Wednesday, April 25, 2018

কবিতা আবৃত্তি সম্পৰ্কে জানিবলগীয়া কিছু কথা


কবিতা আবৃত্তি সম্পৰ্কে জানিবলগীয়া কিছু কথা 

        কবিতা এটা সকলোৱে পাঠ কৰিব পাৰে; কিন্তু সকলোৱে আবৃত্তি কৰিব নোৱাৰে বা নাজানে ৷ আবৃত্তি হৈছে এক কণ্ঠ কলা ৷

মঞ্চত কবিতা এটা আবৃত্তি কৰি সফলতা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক  চৰ্তসমূহ হৈছে:-

(১) কবিতাটোৰ ভাৱ আৰু অৰ্থ হৃদয়ংগম কৰি কবিতাটো মুখস্থ কৰাটো কবিতা এটা আবৃত্তিৰ প্ৰথম চৰ্ত ৷ কাৰণ কবিতাটো মুখস্থ নাথাকিলে আবৃত্তিকাৰে মঞ্চৰ পৰা শ্ৰুতা-দৰ্শকৰ লগত প্ৰত্যক্ষ দৃষ্টি সংযোগ কৰাত ব্যৰ্থ হয় ৷


(২) শব্দৰ শুদ্ধ উচ্চাৰণ কবিতা এটা আবৃত্তিৰ সফলতাৰ মূল উপজীব্য ৷ প্ৰতিটো শব্দৰ ধ্বনিয়ে শ্ৰুতাৰ কাণত অনুৰণিত কৰিব পাৰিব লাগিব ৷

(৩) যতি-বিৰাম, দাড়ি, কমা, প্ৰশ্নবোধক চিহ্নসমূহৰ সফল ৰূপত প্ৰয়োগ কৰা ৷

(৪) ধ্বনি, আৱেগ, অনুভূতি আদি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব ৷ অন্যথা শ্ৰুতা-দৰ্শকে বিৰক্তি পোৱাটোহে স্বাভাৱিক ৷

(৫)কবিতা আবৃত্তিৰ বাবে আন এটা গুৰুত্বপূৰ্ণ চৰ্ত হ’ল আবৃত্তিকাৰে কণ্ঠৰ উত্থান-পতনেৰে বিষয়ভিত্তিক চিত্ৰকল্পক প্ৰাণৱন্ত কৰি তোলা ৷

(৬) মঞ্চত কবিতা আবৃত্তিৰ এটা অন্যতম চৰ্ত হ’ল- মৌখিক অভিব্যক্তি প্ৰকাশ কৰিবলৈ যাওঁতে সাৱলিলভাৱে ডিঙি আৰু মুখমণ্ডল সঞ্চালন কৰাৰ বাহিৰে হাত-ভৰি জোকাৰি বা নৃত্য কৰি কবিতা আবৃত্তি কৰাটো একেবাৰে নিষিদ্ধ ৷

বহুক্ষেত্ৰত দেখা পাওঁ কিছু অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীয়ে অজ্ঞতাৰ বাবে নিজৰ সন্তান বা ছাত্ৰ-ছাত্ৰীক কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ মঞ্চলৈ হাত-ভৰি জোকাৰি কবিতা আবৃত্তি কৰিবলৈ শিকাই পঠিয়াই যাৰ ফলত পুৰস্কাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হবলগীয়া হয় ৷ অৱশ্যে বিচাৰকেও কেতিয়াবা তেনে প্ৰতিযোগিক পুৰস্কাৰৰ বাবে বাছনি কৰা দেখা পাওঁ ৷
 ই আচলতে বিচাৰকৰ কবিতা আবৃত্তিৰ সম্পৰ্কে থকা জ্ঞানশূন্যতাৰ পৰিচয়ৰ বাহিৰে আন একো নহয় ৷

শেষত কব বিচাৰিছোঁ আবৃত্তি হৈছে ভাষা শিক্ষাৰ এক উৎকৃষ্ট আহিলা ৷ গতিকে শিশুসকলে কবিতা আবৃত্তি কৰিবলৈ  শিকাব মনোনিৱেশ কৰিব লাগে ৷ প্ৰয়োজনত অভিজ্ঞজনৰ দিহা-পৰামৰ্শ লোৱা উচিত ৷
🖋 পলাশ বৰগোহাঞি


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: