঔ এইজনী ? চাওঁ এইফালে আহচোন আহ..” --- চোতালৰ একোণত ৰিক্সাখন ৰাখিয়েই চিঞৰিব ধৰিলে জীৱনে।
   “কি হলনো, ইমানকৈ চিঞৰি যে ? অলপ লাহে লাহে কওক, সিহঁতকেইটা শুইছেহে মাত্ৰ .....”---মালতীয়ে টিপচাকিটো হাতত লৈ ৰান্ধনীঘৰৰ পৰা ওলাই আহিল।
     “’... , ইহঁত দুয়োটা শুলেই নেকি ? ছেঃ , মোৰ দেৰিয়েই হল নহয়, পঢ়া-শুনা কিবা কৰিলে নে নাই ইহঁতে... ?”- জীৱনৰ প্ৰশ্ন।
    “ঔ আই ! আজি দেখোন সিহঁতৰ পঢ়া শুনাৰ খবৰ লৈছে ? ইমানদিনে লৰা-ছোৱালীহালে খাইছে‍-  নাখাইছে, পঢ়িছে-নপঢ়িছে, পিন্ধিছে-নিপিন্ধিছে ,ত যায় ,কি কৰে, কি‍ নকৰে নিজে বাপেকটো হৈ একো এটা খবৰেই নাই ৷ আজি আকৌ কি হ?”-- মালতী অবাক।
    “, তই ঠিক কথাই কৈছ অ মালতী, ইমানদিনে সঁচাকৈ‍ আমি বৰ ডাঙৰ ভুল কৰি আছোঁ.... ইহঁতক আমি গুৰুত্ব দিব লাগিব। ইহঁত দুটাই আমাৰ সম্পত্তি। ইহঁতক আমি পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিম। ইহঁতে পঢ়ি-শুনি ডাঙৰ হৈ চাকৰি কৰিব, বহুত টকা ঘটিব, আমাৰ দৰে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিব নালাগিব আৰু বুঢ়া বয়সত ইহঁতেই আমাক চোৱা-চি‍টা কৰিব। মুঠৰ ওপৰত ইহঁতক আমি ভাল মানুহ কৰিবই লাগিব মালতী...”- কথাষাৰ কৈ কৈ জীৱনে ঘামেৰে‍ লুতুৰি‍-পুতুৰি‍ হৈ থকা গাৰ গেঞ্জিটো খুলি থৈ বাৰাণ্ডাৰ মাটিতেই বহি পৰিল ।
   “হেৰি, আপুনি আজি দেখোন কিবাকিবি নতুন নতুন কথাবোৰ কৈ আছে, কি হৈছে আজি মানুহটোৰ ? ইমান দেৰিলৈকে ৰাস্তাত থাকি উতনুৱাকেইটাৰ লগত কিবা খাই অহা নাইতো ?” - মালতীয়ে ঠাণ্ডা পানী এঘটি আৰু গিলাচ এটা আনি জীৱনৰ মুখৰ ওচৰত নাকটো লগাই শুঙি চাবলৈ‍ ধৰিলে।
     “হেই এইজনী…. চাওঁ , হুঁ পিঠিখনৰ ঘামচি কেইটা ফুটাই দেচোন আহ আৰু কথা এটা কওঁ শুন...
     “ কি হলনো কওকচোন ৷”- মালতীয়ে ওচৰতে বহি জীৱনৰ পিঠিৰ ঘামচিকেইটা ফুটাই ফুটাই লাহেকৈ সুধিলে।
    "শুন , আজি তিনি-আলিটোত ভাড়াৰ বাবে বহি থাকোঁতে বৰ ধুনীয়াকৈ ছোৱালী এজনীয়ে আহি কলে নহয়, “ দাদা.. যাব নেকি ?” মই বোলো যাম ৷ পিছে কলৈ?” তেওঁতো চিধাই ৰিক্সাখনত বহি লৈ কলে, “লক বলক, দেৰিয়েই হব নহলে..” মই বোলো যাব কলৈ ?” তেওঁ কলে পুঠিমাৰী এল পি স্কুললৈ‍৷ মইতো আচৰিতেই !
     “ তাৰ পিছত ?” --মালতীৰ উৎসুকতা।
    “তাৰ পিছত কি হব আৰু ! বৰ লাজ পালোঁ জাননে ? তেওঁ হেনো আমাৰ এল. পি. স্কুলখনৰে টেট্ বাইদেউআমাৰ বাবু-মাইনাহঁতক আজি পাঁচবছৰেই হল পঢ়াই আছে চাচোন ৷ আমি হলে চিনিয়েই নাপাওঁ .....!”
    “ হয় নেকি ? কেনেকৈনো চিনি পাম ! কোনোবা দিনাখন এবাৰ স্কুললৈ গৈ পাইছোঁনে ? মিটিঙলৈ‍ মাতিলেও যোৱাৰ সময়েই নহয় দেখোন আমাৰ...!” - মালতীৰ আক্ষেপ।
    “মালতী, এদিন কামলৈ‍ নগলে খাবলৈ‍ নোযোৰা আমিবোৰে এই মিটিং-চিটিং কৰিবলৈ‍ যাওঁ কিদৰে বাৰু কচোন ৷”- জীৱনৰ হতাশাভৰা হুমুনিয়াহ।
    “উম... পিছে আৰু কি হলনো ?”
   “ তেওঁ কলে - কিবা হেনো গুণৰ উৎসৱ পাতিছে চৰকাৰে, ছাৰ-বাইদেউহঁতক মন্ত্ৰীয়ে গালি দিছে, ৰা-ছোৱালীহঁতক লিখিব-পঢি়ব পৰা কৰি তুলিবই লাগিব যিকোনো উপায়েৰে‍পিছে তেওঁহে বৰ দুখেৰে কলে যে‍ আমাৰ লৰা-ছোৱালীহঁতে হেনো ঘৰত নপঢ়ে৷ স্কুললৈ‍ বহী-কলম-পেঞ্চিল একোৱেই নিনিয়ে। মাক-বাপেকবোৰৰো হেনো কোনো  গুৰুত্ব নাই৷ সকলোৱে কেৱল খোৱা-বোৱাৰহে খবৰ লয়। ভাত খুৱালে নে খিচি‍ৰি খুৱালে, চয়াবিন নে কণীইত্যাদি ইত্যাদি‍হে খবৰ ৰাখে‍ইফালে সিহঁতে ক-ফলা,-ফলা, ABCD, ১২৩৪, 1234 খিনিও ভালকৈ লিখিব-পঢ়িব যে নোৱাৰে সেইবোৰ হলে খবৰেই নাই ! কথাটো অৱশ্যে নোহোৱা নহয় অমালতী ! চৰকাৰে কিতাপ-বহী দিছে, চোলা-কাপোৰো দিছে, স্কুলঘৰ, ডেস্ক-বেঞ্চ সকলো দিছে আৰু নতুন নতুন ভাল ভাল ছাৰ-বাইদেৱো দিছে.... কিন্তু তথাপিও আমাৰ ল'ৰা-ছোৱালীয়ে সদায় স্কুল গৈছেনে নাই, বহী-কলম-পেঞ্চিল আছেনে নাই, ঘৰত কৰিবলৈ দিয়া কামখিনি কৰিলেনে নাই - এই সামান্য খবৰখিনিও আমি নাৰাখোঁ ৷ কত ভাল হব আমাৰ লৰা-ছোৱালী ,আৰু স্কুলত ছাৰ-বাইদেৱে অকলে কিডালনো কৰিব হয়নে !” – একে উশাহতে‍ কথাবোৰ কৈ জীৱনে মালতীলৈ চালে।
   “উম.., কথাবোৰ আমি ইমানদিনে ভাবিয়েই পোৱা নাছিলোঁ। হেৰি, বাইদেউৰ পৰা আজি ভাড়াটো ললে নেকি বাৰু ?”- মালতীৰ কৌতুহল।
   “নলওঁ বুলিয়েই কৈছিলোঁ ৷ পিছে নামানিলে ৷ ২০ টকাৰ জেগাত ৫০টকা দি ৰাখকচোন, সিহঁতক কিবাকিবি কিনি খুৱাব বুলি কৈ নামি গুচি গল ৷ এদিন ঘৰলৈ‍ মাতি চাহ একাপ খুৱাব লাগিব ৷ নহয়নে মালতী ?”-- জীৱনৰ কৃতজ্ঞতা।
   “কিয়নো নহয় ..আপুনি যদি কয় গঁৰালৰ মতা হাঁহৰ মাংসৰে এদিন ভাতকে খুৱাম দিয়ক । যাওক, এতিয়া গাটো ধুই আহক, মই ভাত বাঢ়োঁ...মালতীৰ অব্‌দাৰ।
   “তাৰ আগতে আমাৰ ইহঁতকেইটাৰ ওপৰত আমি নজৰ ৰাখিবই লাগিব, যাতে  ছাৰ-বাইদেউৰ মান ৰয় , স্কুলৰ নাম হয়, গাঁওখনৰ নাম হয় আৰু গোটেই অঞ্চলটোৰেই নাম অসমতখনত বিয়পি পৰে ৷”- কথাবোৰ কৈ কৈ হাতত গামোচাখন লৈ জীৱনে লাহে লাহে কলৰ পাৰলৈ খোজ ললে । 


                                                                        
                             *********************************

  সহকাৰী শি‍ক্ষক, ১৯৩৯ নং দক্ষিণ পেটলা প্ৰাথমিক বিদ্যালয়

  আগমণি শি‍ক্ষাখণ্ড , ধুবুৰী  
  ম'বাইল - ৯৭০৭৮৫৮৩৯৪ 


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

1 comment: