Wednesday, September 5, 2018

আঘোনৰ কুঁৱলীয়ে বাট ভেটা বঁকিয়াইদি


৫৫০ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়।

আঘোণৰ কুঁৱলীয়ে বাট ভেটা বঁকিয়াইদি
ছলা পথাৰলৈ বুলি বাট বুলিছোঁ ;
সুমথিৰাটোৰ দৰে বেলিটো পকি উঠাৰ আগতেই
অৱনৰি পাৰত অইনিঃতমৰ কলি এটা গুণগুণাইছোঁ।

নদী আৰু শইচৰ নীল-সেউজ সংগমত
জীপাল হোৱা যৌৱনমতী হাঁহিবোৰ
নৰাৰ পেঁপা বজাই  লেছেৰি বুটলা শৈশৱবোৰ
অপসৃয়মাণ ছায়াৰ দৰে ক্ৰমশঃ
পাল্কীত উঠি গুচি গৈছে বহুদূৰ।

আপাততঃ চট পৰা নদীৰ দৰে
মোৰ বুকুত ভিৰ কৰিছে
বানবিধ্বস্ত কৃষকৰ নষ্ট সপোনবোৰ।

উদিত সূৰুযৰ উত্তাপত
অজান যাদুকৰৰ ভৌতিক ভেলেকীবাজিত
পিয়াপি দিয়া কুঁৱলীবোৰ
হঠাৎ আঁতৰি গ'ল মঞ্চৰ আঁৰকাপোৰৰ দৰে

আস্ !
মই কি দেখিছোঁ, মই কি দেখিছোঁ
দৃষ্টিৰ  সীমনা জুৰি হালধীয়া সৰিয়হৰ সাগৰ !
নকৈ হাঁহি বিৰিঙিছে খেতিয়কৰ সপোনবোৰ ।

লেনিন কামান
মালাপিন্ধা, মাজুলী-785104
ম'বাইল-9706359906

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: