"দাদা, এইবাৰ পূজাত কিন্তু মোক এযোৰ ভাল কাপোৰ দিবা দেই৷"
ভণ্টী-ভাইটিৰ
সেই মৰমৰ অনুৰোধ,
পাৰিম
জানো না কৰিবলৈ ।
আৰু
ভাইটিৰ সেই সৰু সৰু মিছা অভিমানবোৰ,
"দাদাই মোক মৰমে নকৰে৷"
কৰোঁ, অ' সোণ!
মাজে
মাজে ককায়েক হোৱাৰ
সুযোগ
লৈ দুই-এচাট লগাই দিওঁ।
মোৰ
জানো সেইখিনি অধিকাৰ নাই?
আৰু
মা-দেউতাৰ সেই মিঠা মাতষাৰি
"বাবা, আমাৰ বাবে চিন্তা কৰি থাকিব নালাগে।
আমি
সকলো ঠিকে আছোঁ। ভগৱান তোমাৰ সহায় হওক।"
তাত
যে মিশ্ৰিত হৈ আছে পিতৃ-মাতৃৰ এক আকুল আহ্বান ।
মই
জানো নুবুজোঁ হ'বলা?
তোমালোকে
চিন্তা নকৰিবা
তোমালোকৰ
সপোন মই বাস্তৱত ৰূপ দিম, মা।
মই
জীয়াই আছোঁ আৰু জীয়াই থাকিম।
তোমালোকৰ
আশিসৰ হাত সদায় মোৰ
পথৰ
লগৰী হওক৷
✍ ভূষণ
চন্দ্ৰ বড়ো
0 Please Share a Your Opinion.: