Wednesday, September 5, 2018

শিক্ষকসকললৈ


✍🏻দিগন্ত নিবিড়

মই একান্ত অন্ধকাৰত চটফটাই আছিলোঁ এসময়ত
আপোনালোক পোহৰ হৈ আহিছিল তেনেকুৱা এটা দিনতেই

আৰু তেতিয়াৰে পৰাই চাগে
শিক্ষকসকল এডাল মমবাতিৰ দৰে হ'ল

আপোনালোক গলি গ'ল
আমি গঢ় লৈ আহিলোঁ
সবল আৰু সযুক্তিৰে

মই যি শূন্য এটাৰ গঁড়ালত আবদ্ধ হৈ
অস্পৃশ্য কাহিনী এটাক ৰহন সানি
নিজৰ কৰিব খুজিছিলোঁ
আপোনালোকৰ মহৎ কথাই মোক
সেই কাহিনী এনেকৈ শিকালে যে
মই এতিয়া সেই শূন্যটোক বিশাল পৃথিৱী এখন বুলি উদযাপন কৰি আহিছোঁ

আপোনালোকৰ বাবেই আকাশ নীলা- বুজিলোঁ
আপোনালোকৰ বাবেই সাগৰ লুণীয়া- বুজিলোঁ
আপোনালোকৰ বাবেই উশাহ সেউজীয়া বুলি জানি
বুকুতে ৰুই থ'লোঁ পোহৰৰ হেজাৰজোপা গছ

মোৰ হাতৰ তলুৱা এদিন ৰঙা হোৱাৰ বাবেই চাগে
মোৰ চকুত আজি ইমান ৰং জীৱনৰ!
এদিন মোৰ গাল উখহি উঠা বাবেই চাগে
আজি মই ওখ হৈ আহিছোঁ
শব্দৰ এই মায়াময়তাত

ত্যাগ আৰু নিঃস্বাৰ্থৰ উপমা যদি
কেতিয়াবা ইতিহাসে দিয়ে
তেনেহ'লে ক'বই লাগিব আপোনালোকৰ কথা
দান আৰু জ্ঞানৰ কথা কেতিয়াবা যদি কয় এই সভ্যতাই
তেনেহ'লে ক'বই লাগিব আপোনালোকৰ কথা

সত্য আৰু যুক্তিৰ মানুহবোৰ সদায় সুন্দৰ
মমবাতিৰ দৰে শিক্ষকসকল সদাজ্যোতিষ্মান

শত সহস্ৰ সেৱা আৰু শ্ৰদ্ধাৰ শৰাই মই
আপোনালোকৰ চৰণত শতকাল স্থাপন কৰি আহিম
মোৰ মাজত
সযতনে এজন মানুহ গঢ়াই তোলাৰ বাবে ।
--------------@-----------------

ঠিকনা:
দিগন্ত নিবিড়,
সহ: শিক্ষক,
৯৮৪ নং দক্ষিণ খাবলাৰভিঠা প্ৰাথমিক বিদ্যালয়,
ভৱানীপুৰ শিক্ষাখণ্ড, বৰপেটা
ফোন: ৮০১১৯২০৪৪৮

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: