Wednesday, September 5, 2018

অসমীয়া শিশু-সাহিত্য আৰু ইয়াৰ ভূমিকা


শিশুৰ মানসিক, বৌদ্ধিক, শাৰীৰিক, চাৰিত্ৰিক আদি বিকাশত শিশু-সাহিত্যৰ ভূমিকা অসীম। শিশুৰ চৰিত্ৰ, বয়স, ভাষা,
বোধ-ক্ষমতা ইত্যাদি  মনস্তাত্ত্বিক দিশলৈ লক্ষ্য কৰি ৰচনা কৰা এই সাহিত্যই শিশুৰ জীৱনত উল্লেখনীয় প্ৰভাৱ পেলায়। লিপি শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰা পূৰ্ণ পাঠ পঠনৰ ক্ষমতা অৰ্জন কৰালৈ শিশু-সাহিত্যই কেইবাটাও স্তৰ অতিবাহিত কৰিলেও শিশুৰ বোধ শক্তিৰ প্ৰতিও বিশেষ নজৰ দিবলগীয়া হোৱা গুণেই শিশু-সাহিত্য ৰচনা অতি কঠিন। তাৰ উপৰি বিষয়বস্তু নিৰ্বাচনো এই ক্ষেত্ৰত এক গুৰুত্ব দিবলগীয়া বিষয়। এই সমস্ত দিশেৰে চাবলৈ গ'লে পৃথিৱীৰ অন্যান্য দেশতকৈ ভাৰতীয় শিশু-সাহিত্য বিশেষ আগবঢ়া নহয়। বিশেষকৈ ইংৰাজী শিশু-সাহিত্যবোৰত প্ৰাপ্য বহুৰঙী চিত্ৰ, উন্নত কাগজ, ছপাৰ কৌশল আৰু আৰ্হি, বিষয়বস্তু নিৰ্বাচন,যেনে— জন্তু-মানুহৰ একত্ৰীকৰণ, শিশুৰ খেলৰ সামগ্ৰীকে মানৱ-চৰিত্ৰলৈ ৰূপান্তৰ আদি ক্ৰিয়াকলাপে শিশুসকলক অতি আকৰ্ষিত কৰে। সেয়ে বিদেশী   শিশু-সাহিত্যৰ আদৰ ভাৰতত বেছি। সম্প্ৰতি বিভিন্ন বৈদ্যুতিন মাধ্যমে বিদেশী শিশু-সাহিত্য আৰু অন্যান্য শিশুমন বিকাশক উপাদানসমূহৰ প্ৰচলনে ভাৰতত জনপ্ৰিয়তা লাভ কৰিছে।
    উক্ত দৃষ্টিভংগীৰে অসমীয়া শিশু-সাহিত্যৰ স্থান বহু পিছপৰা বুলিয়েই ক'ব লাগিব। তথাপি শিশু মনস্তত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি ভালেমান লেখকে এই সাহিত্যৰ ৰচনাত মনোনিৱেশ কৰিছে। শিশুৰ মনোৰঞ্জনৰ মূল আহিলা ৰং-বিৰঙৰ ছবি, শব্দ-ধ্বনি, শব্দ-যোজনা, ছন্দ-লয়যুক্ত বৰ্ণনা আদিৰে ৰচনা কৰা পুথি সম্প্ৰতি কিছুসংখ্যক ওলাইছে যদিও অভাৱ দূৰ কৰিব পৰা নাই। পুথিবোৰৰ অধিকাংশই প্ৰতিষ্ঠিত পৌৰাণিক কাহিনী ভিত্তিক। যিখিনি লেখকৰ নিজা সৃষ্টি, সেইবোৰো বেছিভাগেই দীৰ্ঘ বৰ্ণনাযুক্ত, যি শিশুৰ মনোগ্ৰাহী নহয়। শিশুৰ মানসিক আৰু চাৰিত্ৰিক বৈশিষ্ট্যলৈ লক্ষ্য কৰি বৰ্ণনা  সহজ আৰু সংক্ষেপ হোৱা প্ৰয়োজন।
     স্বাধীনোত্তৰ কালছোৱাত অসমীয়া শিশু-সাহিত্য ৰচনাকাৰীসকলৰ ভিতৰত প্ৰথমেই নাম ল'ব লাগিব অতুল চন্দ্ৰ হাজৰিকাদেৱৰ। তেখেতৰ জাতকৰ সাধু, কথা-কীৰ্তন, গ্ৰিমৰ সাধু, নীলা চৰাই আদি উল্লেখনীয় শিশু-পুথি। ইয়াৰ পিছতে বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, প্ৰসন্ন কুমাৰ ডেকা, নৱকান্ত বৰুৱা, মুক্তিনাথ বৰদলৈ, হাৰুনাৰ ৰছিদ, নিৰ্মলপ্ৰভা বৰদলৈ, নাৰায়ণ দত্ত বৰুৱা, অনন্তদেৱ শৰ্মা, কৃষ্ণকান্ত ভট্টাচাৰ্য্য, ভাৰতী দত্ত বৰুৱা, ধৰ্মেশ্বৰী কটকী, যতীন গোস্বামী, মুনীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, গগন চন্দ্ৰ অধিকাৰী, সুৰেন্দ্ৰ কুমাৰ দাস, সুৰেন গোস্বামী, এলি আহমেদ প্ৰমুখ্যে ভালেমান সাহিত্যিকে শিশু-সাহিত্যলৈ অৱদান যোগাইছে।
   এইবোৰৰ বহিৰেও চেগা-চোৰোকাকৈ সম্প্ৰতি বহুতো লেখকে বিভিন্ন আলোচনী আৰু কাকতত শিশুৰ বাবে ৰচনা আগবঢ়াই আছে। বেছিভাগ ৰচনাতে শিশুৰ মনস্তাত্ত্বিক দিশত থাকিবলগীয়া দৃষ্টি কম যেন বোধ হয়। তাৰ উপৰি প্ৰায়ে ৰচনাবোৰত থকা বৰ্ণাশুদ্ধি, ভাষা বিভ্ৰান্তি আদিয়ে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাৰো আশংকা কৰা যায়।
ৰঙীন আকৰ্ষণীয় চিত্ৰ, উন্নত মানৰ কাগজ, আকৰ্ষণীয় বেটুপাত আৰু মজবুত বন্ধা, আকৰ্ষণীয় ছপা আখৰ আদিৰ অভাৱেও অসমীয়া শিশু-সাহিত্যৰ মান নিম্নগামী কৰা দেখা যায়।
   শিশু-সাহিত্যৰ সীমাত শিশু-আলোচনীৰ গুৰুত্বও কম নহয়। কিন্তু এই ক্ষেত্ৰতো অসমীয়া শিশু-আলোচনীৰ অৱদান দুখলগা বিধৰ । ১৮৮৬ চনৰ পৰা ১৮৮৮ চনৰ ভিতৰত মাথোঁ‌ দুখন এনে আলোচনীয়েহে ভুমুকি মাৰে; সেই দুখন হ'ল 'মৌ' আৰু 'ল'ৰাবন্ধু'। ইয়াৰ পাছত বহু ব্যৱধানত ওলায়— 'অকণ' (১৯১৬), 'মইনা' (১৯১৬), 'অৰুণ' (১৯২৬), 'আমাৰ দেশ' (১৯৩১), 'পখিলা' (১৯৩১), 'ন-জোন' (১৯৩৪), 'অকণ' (১৯৩৫), 'পাৰিজাত' (১৯৪১), 'ৰংঘৰ' (১৯৪৮), 'দীপক' (১৯৫৫), 'জোনবাই' (১৯৬৮), 'ৰ'দালি' (১৯৭০), 'মৌচাক' (১৯৭৫) আৰু 'সঁ‌ফুৰা' (১৯৮১) ইত্যদি।
  বিদেশী বৈদ্যুতিন মাধ্যমসমূহে শিশুৰ শাৰিৰীক, মানসিক, বৌদ্ধিক আদি দিশত নানা কাৰ্য্যক্ৰমণিকাৰে গুৰুত্ব দি আহিছে যদিও অসমৰ বৈদ্যুতিন মাধ্যম, বিশেষকৈ দৃশ্য-শ্ৰব্য মাধ্যমসমূহৰ অৱদান শূন্য বুলিব লাগিব। অসমৰ কোনো এটা টিভি চেনেলে শিশুৰ শৈক্ষিক, বৌদ্ধিক, চৰিত্ৰ গঠনত গুৰুত্ব দি কোনো কাৰ্যসূচী গ্ৰহণ কৰা চকুত পৰা নাই।
   এই সমস্ত দিশে প্ৰতিপন্ন কৰে যে অসমত শিশুৰ উন্নয়নৰ বাবে প্ৰায় সকলো দিশতে অৱহেলা কৰা হৈছে। শিশুসকল দেশৰ ভৱিষ্যৎ আৰু সেয়ে তেওঁ‌লোকৰ শাৰীৰিক, মানসিক, নৈতিক আদি সমস্ত দিশৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ।

সুৰেন গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক।

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: