অৰ্জুন দাস
শেষ সীমনাত ৰৈ
তোমালোকলৈ উভতি চাইছোঁ।
হাড়ে-হিমজুৱে শিপাই থকা
পুৰাতন নৈখনক সুঁৱৰিছোঁ।
বায়ু,পানী আৰু বতাহ পায়ো
নীৰৱে শিল হৈছোঁ,
চকুলোত ভাহিছোঁ।
উটি হ'লে যোৱা নাই,
পুনৰ শুকাইছোঁ।
কাৰোবাৰ হাতৰ শুভ্ৰতাত
ভিতৰি জাগি উঠিছোঁ।
আৰু তোমালোকেও ৰৈ ৰৈ
মোলৈ চাই আছা
তোমালোকৰ চকুত
মই মাথোঁ অঘৰী শিলাখণ্ড।
ওপজা মাটিৰ উমনি ভাঙিব নোৱাৰি
দৃশ্যান্তৰ হোৱালৈ
চাইয়েই আছা---
মোৰ ক্ষুধাৰ্ত বাগৰবোৰলৈ।
-------
0 Please Share a Your Opinion.: