Saturday, September 2, 2017

কবিতা


এটা সপোন
বাঢ়ি অহা বুকুবোৰত ,
পঢ়াশালিৰ কিতাপৰ বোজা

 

, , , ,
A , B , C , D পাছত
যুক্তাক্ষৰ , উচ্চাৰণ , পূৰণ-হৰণৰ
দেওলগা চিৎকাৰ

হাঁহি-ধেমালিত জীণ যোৱা
উশাহবোৰত  
নাগৰিক হোৱাৰ আশা

থৈয়া-নথৈয়া ৰণ
ভাষা আৰু জিজ্ঞাসাৰ ,
শিক্ষাগুৰুৰ আব্দাৰত 
তজবজীয়া বলৈধৰা জ্ঞান-সম্ভাৰ


এক আঙুল দুই আঙুলকৈ 
বহল হোৱা বাৰিষা 
পিঠিৰ বোজাত ।

                                 ডিম্পী দাস

*     *    *   *  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: