Monday, April 30, 2018

লিমাৰিক


(১)
মানৱ সম্পদ  তুমি আমাৰে ভৰসা ,
নিজক চিনি পাবলৈ শিকা মাতৃভাষা।
শিশু তুমি অসমীয়া ,
নাম হব  যুগমীয়া;
অ-আ-ক-খ আখৰত দেখোঁ সেই আশা।।

(২)
নুবুজি আওঁৰালে ভাটৌৰ মিঠা মাত ,
হাঁহিব সমনীয়াই নিকটাই দাঁত ।
আশাৰ পদুম কলি,
তুমি অসমৰ ছলি ;
মাতৃভাষাৰ সুধা পি শক্তি আনা গাত।।

 (৩)
বিলাতৰ  ভাষাৰে জগত চিনি  পাই
সময়ৰ লগত তুমি  যাবা আগুৱাই।
কৰোঁ মই  অভিমান
ভাষা মোৰ স্বাভিমান ,
জনাবা জগতক বুকুত হাত থই ।।

প্ৰাণতোষ সূত্ৰধৰ
(টোকা:  ছলি শব্দটো অসমৰ নামনি অঞ্চলত ব্যৱহৃত শব্দ ৷  শিশু,লৰা-ছোৱালী বুজায়)



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: