অসম দাপোণ — অসমক প্ৰতিনিধিত্ব কৰা দাপোণত আমাৰ উঠি অহা লৰা-ছোৱালীৰ প্ৰতিবিম্ব ফুটি উঠক। দাপোণত লিখিবলৈ বহি ভাবিছোঁ কি লিখোঁ! নিজকে দেখা দাপোণখনে ভৱিষ্যতলৈ অনেক দাবী কৰিব। মইনাহঁত, তোমালোকে জানানে যে পিতৃ-মাতৃৰ পিছত আটাইতকৈ বেছি প্ৰভাৱশীল ব্যক্তি কোন? উত্তৰটো ময়েই দিছোঁ
। এতিয়া নামানিলেও জীৱনত এটা সময় আহিব, তোমালোকে স্বীকাৰ কৰিবই লাগিব যে সৰু কালৰ শিক্ষককেইজনেই জীৱনটোক গতি দিয়াত পিতৃ-মাতৃতকৈ বেছি গুৰুত্বপূৰ্ণ।
আমাৰ লৰা-ছোৱালীবোৰৰ চৰিত্ৰ গঠনৰ বাবে কি প্ৰয়োজন? হওঁতে বহুত কিবাকিবিৰ প্ৰয়োজন। এজন সুস্থ মনৰ গৰাকী হোৱা সহজ কাম নহয়। তাকে পাবলৈ ভাল পৰিৱেশ, আদৰ্শ গুৰু, আদৰ্শ পঠনীয় পাঠ, দায়িত্বশীল অভিভাৱক, অভ্যাস এই আটাইবোৰৰে প্ৰয়োজন। প্ৰথমে লাগিব শিকিবলৈ আগ্ৰহ। আগ্ৰহী মন একোটাই নিজৰ পথৰ পৰা বিচলিত হবলৈ নিদিয়াকৈ ৰাখিব। সময়ত তোমালোকৰ মাজতে আমি একোজন বলিষ্ঠ চৰিত্ৰৰ চিন্তাশীল-জ্ঞানী-গুণী মানুহ পাম। আজিৰ দিনত আমাৰ সমাজত সজ, সৎ নীতিবান মানুহৰ বৰ অভাৱ অনুভৱ কৰোঁ। তথাপিও ভাবোঁ, একোটা সঁচা কথাক যেনেকৈ পৃথিৱীৰ আটাইবোৰ মিছা লগ খায়ো মিছা কৰিব নোৱাৰে, ঠিক তেনেকৈয়ে এই বিৰল ভাল শিক্ষক নামৰ প্ৰজাতিৰ সজ, সৎ নীতিবান চৰিত্ৰৰ এমুঠি মানুহৰ বাবেই আমাৰ মাজত ভাল গুণবোৰ জীয়াই থাকি মানুহৰ কল্যাণৰ কাৰণে চিন্তা কৰা কেইবামুঠিও ভাল মানুহ সৃষ্টি কৰে।
আজিও প্ৰাসংগিক হৈ থকা বিষ্ণু শৰ্মা নামৰ লেখক এজনৰ কথা কবলৈ মন গল। তেখেতে তাহানিতেই ‘পঞ্চতন্ত্ৰ’ নামৰ কিতাপ এখনৰ জৰিয়তে ৰূপকৰ ৰূপত একোটা জন্তুৰ মুখেৰে একোটা সাধু কৈছিল। মূল কিতাপখন সংস্কৃত ভাষাত লিখা। এই কিতাপখন ভাৰতীয় প্ৰতিটো ভাষালৈ অনুদিত হৈছে। এইবোৰ বৰ পুৰণি কথা। সাধুবোৰৰ মূল কাহিনীত এটা সংবাদ থাকে। মানুহৰ চৰিত্ৰক লক্ষ্য কৰি লিখা কিতাপখন যিবিলাক আজিও অপ্ৰাসংগিক হৈ পৰা নাই। ভাবিছোঁ, ময়ো এটা সাধু ক’ম। আমাৰ ভাওনাত যিদৰে সূত্ৰধাৰ নামৰ এটা চৰিত্ৰ সদায়েই থাকে, যি চৰিত্ৰই মূল কাহিনী অংশ সংক্ষিপ্ত ৰূপত সুৰ দি গাই শুনাই দৰ্শকক আগতীয়াকৈ জনাই লয়; ঠিক তেনে দৰেই আমাৰ সমাজৰ মাজলৈ বাৰ্তাবাহক ৰূপত একোটি চৰায়ে বাৰ্তা কঢ়িয়াই আছে। আমাক মাথোন নিজা দৃষ্টিভঙ্গী লাগে বুজি পাবলৈ, জানিবলৈ আৰু সেই বাৰ্তাক কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ আগ্ৰহ আৰু অভ্যাস লাগিব। আমি প্ৰকৃতি বুলি কলে কি বুজোঁ, তাকে জানিবলৈ প্ৰকৃতিৰ বিভিন্ন উপাদানক চিনি পাবই লাগিব। আমাৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ তাতহে।
মানুহ জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। যুক্তিৰ খাতিৰত বহু তৰ্ক, বাদানুবাদ কৰিব পাৰি। আমি তেনে দিশলৈ নগৈ চিন্তা কৰিব পৰা, মানৱীয় আধাৰৰ দৃষ্টিকোণৰ পৰা মানুহক জীৱশ্ৰেষ্ঠ বুলি কৈ লৈছোঁ। মানৱীয় গুণৰাজি এতিয়া বিস্মিত ৰূপত নোহোৱা হৈ আহিছে। দয়া, মমতা, মৰম, ভালপোৱা, প্ৰেম, কৰুণা ইত্যাদি গুণবোৰ বস্তুবাদী আকৰ্ষণে মানুহৰ হৃদয়ৰ পৰা নোহোৱা কৰি আনিছে। এইবোৰ আমি মন কৰিছোঁনে নাই, সেইটো আন কাৰো নহলেও জীৱ-জন্তুবোৰে মন কৰি আছে। আমি কৰা কামবোৰে প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত আটাইবোৰে জীৱকুললৈ বিপদ মাতি অনা কথাবোৰ মানুহে বুজিও নুবুজাৰ দৰে, জানিও নজানাৰ ভাও দিছে। তাকে দেখি এটা দহিকতৰা পৰিয়ালৰ কথোপকথনখিনি শুনক।
পূব আকাশত সূৰুজে ফেঁহুজালি দিছে। মাঘ সোমাইছে। উৰিব পৰা হোৱাৰ পিছতেই মাক-দেউতাকক এৰি অহা ডেকা দহিকতৰা এটাই গছৰ ডালত বহি গীত জুৰিছে। টুই টুই টুইট, টুই টুই টু-ই-ট, টু-ই-ট, টু-ই-ট।
মনে খোৱা দহিকতৰাজনীয়েও সঁহাৰি জনাই গীত যোৰে। পিউ, পিউ, পিউট, পিউ, পিউ, পিউট।
যেন কৈছে — ফাগুণ সমাগত। আহা, আমি সখী পাতোঁ। আমাক অৰ্পণ কৰা এক গধুৰ দায়িত্ব পালনৰ বাবে সাজু হওঁ। আমি আমাৰ বংশ বৃদ্ধি কৰি বিভিন্ন কীট-পতঙ্গ খাই পৃথিৱীক আৰু মনোমোহা কৰি তোলোঁ।
ওঁ, হয় দেই আমি খোৱা বহুত পোক দেখোন খেতি-পথাৰৰ শস্য খাই তহিলং কৰা পোক।
হলে কি হব? আমিনো তেনে পোকবোৰ খায়ে জীয়াই থাকোঁ। নিৰ্দিষ্ট গছবোৰ থাকিলেহে পোকবোৰ থাকিব।
এইটো কথা মানুহবোৰে বুজি পালেহে মংগল।
কথাষাৰ কিয় কলা, মই বুজি পাইছোঁ। ক’তনো বুজিব। ষ্প্ৰেয়াৰ মেচিন লৈ দৰব মৰা কোব দেখিলে ভয়েই লাগে; আমি জীয়াই থাকিমনে!
লগতে মানুহবোৰৰ গছ কটাৰো কোব দেখিছানে? যিটো হাৰত গছ কাটিছে, সেইটো হাৰত গছ ৰোৱা নাই। অসমত ফ'ৰলেন আহিলত আপদেই আহিল। ফ'ৰলেন মানুহক লাগিবই। ফৰলেন বনাবলৈ ৰাস্তাৰ দাঁতিৰ গছবোৰ কাটিলি, পিচে নতুনকৈ ৰোৱাৰ চিন্তা কিয় নকৰিলি? সময়ত সেইবোৰেই প্ৰকৃতিৰ ভাৰসাম্য ৰাখিলেহেঁতেন। এটা দিন আহি আছে — আমি পোক খোৱা গোটেই পক্ষী কুলটোৱেই খাবলৈ নাপাই মৰিম।
সৌৱা, চোৱা। সৌ মইনাটোৱে কেনেকৈ ৰ লাগি আমালৈ চাই আছে।
ওঁ মই মন কৰিছোঁ। মইনাটোৱে আমাৰ কথাবোৰেই গীত বুলি শুনিছে। আমাৰ চৰাইৰ মাতবোৰ সকলোৰে সুমধুৰ নহলেও আমাৰ গীত শুনি সকলোৱে ভাল পায়।
আমি যেতিয়া গীত গাওঁ, তেতিয়া প্ৰকৃতিৰ ঘূৰ্ণীয়মান ঋতুবোৰৰ আগজাননী দিওঁ। আমি ইয়াতেই থাকোঁ। অথচ মানুহে
লোচন শইকীয়া
উদ্যান বিভাগ
অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট-১৩
0 Please Share a Your Opinion.: