Wednesday, September 5, 2018

ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু


          ফাটবিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অবিভক্ত লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাত উদ্‌যাপিত বিহু উৎসৱৰ আঞ্চলিক নাম। ঢকুৱাখনা তাহানিৰ বুৰঞ্জী প্ৰসিদ্ধ হাবুং ৰাজ্যৰ ভিতৰুৱা এক ঠাই। এই ঢকুৱাখনাৰ কাষেদি হৈ যোৱা চাৰিকঢ়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত আনুমানিক ষোল্ল শতিকাৰ পৰাই ফাট বিহু অনুষ্ঠিত হৈ আহিছে। আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে নৈৰ পাৰৰ এডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল। উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ঘাট বা ফাট বহুৱাইছিল আৰু কৰ-কাটল লোৱা হৈছিল। সেয়ে এই ঠাইডোখৰত স্বাভাৱিকতে বিভিন্ন ঠাইৰ মানুহ আহি সমৱেত হৈছিল। চাৰিকঢ়ীয়া নৈৰ পানীফাট বা ঘাটতেই পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পাছত কেইবাটাও জনগোষ্ঠীৰ লোক একেলগ হৈ বিহু মাৰিছিল। ফাটত অনুষ্ঠিত হোৱা বাবে এই বিহুক ‘ফাটবিহু’ বোলা হয়। বৰ্তমান ব’হাগ মাহৰ শেষৰ দেওবাৰে পৰাকৈ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘ফাটবিহু’ উদ্‌যাপিত হয়। পূৰ্বতে উজনি অসম আৰু উত্তৰ অসমৰ মানুহৰ মাজতে কিছু পৰিমাণে‍ সমাদৃত আছিল যদিও বৰ্তমান সমগ্ৰ অসম তথা ভাৰতৰ আন আন প্ৰান্তৰ লোক আহি ঢকুৱাখনাৰ ফাটবিহু তলীত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়।
          ‘ফাট’ শব্দটো তাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল– নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদিৰ বাবে সমৱে‍ত হোৱা ঠাই। ‘Ahom Lexicons’-ৰ মতে ফাট মানে – “a place where traders as semble for trade and for payment of duty”; আনহাতে, হেমকোষ অভিধানৰ মতে– ‘ফাট’ মানে নাৱেৰে বা বামেৰে বেহা কৰা বে‍পাৰী একত্ৰ হোৱা আৰু ৰাজহ দিয়া ঠাই। ড০ চন্দ্ৰধৰ চমুৱাই ফাটবিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাটবিহুৰ সম্পৰ্কত কৈছে- “লুইতপৰীয়া মিচিং ডেকা গাভৰুসকলে ৰং বিৰংৰ পোছাকেৰে ফাটবিহুলৈ ভাহি-ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে, দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি- ম’হঘুলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া বিশেষকৈ বংগীয় সংস্কৃতিৰ প্ৰভাৱ, আদ্যৱন্ত বা সম্ভান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহু নৃত্য গীতক অৱস্থাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অুনন্নত সম্পদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য্য আৰু ঢকুৱাখনাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল কৈৱৰ্ত্ত আৰু মিচিং সম্পদায়ৰ লোক।”
          আহোম ৰজাৰ দিনতে ফাটবিহুৰ প্ৰচলন হয় যদিও ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ আনন্দত ১৯৪৮ চনত পোনপ্ৰথমবাৰৰ বাবে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়তে পালন কৰা হয়। ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু উদ্ধাৰত মনোনিৱে‍শ কৰা ব্যক্তিকে‍ইগৰাকী আছিল– মহেন্দ্ৰ গগৈ, জয় গগৈ, ডম্বৰুধৰ চেতিয়া, লীলাকান্ত দাস, কবীন গগৈ, খগেশ্বৰ হাজৰিকা আদি। অৱশ্যে, ১৯৫০ চনৰ বৰ ভূঁইকপ, ১৯৫৪ চনৰ বাৰেচহৰীয়া সবাহ, ১৯৫৬ চনৰ কৃষক সভা, ১৯৫৭ চনৰ কৃষ্টি সভা আদি বিভিন্ন কাৰণত ফাটবিহু অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ পোৱা যায়। পৰৱৰ্তী সময়ত ১৯৫৮ চনত জয়চন্দ্ৰ গগৈ, কেহুৰাম গোহাঁই, লীলাকান্ত দাস, জগত চন্দ্ৰ দত্ত বৰা, পদ্মেশ্বৰ দত্ত, কেশীৰাম হাজৰিকা, গজেন চমুৱা, মংগলা ফুকন, খগেশ্বৰ হাজৰিকা, কমল চন্দ্ৰ গগৈ, যতীন্দ্ৰ কুমাৰ বৰুৱা, ভোলানাথ তামুলীকে ধৰি আৰু বহু ব্যক্তিৰ নেৰা-নেপেৰা চেষ্টাৰ ফলত খেৰ-বাঁহৰ চালিৰ তলে তলে ফাটবিহু পতা হৈছিল। আকৌ ১৯৫৯ চনত উত্তৰপৰীয়া ছাত্ৰ সন্মিলন, ১৯৬০ চনত ভাষা আন্দোলন, ১৯৬২ চনত প্ৰলয়ংকাৰী বান আৰু চীন-ভাৰতৰ যুদ্ধ, ১৯৬৩ চনত দ্বিতীয় তেল শোধনাগাৰ আন্দোলন, ১৯৬৪ চনত ভাৰত-পাকিস্তান যুদ্ধ আদি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘটনা প্ৰৱাহৰ বাবে ফাটবিহু পাতিব পৰা নাছিল। ১৯৬৫ চনত ফাটবিহু অনুষ্ঠিত হৈছিল হুজ গাঁও, ঘাঁহি গাঁও আৰু বান্তৌ গাঁৱৰ দল তিনিটাক লৈ। আশীৰ দশকৰ আৰম্ভণিত ১৯৭৬ চনত স্বৰ্গীয় ৰূপেশ্বৰ হাজৰিকা, ভদ্ৰেশ্বৰ দাস, পীতাম্বৰ গগৈ, চবিলাল জৈন, চন্দ্ৰধৰ চমুৱা, যোগেন দত্ত আদি ব্যক্তিসকলৰ অশেষ প্ৰচেষ্টাত ফাটবিহুৱে এক নতুন ৰূপ লয় আৰু ‘বিহুৱান’ নামৰ এখন আলোচনী প্ৰকাশিত হয়। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ লানি লানি শিশু গছৰ তলত স্থায়ী মুকলি মঞ্চত ফাটবিহু অনুষ্ঠিত কৰা হয়। বিহুলৈ আগমন হোৱা হাজাৰ হাজাৰ দৰ্শকেৰে শিশু গছৰ তলত লোকাৰণ্য হৈ পৰে। বৰ্তমান ফাটবিহুৰ স্থায়ী মঞ্চখন মূলতঃ শিশু গছ আৰু অন্যান্য গছ-গছনিৰে ভৰা হাবিয়নী আৰু বালি-চাপৰিৰ মাজৰ কিছু ওখ ঠাইকে প্ৰাকৃতিকভাৱে নিৰ্বাচন কৰা হয়।
          ঢকুৱাখনাৰ ফাটবিহু সমন্বয়ৰ উৎসৱ। বৰ্তমান প্ৰতিবছৰে ফাটবিহুলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ আগমন ঘটে আৰু সমগ্ৰ ঢকুৱাখনা উদুলি‍-মুদুলি‍ হৈ পৰে। উল্লেখযোগ্য যে ঢকুৱাখনাৰ বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে‍ বান্ধ খাই বিগত কালত ফাটবিহু পতা হৈছেল; সেই সময়ত অসমৰ কোনো ঠাইতে এনেদৰে সামূহিকভাৱে বিহু উদ্‌যাপন কৰাৰ উদাহৰণ নাই। তথাপিও সাম্প্ৰতিক সময়ত গা কৰি উঠা নগৰীয়া বিহু মঞ্চৰ কৃত্ৰিমতাৰ পৰা ফাটবিহু বহু ক্ষেত্ৰত মুক্ত। মুকলি বিহু প্ৰতিযোগিতা বৰ্তমানো গছৰ তলত অনুষ্ঠিত কৰা হয়। মিচিং, দেউৰী আজি জনজাতি; আহোম, সূত, কৈৱৰ্ত, কলিতা আদি অজনজাতিৰ সাংস্কৃতিক সম্প্ৰীতিৰ এনাজৰীৰে‍ বান্ধ খাই আছে। জনজাতীয় লোকসকলৰ পৰম্পাৰগত সাজ-সজ্জা, নৃত্য-গীতৰ যোগেদি স্বকীয় পৰিচয় দাঙি ধৰা দেখা গৈছে। বৰ্তমানে ফাটবিহুতলীত হাজাৰ-হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়। উল্লেখযোগ্য যে ফাটবিহুৰ নাম শুনিলেই ঢকুৱখনাবাসী আনন্দত মতলীয়া হৈ পৰে। অসমৰ জাতীয় উৎসৱ বিহু। বিহু প্ৰকৃততে তিনিটা যদিও ঢকুৱাখনাবাসীৰ মুখত সঘনাই আৰু এটা বিহুৰ কথা শুনিবলৈ পোৱা যায়। সেয়া হৈছে– ‘ফাট বিহু’। –‘‘এইবাৰ বিহুত ঘৰলৈ নাযাওঁ দিয়া, একেবাৰে ফাটবিহুতেই যাম।” বিভিন্ন কাৰণত ঢকুৱাখনাৰ বাহিৰত কৰ্মৰত ঢকুৱাখনীয়াৰ মুখত প্ৰায়েই শুনা এইষাৰ কথাই প্ৰমাণ কৰে ফাটবিহুৰ প্ৰতি ঢকুৱাখনীয়াৰ আন্তৰিকতা কিমান। যি কি নহওক, বৰ্তমান ঢকুৱাখনাৰ ফাটবিহুৱে অকল ঢকুৱাখনাতেই সীমাবদ্ধ হৈ থকা নাই। বিহুপ্ৰেমী ৰাইজে ব’হাগৰ ভৰ দুপৰীয়াৰ ৰ’দকো উপেক্ষা কৰি গছৰ তলত আশ্ৰয় লৈ আন্তৰিকতাৰে বিহু উপভোগ কৰে।
          বিহু উপভেআগ কৰিবলৈ অহা ৰাইজৰ বৰ্ণাঢ্য ছাতিৰে ভৰি থকা ফাটবিহুতলীৰ এই দৃশ্য অতিকৈ দুৰ্লভ। অন্যহাতেদি, বিহুমঞ্চৰ কাষে কাষে অনুষ্ঠিত হোৱা সাজ-পোছাক আৰু শিল্প-সামগ্ৰীৰ বিপণি‍সমূহৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুপ্ৰেমী ৰাইজে নানা ধৰণৰ সামগ্ৰী, বিশেষকৈ স্থানীয় শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা মুগাৰ ৰিহা-মেখেলা, পাট-কাপোৰ, ধুতি আদি কিনি লৈ যায়।
          ফাটবিহুৰ তৃতীয় দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অন্তৰ্ভুক্ত কৰা বছৰি বছৰি নতুন নতুন অনুষ্ঠান আৰু চিন্তাধাৰাৰে প্ৰস্তুত কাৰ্যসূচীয়ে ফাটবিহুৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ফাটবিহুৰ মঞ্চত বহা আৰু শোভাযাত্ৰাৰ আগশাৰীত যোৱা পুৰুষ-মহিলাই জাতীয় সাজ-পাৰ পিন্ধাটো বাধ্যতামূলক।
          ফাটবিহুৰ অন্যতম আকৰ্ষণ মুকলি বিহু আৰু বভিন্ন জনগোষ্ঠীৰ বিহুদলৰ ইয়াত অংশগ্ৰহণ। ফাটবিহুত পৰিৱেশিত বিহুনামত স্থানীয় সুৰ আৰু চিত্ৰ ফুটি উঠিছে এনেদৰে-
‘বিহুতে বলিয়া               কোনে সমনীয়া
বিহুতে বলিয়া কোন
বিহুতে বলিয়া                   ঢকুৱাখনীয়া
কপালত মহাৰে সোণ।
          ফাট বিহুৰ অন্য এক কাৰ্যসূচী হ’ল ‘টকা বিহু’ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত জীয়াৰী-বোৱাৰী সকলোৱে ঘৰতে বোৱা ৰিহা-মেখেলা পিন্ধে আৰু বিশেষকৈ জীয়ৰীবোৰে‍ খোপাত ফুল গুঁজি লয়; কিন্তু বোৱাৰীবোৰে গামোচা এখনেৰে খোপাটো ওৰণিৰ নিচি‍না কৰি লয়। তাৰ পাছত বিহু মাৰিবলৈ লোৱা নিৰ্দিষ্ট গছ এজোপাত গামোচা এখনেৰে মেৰিয়াই লয় আৰু তালৈ লক্ষ্য কৰি বিহুনাম জোৰে। বিহুনামৰ তালে তালে বাঁহৰ টকা বজায় আৰু জীয়াৰী-বোৱাৰীসকলে উলাহত নাছে এনেদৰে–
“গিৰিপ্ গিৰিপ্ গাৰাপ
ঔ ঢাপলিকা চৰাই
আম পাৰি খাবলৈ            হাকুটি নালাগে
ডালমাৰি ডলিয়াই খাম,
চেনাইকে পাবলৈ            কতনা খাটিছোঁ
নাজানো কেনেকৈ পাম।”
          ফাটবিহুৰ তৃতীয় দিনা ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত স্থানীয় গণ্য-মান্য ব্যক্তি, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, সাহিত্যিক উপস্থিত থাকে। এই মুকলি সভাৰ সমান্তৰালকৈ গছৰ তলত বিহু প্ৰতিযোগিতা চলি থাকে।
          ঢকুৱাখনা এটা বানপীড়িত অঞ্চল। বৰ্তমান জিঅ’টিউৱ পদ্ধতিৰে ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু ঢকুৱাখনাবাসীয়েও বানৰ পৰা যথেষ্ট সকাহ পাইছে। ফাটবিহু ঢকুৱাখনাবাসীৰ প্ৰাণৰো প্ৰাণৰ উৎসৱ। এই উৎসৱে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একতাৰ দোলেৰে ঢকুৱাখনাবাসীক বান্ধি ৰাখিছে আৰু দেশী-বিদেশী বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰিছে।

– জিতুল বৰা 
লেখকৰ ঠিকনা:
বালিচাপৰি, মাজুলী
দূৰভাষঃ ৯৬১৩২-৭০৬৪৩



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: