Wednesday, September 5, 2018

চান্দা


সমাজৰ কোনো সামূহিক শুভ কাৰ্য সম্পাদনৰ অৰ্থে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা হয় আৰু ইয়াকেই কোৱা হয় চান্দা । অৱশ্যে চান্দা আৰু দানৰ মাজত কিঞ্চিত পাৰ্থক্য নথকা নহয় । চান্দা কোনো এক আনুষ্ঠানৰ উদ্যোক্তাসকলে ৰাইজৰ মাজৰ পৰা সংগ্ৰহ কৰে । যি পৰিমাণৰ ধন দাতাগৰাকীয়ে আগবঢ়ায়, সেই পৰিমাণ চান্দা সংগ্ৰহকাৰীয়ে লিপিবদ্ধ কৰি ৰাখে আৰু দাতাগৰাকীকো ধন দানৰ প্ৰমাণস্বৰূপে এখন ৰছিদ  আগবঢ়ায়। কিন্তু দানৰ ক্ষেত্ৰত এনেদৰে তথ্য মজুত কৰা নহ'বও পাৰে। যেনে—  মন্দিৰ বা মছজিদ আদিৰ সন্মুখত থকা দানপাত্ৰত কোনে দান কৰে, তাৰ তথ্য ৰখা নহয় ।
বিভিন্ন সামাজিক কাম-কাজ সম্পাদনৰ বাবে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা হয়। মানুহে নিজৰ মনৰ সন্তুষ্টিৰে দান-বৰঙণি আগবঢ়ায় । কোনোৱে ঈশ্বৰৰ নামত, কোনোৱে দৰিদ্ৰ লোকক আৰু কোনো কোনোৱে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, যেনে—  বিদ্যালয়, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম বা বিভিন্ন সভা-সমিতি আদিলৈ বৰঙণি আগবঢ়াই মনত শান্তি অনুভৱ কৰে।
কিন্তু বৰ্তমান ই এচাম লোকৰ বাবে ক'লা ধন ঘটাৰ এক সহজ মাধ্যমতহে পৰিণত হৈছে । আজিৰ সমাজত এচাম শিক্ষিত নামধাৰী কুশিক্ষিত লোকে বিভিন্ন দল-সংগঠনৰ নামত ৰাইজৰ পৰা বৃহৎ
পৰিমাণৰ ধন দাবী কৰে আৰু ৰাইজে দিবলৈ অস্বীকাৰ কৰিলে বিভিন্ন ভাবুকি দিয়াও দেখা যায়।
কিছুমান সামাজিক কাৰ্য, যেনে—  বিহু, পূজা বা সভা-সমিতি আদিৰ বাবে উদ্যোক্তাসকলে ঘৰে ঘৰে গৈ ধন দাবী কৰাৰ উপৰি ৰাজপথত চলাচল কৰা বাহনৰ গৰাকীৰ পৰাও বলপূৰ্বকভাৱে ধন আদায় কৰা দেখা যায়। কিছুমান এনে উদ্যোক্তাও আছে, যি দাতাৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য নকৰাকৈয়ে এনে এটা পৰিমাণ দাবী কৰে, যিটো দান কৰাটো দাতাজনৰ পক্ষে একেবাৰে অসম্ভৱ।
উৎসৱ পালন আৰু সংগঠনৰ নামত একাংশ লোকে বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ সময় আৰু অৰ্থৰ ক্ষতি কৰা পৰিলক্ষিত হৈ আহিছে ।
চান্দা সংগ্ৰহ কৰা লোকৰ ভাব-ভাষা মাৰ্জিত হোৱা উচিত । যি পৰিমাণৰ ধন দাতাই স্বইচ্ছাৰে আগবঢ়ায়, চান্দা সংগ্ৰহকাৰীসকল তাতে সন্তুষ্ট হোৱা উচিত । কোনো লোকৰ ইচ্ছাৰ বিৰুদ্ধে আৰু সামৰ্থ্যতকৈ অধিক পৰিমাণৰ ধন দাবী কৰিলে ই চান্দা নহৈ দিন ডকাইতিতহে পৰিণত হয়। এনে ধৰণৰ ডকাইতিয়ে কোনো কোনো অঞ্চলৰ সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে । এনেদৰে ডাবী-ধমকী বা ভাবুকি দি সংগ্ৰহ কৰা ধনৰ সিংহভাগেই উদ্যোক্তাসকলৰ পকেট গৰম কৰে। কিছু অংশহে সামাজিক অনুষ্ঠানত ব্যৱহাৰ হয়।
সাধাৰণতে দেখা যায় যে মানুহে কষ্টোপাৰ্জিত ধন অবাবত খৰচ কৰিবলৈ টান পায়। কিন্তু এনেদৰে ঘটা ক'লা ধন অপব্যয় কৰাত অলপো কৃপণালি নকৰে । কাৰণ এই ধনত তেওঁলোকৰ কষ্ট জড়িত হৈ নাথাকে । সেয়ে এই ধৰণৰ লোকসকলে ৰাইজৰ কষ্টোপাৰ্জিত ধনৰ শৰাধ কৰি মদ খোৱা, ভাং খোৱা, জুৱা খেলা আদি কুকৰ্মত অপচয় কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে, যাৰ ফলত সমাজত দিনকদিনে অপকৰ্মৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। যেনে—  নাৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ কথা এইখিনিতে উল্লেখ কৰিব পৰা যায়। সাধাৰণতে নিচাযুক্ত বস্তু সেৱন কৰাৰ পাছত মানুহৰ মগজু বিকল হৈ পৰে। তেওঁলোকে কি কৰি আছে নিজেই গম নাপায়। গতিকে যি অপকৰ্ম তেওঁলোকে সজ্ঞানে নকৰিলেহেঁতেন, তেনে অপকৰ্ম নিচা সেৱন কৰাৰ পাছত কেতিয়া কৰি পেলায়, তেওঁলোকে নিজেই গম নাপায়।
সাধাৰণ জনতাই এনে ধৰণৰ লোকসকলৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদৰ ভয়ত সামৰ্থ্যতকৈ অধিক পৰিমাণৰ ধন আদায় দিবলৈ বাধ্য হৈ পৰে। ইয়ে সেইচাম লোকৰ লোভ-লালসা বৃদ্ধি কৰাত অৰিহণা যোগাইছে । তেওঁলোকে নিজকে ক্ষমতাশালী বুলি ভাবিবলৈ লৈছে।
বৰ্তমান তেওঁলোকৰ এই ভুল ভঙাৰ সময় আহি পৰিছে। ৰাইজে সাহসেৰে এনেবোৰ অপসংস্কৃতিৰ বিৰুদ্ধে থিয় নিদিলে সহজ-সৰল লোক এই কুকৰ্মবোৰৰ বলি হৈয়ে থাকিব লাগিব । গতিকে আমি এইচাম লোকৰ ভাবুকিক প্ৰশ্ৰয় নিদি সাহসেৰে আৰু বুদ্ধিৰে মোকাবিলা কৰা উচিত আৰু প্ৰশাসনেও এই বলপূৰ্বকভাৱে চান্দা তোলা কাৰ্যটো বন্ধ কৰি দিয়া উচিত। এনেদৰে আমি এই অপসংস্কৃতিবোৰ ৰোধ কৰিব পাৰিলে আওপকীয়াকৈ সমাজত ঘটি থকা আন কুকৰ্মবোৰক ৰোধ কৰাতো কিছু পৰিমাণে অৰিহণা যোগাবলৈ সক্ষম হ'ম।

বাব্‌লি‍ দেৱী, দৰং


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: