ক্ৰমশঃ
আকাশখন এন্ধাৰ হৈ আহিল,
উতনুৱা কুটিল বতাহজাকত
কাৰোবাৰ আঁচল খহিল
তিৰবিৰাই জ্বলি উঠিল৷
দুটি তৰা;
এহালি চকুত চমকি উঠিল
তৰাৰ বিজুলী৷
মহাবিষ খহি পৰিল
সৌ বালিচাপৰিত
সৰগৰ পৰা,
অপৰাধ
পলকবিহীনতাত ডুব যোৱাৰ
বাবে৷
তৰা দুটিৰ উজ্জ্বলতাত
চমকি উঠাৰ বাবে৷
এয়াইতো অন্য এক
ষড়যন্ত্ৰ!
দেৱৰ সভাত মানৱৰ স্থান
কাৰোবাৰ বাবে অসহ্য
যন্ত্ৰণা!
.............................
যতিন বড়া
0 Please Share a Your Opinion.: