Friday, April 27, 2018

কেইখনমান অসমীয়া শিশু-আলোচনী


অসমীয়া সাহিত্যৰ জগতখনত শিশু সাহিত্যৰ এক বিশেষ ভূমিকা আছে। শিশুক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাত  এক বিশেষ ভূমিকা আছে শিশু সাহিত্যৰ।
অসমীয়া 'শিশু সাহিত্য'-ক প্ৰতিনিধিত্ব কৰা
কেইখনমান বিশেষ আলোচনী আৰু বিশিষ্ট শিশু সাহিত্যিক কেইগৰাকীমানক সমল হিচাপে লৈ এই লেখা প্ৰস্তুত কৰা হৈছে।
শিশু সাহিত্যক প্ৰতিনিধিত্ব কৰা আলোচনীসমূহ হ'ল:-
১) ল'ৰাবন্ধু:- নাথান ব্ৰাউন, মাইলছ্ ব্ৰনছন, অলিভাৰ কাট্টাৰ আদি মিছনেৰী মনীষীসকলে ৰচনা কৰি প্ৰকাশ কৰা এই গল্প, সাধু আৰু আন শিশু ৰচনাৱলীয়ে সম্ভৱতঃ অসমৰ শিশু আলোচনীৰ  প্ৰতিষ্ঠাতা কৰুণাভিৰাম বৰুৱাৰ চেষ্টাতেই নগাঁৱৰ পৰা প্ৰথম অসমীয়া শিশু আলোচনী আলোচনী 'ল'ৰাবন্ধু'-এ ভুমুকি মাৰে ১৮৮৬ চনত। 'ল'ৰাবন্ধু'-ৰ নামকৰণ সেই সময়ত ইংৰাজী শিশু বাৰ্তালোচনী 'The Boy's own paper'-ৰ (১৮৭৯) আৰ্হিত কৰা হৈছিল বুলি ভবাৰ থল আছে। চাৰিটামান সংখ্যা প্ৰকাশ হোৱাৰ পিছত ১৮৮৮ চনত 'ল'ৰাবন্ধু'-ৰ প্ৰকাশ বন্ধ হয়।


২) অকণ:- অসমৰ দ্বিতীয়খন শিশু আলোচনী 'অকণ' প্ৰকাশ হয়, 'ল'ৰাবন্ধু' প্ৰকাশৰ প্ৰায় ডেৰকুৰি বছৰৰ পিছত ১৯১৬ চনত। 'অকণ' প্ৰকাশ হোৱাৰ আগতে ১৯১৫ চনত 'বাঁহী'-ৰ সপ্তম বছৰ প্ৰথম সংখ্যাত এটি বিজ্ঞাপন প্ৰকাশ হৈছিল। তাৰ এটি অংশ আছিল এনেকুৱা :-
'অকণ'
"সৰু ল'ৰা-ছোৱালীৰ উপযোগী সচিত্ৰ মাহেকীয়া কাকত। বাৰ্ষিক বৰঙনি ১/১০ মাত্ৰ।
কিতাপৰ আকাৰত প্ৰতিমাহে ৪৮ পিঠিকৈ ওলাব। ৰং-বিৰঙৰ হাফ্-টোন ছবি থাকিব আৰু প্ৰবন্ধবোৰ সচিত্ৰ হ'ব। চকচকীয়া কাকতত ধুনীয়াকৈ ছপোৱা হ'ব 'অকণ'-ক। ৰূপে-গুণে 'অকণ' ঠিক 'সোণটি'-ৰ নিচিনাকৈ ওলাব।"
এই আলোচনীখনৰ এইটো বিজ্ঞাপনত গ্ৰাহক-লিখক তথা সমগ্ৰ অসমীয়া সমাজৰ প্ৰতি আহ্বান জনোৱা হৈছিল যাতে তেওঁলোকে আলোচনীখন সুচাৰুৰূপে আগবঢ়াই নি সফল হোৱাত সহযোগিতা আগবঢ়াই।
'বাঁহী'-ৰ দৰেই 'অকণ'-ৰ বিজ্ঞাপন ১৯১৫ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'আলোচনী'-ত প্ৰকাশ হৈছিল। 'আলোচনী'-ৰ ষষ্ঠ বছৰ দ্বাদশ সংখ্যাত প্ৰকাশিত বিজ্ঞাপনটিৰ কিছু অংশ আছিল এনেধৰণৰ:-
"ডাঙৰীয়া ! অকণৰ হাতত একোখন 'অকণ' দি অকণৰ মুখভৰা হাঁহি চাব খোজেনে? অকণৰ কোমল অন্তৰত পচাবৰ কাৰণে বৰ্তমান সময়োপযোগী শিক্ষা আৰু সৎ উপদেশৰ সঁচ লাগেনে? যদি লাগে তেন্তে সময় থাকোঁতে নিয়কহি।


৩) জোনবাই:- বিশিষ্ট শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ সম্পাদনাত ১৯৬১ চনৰ জানুৱাৰী মাহৰপৰা প্ৰকাশিত 'জোনবাই' আন এখন উল্লেখযোগ্য শিশু আলোচনী। 'জোনবাই'-ত অকণিহঁতৰ মন মুহিবপৰা নানান সমল থূপ খাই আছিল আৰু সেয়েহে অতি সোনকালে ই অকণিহঁতৰ অতি আদৰৰ আলোচনীৰূপে সমাদৃত হৈছিল। আলোচনীখনত প্ৰকাশিত কেইটামান উল্লেখযোগ্য বচন/শিতান আছিল 'যুটীয়া আখৰ নথকা সাধু', 'অসমীয়া ঘৰুৱা কথা', 'দেশ-বিদেশৰ অকণি', 'বিচিত্ৰ বিশ্ব', 'মোৰে ভাৰতৰে...', 'নিকোলাইনি কোলভিচ্ নোচভ্ ৰ উপন্যাসৰ মানৱেন্দ্ৰ নাথ ঠাকুৰে কৰা অসমীয়া অনুবাদৰ ভেবাৰাম আৰু তাৰ বন্ধুবোৰৰ অভিযান', 'নতুন অসম গঢ়োঁতা' আদি। ডাঙৰৰ লেখাৰ লগতে 'লাহী হাতৰ লেখা' শিতানত অকণিহঁতৰ সাধু, কবিতা আদি প্ৰকাশ পাইছিল। নৱকান্ত বৰুৱাৰ পিছতয়'জোনবাই'-ৰ সম্পাদক হৈছিল ক্ৰমে নন্দ তালুকদাৰ আৰু নৰেন শৰ্মা। ষষ্ঠ বছৰ চতুৰ্থ সংখ্যা(১৯৬৫) প্ৰকাশৰ পিছতে 'জোনবাই' মাৰ যায়।
ইয়াৰ পাছতে জাহিদ চৌধুৰী সম্পাদিত 'মইনা'(১৯৬২),  হলধৰ শৰ্মাৰ 'ন-জেউতি'(১৯৬৫), জগত চেতিয়াৰ 'আমাৰ ঘৰ' (১৯৬৫), জনছ্ মহলীয়াৰ 'নতুন বেলি' (১৯৬৭), ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ 'বাল্য-জ্যোতি' (১৯৬৮), দেৱযানী চলিহাৰ 'ভাইটি-ভনীটি' (১৯৬৮), সুৰেশ চন্দ্ৰ ৰাজখোৱাৰ 'ৰ'দালি' (১৯৬৯), ৰুচিনাহা শৰ্মা আৰু অশ্বিনী কুমাৰ শৰ্মাৰ যুটীয়া সম্পাদনাত 'কাকলি'(১৯৭২), হেম বৰুৱাৰ 'সেউতী', অৰুণ শৰ্মাৰ 'সেউজী সেউজী', কণিকা ৰাণী ভূঞাৰ 'চেমনীয়া'(১৯৭৭), পৰেশ চন্দ্ৰ বৰুৱাৰ 'কিশোৰ', দীপক দত্ত আৰু বুবুল বৰদলৈৰ 'ৰূপবন'(১৯৭৬), নগেন বৰাৰ 'জোনতৰা', সূৰ্যকুমাৰ ভূঞাৰ 'মইনা (১৯৭৯), বদন বৰুৱাৰ 'ৰুণজুন' (১৯৭৯), ৰহিমা হকৰ 'ফুলকলি' (১৯৭৯), প্ৰীতি বৰুৱাৰ 'আকাশ' (১৯৭৯) আদি কেইবাখনো শিশু আলোচনী আকৰ্ষণীয় ৰূপত ওলায় আৰু জনপ্ৰিয়তা অৰ্জন কৰিও শেষত মৃত্যুৰ মুখত পৰে।  ১৯৭৯ চনৰপৰা মাদ্ৰাজৰ(চেন্নাই) 'চান্দমামা'-ৰ অসমীয়া সংস্কৰণ প্ৰকাশ পায় আৰু বৰ্তমানলৈকে ই নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে।

৪) মুকুতা :- ১৯৭৯ চনত উদযাপিত আন্তৰ্জাতিক শিশু বৰ্ষৰ এক প্ৰস্তাৱ অনুসৰি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত মাহেকীয়া শিশু আলোচনী 'মুকুতা' প্ৰথম প্ৰকাশ হয় ১৯৮৭ চনত।  'মুকুতা'-ৰ সম্পাদক আছিল কূমুদ গোস্বামী। শিশুৰ মনোৰঞ্জন আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে প্ৰকাশিত 'মুকুতা'-ৰ আয়ুস অৱশ্যে দীঘলীয়া নহয়। ১৯৮৮ চনত আলোচনীখনৰ অকাল স্মৰণ হয়। ২০১২ চনৰপৰা 'মুকুতা' পুনৰ প্ৰকাশ হৈছে।

৫) সঁফুৰা :- কুৰি শতিকাৰ আশীৰ দশকটোত অসমীয়া শিশু সাহিত্যৰ জগতলৈ শিশু আলোচনীৰ এক অভূতপূৰ্ব ধন আহে। ইয়াৰ দুপাৰৰ পলসত অসমীয়া শিশু সাহিত্যয়ো ঠন ধৰি উঠিবলৈ প্ৰয়াস কৰে। এইটো দশকতে কেইবাখনো শিশু আলোচনীয়ে উজ্জ্বল প্ৰস্তুতি আৰু প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ তথা বিস্তাৰ লাভ কৰে। ১৯৮২ চনত প্ৰকাশ পোৱা এখন উৎকৃষ্ট শিশু আলোচনী হ'ল 'সঁফুৰা'। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এইখন আলোচনীয়ে কম দিনৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে। বিষয়বস্তুৰ দিশৰপৰা 'সঁফুৰা'-ই গতানুগতিকতা পৰিহাৰ কৰিব নোৱাৰিলেও 'আশাকৰোঁ তোমালোক সকলো ভালে আছা', 'মহাদুষ্টৰ দুষ্টবুদ্ধি', 'সঁচাও নহয় মিছাও নহয়', 'ঘৰত কৰিবলৈ কআম দিছোঁ' আদি শিতানে আলোচনীখনৰ নতুনত্ব বহন কৰিছিল। তদুপৰি'সঁফুৰা'-ৰ কবিতা শিতানটোৰো এক সুকীয়া আসন পৰিলক্ষিত হয়। অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধনত এইখন আলোচনীৰ বিশেষ অৰিহণা আছে। গুৱাহাটীৰপৰা প্ৰকাশিত এইখন আলোচনীৰ প্ৰকাশ ১৯৯৬ চনত বন্ধ হয় যদিও ২০০২ চনৰ মাৰ্চ মাহৰপৰা 'সঁফুৰা' পুনৰ প্ৰকাশিত হৈ আছে।


৬) মৌচাক :- শিশু আলোচনীৰ ভিতৰত বৰ্তমানে সৰ্বাধিক প্ৰচাৰিত আৰু অকণিহঁতৰ মাজত অতিকৈ জনপ্ৰিয় আলোচনীখন হ'ল 'মৌচাক'(১৯৮৪)। শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰপৰা প্ৰকাশিত 'মৌচাক'-এ ইতিমধ্যে জনপ্ৰিয়তাৰ তুংগত আৰোহণ কৰিছে। জন্মলগ্নৰেপৰা গতানুগতিক বিষয়বস্তুৰপৰা আঁতৰি গৈ অসমীয়া শিশু আলোচনীৰ জগতত সাহিত্য আৰু সংবাদধৰ্মী শিশু উপযোগী লেখাৰ সু-সমন্বয় ঘটাবলৈ আলোচনীখনে প্ৰয়াস কৰি আহিছে। আৰম্ভণিৰেপৰা অত্যাধুনিক অফছেট ছপাৰে প্ৰকাশ হৈ অহা অসমৰ প্ৰথমখন শিশু আলোচনী 'মৌচাক'-ৰ বিপুল জনপ্ৰিয়তা আৰু সৰ্বাধিক প্ৰচলনেই হ'ল আলোচনীখনৰ মানদণ্ডৰ এক নিৰ্ণেয়সূচক স্তম্ভ। অকণিহঁতৰ মানসিক উৎকৰ্ষ সাধন আৰু আনন্দবৰ্ধনত 'মৌচাক'-ৰ বৰঙনিৰ প্ৰমাণ ইয়াৰ জনপ্ৰিয়তাই দিয়ে। আলোচনীখনৰ কেইটামান জনপ্ৰিয় শিতান/ৰচনা হ'ল :- 'আমি কেনেদৰে পঢ়িছিলোঁ', 'এণ্ডি খুড়াৰ সমিধান', 'অ' বিদেশী বন্ধু', 'ৰবীন পখীৰ কাকলি' আদি।
আশীৰ দশকটোতে প্ৰকাশ পোৱা আন কেইখনমান শিশু আলোচনী হ'ল :- দুলাল চন্দ্ৰ বৰঠাকুৰ সম্পাদিত 'ককাদেউতা'(১৯৮৪), ৰঞ্জু হাজৰিকাৰ 'কণ কণ' (১৯৮৬), শান্তনু কৌশিক বৰুৱাৰ 'ঐক্যতান' (১৯৮৭), ভাগ্যলক্ষ্মী মহন্তৰ 'মইনা' (১৯৮৭), দীনেশ বৈশ্যৰ 'জ্ঞান-বিজ্ঞান'(১৯৯০) আদি।


উল্লেখিত জনপ্ৰিয় আলোচনীৰ উপৰিও অসমৰ আন কেইখনমান শিশু আলোচনী হ'ল :-
লাৱণ্য গোস্বামীৰ 'ৰং-বিৰং'(১৯৮৮), গকুল বৰপূজাৰীৰ 'সুৰুজ'(১৯৮৯), ঊষা ডেকাৰ 'চন্দ্ৰমা'(১৯৮৯), পূৰ্ণিমা কোঁৱৰৰ 'ৰ'দালি'(১৯৯০), বুবুল চন্দ্ৰ ডেকাৰ 'ফুলনি'(১৯৯০, লখিমপুৰ), কুমাৰ নিৰঞ্জনৰ 'জ্ঞানকোষ'(১৯৮৯), শৰৎ ৰাজখোৱাৰ 'জ্ঞানোদয়'(১৯৯০), বেদান্ত কুমাৰ বৰাৰ 'মৌকোঁহ'(১৯৯০) নলিনীপ্ৰভা ডেকাৰ 'ফুল'(১৯৮৭) অসম বিজ্ঞান সমিতিৰ 'বিজ্ঞান জেউতি'(১৯৬১), ৰাজ্যিক বিজ্ঞান সংস্থাৰ 'বিজ্ঞান সঁফুৰা' (১৯৮৭),  শান্তনু তামুলীৰ 'নতুন আৱিষ্কাৰ'(১৯৮৮), ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ 'দৃষ্টি'(১৯৮৪), 'অকণিৰ অগ্ৰদূত', অৰুণ ভাগৱতীৰ 'ৰংমেলা' ইত্যাদি।
১৯৯১ চনৰ চেপ্তেম্বৰ মাহত হোমেন বৰগোহাঞিৰ সম্পাদনাত কিশোৰ পাঠকৰ বাবে 'কিশোৰ' নামেৰে এখন মাহেকীয়া আলোচনীয়ে আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিছিল যদিও ১৯৯২ চনত আলোচনীখনৰ অকাল স্মৰণ হয়।
বৰ্তমান অসমত প্ৰকাশ হৈ থকা শিশু/কিশোৰ আলোচনীৰ ভিতৰত সততে নাম ল'ব পৰা আলোচনীকেইখন হ'ল― অকণিৰ অগ্ৰদূত, জিজ্ঞাস, ৰংমন, নতুন আৱিষ্কাৰ, বাৰ-ওঠৰ, মুকুতা, প্ৰজ্ঞা, সঁফুৰা, মৌচাক, সৃজন, ৰংমেলা, হিয়াৰ ৰামধেনু ইত্যাদি।

দিপিকা ডেকা

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

2 comments:

  1. ধন্যবাদ পঢ়ি বহুত ভাল লাগিল ।।

    ReplyDelete
  2. ধন্যবাদ।পঢ়ি উপকৃত হ'লো। অসমীয়া শিশু আলোচনীৰ সম্বন্ধে বহু নজনা কথা জানিলো।

    ReplyDelete