Monday, September 17, 2018

প্ৰশংসা


প্ৰশংসা শব্দটো আমাৰ সকলোৰে প্ৰিয়। আমি প্ৰত্যেকেই প্ৰশংসা বিচাৰোঁ! ই আমাক প্ৰেৰণা দিয়ে। নতুন আৰু সুস্থ চিন্তা কৰিবলৈ বাধ্য কৰে। ই এটা সদৰ্থক শব্দ ৷
প্ৰশংসাৰ ব্যৱহাৰ আকৌ এক মন কৰিবলগীয়া বিষয়৷ কথাটো বুজাবলৈ
উদাহৰণ কেইটিমানৰ সহায় লোৱা হ'ল—

আমি প্ৰায়েই কিছুমান ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰি ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ যত্ন কৰোঁ ..!
বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ ক্ষেত্ৰত এনে কৰা প্ৰায়েই পৰিলক্ষিত হয়। এনে প্ৰশংসা সচৰাচৰ নিজৰ স্বাৰ্থ পূৰণাৰ্থে কৰা হয় ! সংশ্লিষ্ট ব্যক্তিগৰাকীয়েও কথাটো বুজিব পাৰে। তথাপি আমি কেতিয়াবা দৃষ্টিকটুভাৱে এনে প্ৰশংসা কৰোঁ, যিটো কৰা উচিত নহয় ৷ নিজৰ কিবা প্ৰয়োজন থাকিলে তেনে প্ৰভাৱশালী ব্যক্তিক আপোনাৰ কথাখিনি যুক্তিৰে বুজাবলৈ যত্ন কৰিব লাগে ৷ কাম আদায়ৰ বাবে অযথা প্ৰশংসা কৰিলে নিজৰ স্বৰূপহে প্ৰকাশ পায় ৷

আকৌ কেতিয়াবা কিছুমান মানুহৰ কামে আমাক ইমানেই আনন্দ দিয়ে যে আমাৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰশংসা প্ৰকাশ পায় । সেই ক্ষেত্ৰত মানুহগৰাকীৰ কামকহে গুৰুত্ব দিয়া হয় । তেওঁ কোন, ক'ত, কিয় বিখ্যাত আদি কথাবোৰ গৌণ হৈ পৰে।  আমাৰ লাভ-লোকচানৰ কথাও নাহে ৷ এনে ধৰণৰ প্ৰশংসা সেই ব্যক্তিজনৰ প্ৰাপ্য৷ সেই প্ৰশংসা তেওঁ উপাৰ্জন কৰিছে ৷

আৰু এটা কথা—  সন্মুখত প্ৰশংসা কৰাটো উচিত নহয় যদিও কেতিয়াবা এনে প্ৰশংসাই ব্যক্তিজনক উদ্বুদ্ধ কৰাও পৰিলক্ষিত হয়। বিশেষকৈ সৰু ল'ৰা-ছোৱালীক এনেদৰে উৎসাহ যোগাব পাৰি । কাৰণ শিশুৰ মনত কোনো কলুষ-কালিমা নাথাকে। প্ৰকৃত গুণীজনকো সন্মুখত প্ৰশংসা কৰাটো অন্যায় বুলি নাভাবোঁ। কিয়নো প্ৰশংসাই তেওঁলোকক প্ৰেৰণা দিয়ে...। ন ন সৃষ্টিৰ বাবে প্ৰেৰণা লাভ কৰে ৷

আৰু এটা চিন্তনীয় কথা আমাৰ মনলৈ আহিছে যে আমি প্ৰশংসা আশা কৰাৰ আগতে তাৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব । কিবা এটা কাম কৰি প্ৰশংসা নাপালোঁ বুলি আক্ষেপ কৰাৰ কোনো অৰ্থ নাই । প্ৰশংসা খুজি লোৱা বিষয় নহয় । প্ৰশংসা আমি নিজৰ কৰ্মৰ জৰিয়তে আজুৰি আনিব পাৰিব লাগিব !

—বিনীতা ভূঞা
প্ৰবক্তা ,অসমীয়া বিভাগ
লামডিং মহাবিদ্যালয় 

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: