Wednesday, September 5, 2018

শিয়ালী এ' নাহিবি ৰাতি


বগা চাদৰ এখনেৰে কেঁচুৱাটো বুকুত বান্ধি মাণিক গেলামালৰ দোকানখনৰ আগত চাইকেলৰ পৰা নামিল। তাৰ বুকুত সোমাই থকা গুলপীয়া শৰীৰটোৱে অকণমান কেৰ্‌মেৰাই উঠিল ৷ পুনৰ এক আমেজত আকৌ চকু দুটা মুদি দিলে৷ শুই থকা কেঁচুৱাকণৰ নিষ্পাপ মুখখন চাই মাণিকৰ অন্তৰ ভৰি আহিল। 
"মচুৰ দাইলৰ নাম যেনেকৈহে বাঢ়িছে, ভয়েই খাইছোঁ অ’ ভবেন কাইটি৷ বনশাকৰ জোলহে খাবলৈ ল’ম আৰু৷
মাণিকৰ কথাত মিঠাতেল আধা লিটাৰ, ঢেলা চাবোন এটা আৰু চেনি এপোৱা কিনি বেগত ভৰাই ভবেনে হয়ভৰ দিলে- "অকল দাইলৰহে দাম হৈছে নে বাকীবোৰ বস্তু একা ? জুই লাগিছে অ’… জুই বজাৰত৷"
"এৰা আমাৰ দৰে দিন হাজিৰা কৰা মানুহে এদিন কাম নকৰিলেই ভোকত মৰিব লাগিব৷"
দোকানৰ আগত কথা চোবাই থকা মাণিক আৰু ভবেনলৈ ঠগী দোকানীয়ে পোন্দোৱাকৈ চাই পঠিয়ালে৷ এনেকৈ আড্ডা মৰাটো ঠগীয়ে ভাল নাপায়৷ সেইকাৰণে দোকানৰ আগত বহিবলৈও একো সুবিধা কৰি থোৱা নাই৷ অভিজ্ঞতাৰ পৰা বুজি উঠিছে ঠগীয়ে- যিবোৰ দোকানৰ আগত বেঞ্চত বহি গ্ৰাহকে ভৰি জোকাৰি আড্ডা মাৰে, সেইবোৰ দোকানলৈ মানুহ কমকৈ আহে৷ বিড়ি-চিগাৰেট খাই কিৰিলিয়াই মানুহ এজাক বহি থকা দোকানলৈ কোন ভদ্ৰ মানুহ বজাৰ কৰিবলৈ আহিব!
"অ’ই মাণিক, দোকানৰ ভিতৰলৈ সোমাই নাহ কিয় ? আবেলিৰ ৰ’দচেৰেঙা তোৰ কোলাত থকা কেঁচুৱাৰ মুখতে পৰি আছে৷"
"যা মাণিক, বজাৰ কৰি ল৷ মই যাওঁ৷ গৰু-গাইকেইটাও বান্ধিবলৈ আছেই৷"
ভবেন কাইটি লৰালৰিকৈ গ’লগৈ৷
ঠগীৰ মাতত মাণিক দোকানৰ বাৰাণ্ডাখনত ৰ’লগৈ৷ আলু, পিঁয়াজ, হালধি‍, ঢেলা চাবোনৰ মিহলি গোন্ধ এটা আহি তাৰ নাকত লাগিলেহি৷ কেতিয়াবা মাণিকে সৰুকৈ গেলামালৰ দোকান এখন খোলাৰ কথাও চিন্তা নকৰা নহয়৷ কিন্তু দোকান খুলিবলৈ নাই কমেও দহ হাজাৰ টকা মূলধন হাতত লাগেই৷ তাৰ দৰে হাজিৰা কৰা মানুহৰ ওচৰত ক’ত ইমানখিনি টকা জমা হয়!
"কেঁচু্ৱাকণৰ কেইমাহ হৈছে অ’ মাণিক?"
"এবছৰ হ’বৰে হ’ল দাইটি৷"
"দেখাত কিন্তু নালাগে৷ মাকৰ বুকুৰ অমৃতকণ খাবলৈ নোপোৱা কেঁচুৱা দেহি৷"
মনলৈ আহি থকা কথাষাৰ ঠগীয়ে ঘপহ্‌কৈ কৈ পেলালে৷
*******
মাণিক আৰু তগৰৰ দহ বছৰীয়া সংসাৰখনলৈ আহি পোহৰাই তোলা গুলপীয়া কেঁচুৱাকণক লৈ দুয়োটাৰে আদৰ-যত্ন আৰু সপোনৰ অন্ত নাই৷ মাক-বাপেক হোৱাৰ আশা বাদেই দিছিল দুয়ো৷ কবিৰাজী, বনদৰব বহুত খালে৷ টাউনৰ ডাক্টৰক দেখুৱায়ো দৰব খালে৷ কিন্তু তগৰৰ শৰীৰলৈ আশা কৰাৰ দৰে পৰিৱৰ্তন নাহিল৷ কোলা নভৰিল তাইৰ৷
আৰু এদিন হঠাতেই দুয়োটাৰ জীৱনলৈ আহিল এই ঢক্‌ঢকীয়া বগা কেঁচুৱাকণ৷ দুখন গাঁৱৰ সীমাত থকা আঁহতজোপাৰ তলত কোনোবাই পেলাই থৈ যোৱা কেঁচুৱাকণক বুকুত সাৱটি আতোল্‌তোলকৈ লৈ আহিছিল তগৰে৷ নাম থ’লে ‘শেৱালী’৷ কাৰ কেঁচুৱা আৰু কোনে জন্মৰ পাছতে তেনেকৈ এৰি থৈ গ’ল, কোনেও গম নাপালে৷ মাথোঁ বহুত দিনলৈ এই বিষয়টো লৈ গাঁৱৰ তিনিআলিৰ আড্ডা আৰু বিয়নী মেলবোৰ গৰম হৈ থাকিল।
সেইদিন ধৰি মানুহহাল ব্যস্ত শেৱালীক লৈয়ে৷ সময় কেনেকৈ গৈছে, এটায়ো ক’ব নোৱাৰে৷ মাণিকে বুকুত শেৱালীক সাৱটি‍ যেনেদৰে ঘূৰি ফুৰে, সকলো আচৰিত হয়। পিতৃত্বৰ গৌৰৱেৰে উজ্জ্বল মুখখন তাৰ৷ শেৱালী দুয়োটাৰ বাবে সুখৰ এচেৰেঙা হাঁহি, কলীয়া ডাৱৰ ঠেলি ওলাই অহা এজাক ৰ’দ তাই।
*****
পলিঅ’ ৰবিবাৰ৷
কেঁচুৱা লৈ মাকবোৰ গাঁৱৰ ছাব্ চেণ্টাৰটোলৈ গৈছে৷ তগৰক অকলে নপঠাই মাণিকে৷ মানুহে হাঁহিলেও হাঁহক৷ সিও ওলাল, লগতে তগৰক চাইকেলৰ কেৰিয়াৰত বহুৱাই ল’লে‍। শেৱালি মাকৰ কোলাত টোপনি‍ত৷
দৰবৰ টোপাল দুটা শেৱালিৰ মুখত দি নাৰ্ছ বাইদেউৱে তগৰৰ ফালে চালে৷
"শেৱালিয়ে ভালদৰে খোৱা-বোৱা নকৰে নেকি তগৰ? স্বাস্থ্যটো বৰ ভাল দেখা নাই তাইৰ৷ ওজনটো জুখি দিওঁ আহাচোন৷"
******
নগৰৰ হস্পিটেলৰ কেঁচুৱা চোৱা ডাক্টৰজনৰ কোঠাৰ বাহিৰত এঘণ্টামান বহাৰ পাছতহে শেৱালিৰ নামটো মাতিলে৷ নাৰ্ছ বাইদেউৱে বুজাই পঠোৱা ঠিকনাতে আহিছে মাণিক আৰু তগৰ… শেৱালিৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ৷ অজান আশংকাত দুয়োৰে মন গধুৰ হৈ আছে৷ কিয় বাৰু নাৰ্ছ বাইদেউৱে ডাক্টৰৰ ওচৰলৈ পঠালে? শেৱালিৰচোন একো বেমাৰ-আজাৰো হোৱা নাই! তগৰে মনে মনে ভগৱানৰ নাম ল’লে৷
"বয়স কিমান বুলি ক’লে বেবি‍টোৰ ?"
কপাল থুপ খোৱাই সোধা ডাক্টৰজনৰ প্ৰশ্নত তগৰৰ বুকুখন কঁপি উঠিল৷ তাইৰ মাতেই নোহোৱা হ’ল৷
"ডেৰ বছৰেই হ’ব অহা মাহত ছাৰ৷"
মাণিকে উত্তৰ দিলে৷
"বিছনাত শুৱাই থ’লে হাত-ভৰি মাৰেনে? উবুৰি হৈছেনে?"
"মাৰে ছাৰ হাত-ভৰি৷ মাজে মাজে উবুৰিও হয়৷"
তাৰ পাছত আধা ঘণ্টা পৰীক্ষা-নিৰীক্ষা কৰি ডাক্টৰজনে কোৱা কথাকেইটাই মাণিক আৰু তগৰৰ সুখৰ পৃথিৱীখন ভাঙি-ছি‍ঙি চূৰমাৰ কৰি দিলে৷ চাদৰৰ আঁচলেৰে চকুপানী মোহাৰি শেৱালিক কোলাত লৈ ওলাই অহা তগৰৰ ফালে মাণিকে চাব পৰা নাই৷ চালেই যে তাৰো চকুপানী ওলাব!
মাণিকহঁতৰ গাঁও অভিমুখী মেজিকখনত বহি শেৱালিৰ ফালে হাতখন মেলি দিলে সি -"মই লওঁ দে দেহাক৷"
"নালাগে ময়েই লওঁ৷ পাৰিম ল’ব তাইক৷"
তগৰে শেৱালিক পৰম মমতাৰে আৰু জোৰেৰে বুকুত সাৱটি ধৰিলে৷
ডাক্টৰে কৈছে শেৱালি আন ল’ৰা-ছোৱালীবোৰৰ নিচিনা নহ’ব ডাঙৰ হ’লে৷ হয়তো তাই ভালকৈ খোজ নাকাঢ়িবও পাৰে৷ হয়তো তাই দেখাত ডাঙৰ হ’ব; কিন্তু ভিতৰি এজনী সৰু ছোৱালীৰ দৰেই হৈ থাকিব৷ বয়স অনুসৰি তাইৰ বিকাশ হোৱা নাই। কথাবোৰ বুজাত আৰু কোৱাতো অসুবিধা হ’ব পাৰে তাইৰ৷ কিন্তু তেওঁ আশা আছে বুলি কৈছে তাইৰ ভাল হোৱাৰ৷ তেখেতে গুৱাহাটীৰ ডাক্টৰ এজনৰ নাম-ঠিকনা লিখি দি তেওঁৰ ওচৰলৈ নি তাইক দেখুৱাবলৈ কৈছে৷
অপত্য স্নেহত মাণিকে মূৰটো লাহেকৈ মোহাৰি দিলে শেৱালিৰ৷ তাইক ভাল কৰিবলৈ সি সকলো কৰিব৷ হাৰ নামানে সি৷
মেজিকখন গৈ থাকিল আৰু দুলি দুলি গৈ থাকিল এহাল মাক-বাপেক৷


মৌচুমী বৰুৱা 
কলেজ ৰোড, সৰুপথাৰ
 (গোলাঘাট)
দূৰভাষ ৯১০১০৪১৬৩২


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: