Thursday, April 26, 2018

চৰকাৰী বিদ্যালয়


শুনাছোন শুনা, কনমানি হ’ত
শুনা এই ককাইৰ আদেশ,
অহাবাৰলৈ সকলো এৰিথৈ
চৰকাৰী স্কুলত কৰা প্ৰবেশ৷

বিনামুলীয়া সমাবেশ পাবা
আৰু বিনামুলীয়া ভোজন,
বিনামুলীয়া কিতাপো পাবা
টেট পাছ কৰা গুৰুজন৷

ছাত্ৰ বৃত্তি আৰু চাইকেল পাবা
দিব নালাগে পৰীক্ষাৰ মাচুল,
আহল বহল শ্ৰেণীকোঠা পাবা
আটক ধুনীয়া চৰকাৰী স্কুল৷

আহল বহলকৈ খেলপথাৰত
খেলিবা নানা-তৰহৰ খেল,
শনিবৰীয়া চ’ৰাত গীত-মাত চলে
নাচি বাগি গাই মইনাৰ মেল৷

চাৰিওফালে স্বচ্ছতা দেখিবা
পৃথকে পৃৃথকে আছে শৌচালয়,
খোৱা পানীৰ সু-ব্যৱস্থাও আছে
অতি চেনেহৰ এয়া বিদ্যালয়৷

প্ৰতিটো পুৱাতে প্ৰাৰ্থনা-ব্যায়াম
চাৰি মুল্যায়ণে পূৰ্ণ হয় দীক্ষা,
সহ-বিদ্যায়তনিক বহু দিশ সামৰি
সময়ে সময়ে হয় স্বাস্থ্য-পৰীক্ষা৷

বিনামুলীয়াকৈ অত বোৰ সুবিধা 
টকা-পইছাৰ নাই প্ৰয়োজন,
অনাগত দিনত চৰকাৰী স্কুলত
সকলো মিলি কৰা ভৰ্তিকৰণ৷

(বি:দ্ৰ:- #গুণোৎসৱে অসমৰ শিক্ষা ব্যৱস্থাটোক নতুন দিগন্তলৈ আগবঢ়াই নিব বুলি আশাবাদী হৈ কবিতাৰে মনৰ ভাৱ প্ৰকাশ কৰিলো৷ 
সকলোৱে share কৰক৷ বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ লগত জড়িত থকা সকলে নিশ্চয় Share কৰক৷ কবিতাটি অসমৰ মাননীয় শিক্ষামন্ত্ৰী Himanta Biswa Sarma লৈ অতি শ্ৰদ্ধাৰে নিবেদিলো৷)

                                                                                                    ভাস্কৰ জ্যোতি দাস


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: