Wednesday, September 5, 2018

দেৱ শিশু আমি


দেৱ শিশু আমি
দেৱ শিশু আমি...
স্বৰ্গৰ পাৰিজাত সদৃশ
যাওঁ পোহৰৰ বাটে আগবাঢ়ি।

গাই যাওঁ শান্তিৰ গান,
অজ্ঞান-আন্ধাৰ কৰি থান-বান ।
দেৱ শিশু আমি
দেৱ শিশু আমি...
উচ্চ-নীচ ভেদাভেদ
পৰিহাৰ কৰি
গাই যাওঁ ঐক্যৰ গান।
সৌ যে দেখিছা শিশু শ্ৰমিকসকল,
তেওঁলোকৰো আছে মনোবল।
শিশু শ্ৰমিকৰ শিকলি চিঙি
পোহৰৰ বাটলৈ আনিম আমি ।
দেৱ শিশু আমি
দেৱ শিশু আমি...
যাওঁ আগুৱাই যাওঁ,,,,
পাৰিজাতৰ সুগন্ধৰে অসম বিয়পাওঁ।
ৰবীন মহন্ত

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: