—"মা, মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত পূজা আছে। স্কুলৰ পাছত সিহঁতৰ ঘৰলৈ মাতিছে।
যামনে?"
—"নালাগে। দেউতাৰা ঘৰত নাথাকে। এনেকৈ ছোৱালী মানুহ অকলে ঘূৰি ফুৰাটো ভাল কথা
নহয়।"
—"মা, স্কুলৰ পৰা আজি ওচৰৰ মন্দিৰলৈ আমাক ফুৰাবলৈ নিম
বুলি কৈছে। যামনে? আমাৰ শ্ৰেণীৰ সৱ যাব।"
—"নালাগে যাব। চিধাই ঘৰলৈ আহিবি।"
—"মা, ইহঁতে বাটত ৰৈ আছে পথাৰৰ ফালে ফুৰিবলৈ যাবলৈ লগ
ধৰিছে। যাওঁনে?"
—"নালাগে। ছোৱালী মানুহ এনেকৈ বাটে-পথাৰে ঘূৰি নুফুৰে।'
—"পৰীক্ষাতহে যাম। গোটেইবোৰ একেলগে যাম। আৰুনো লগত বেলেগক কিয় পঠিয়াব লাগে?
পৰীক্ষাৰ পৰা ওলাম আৰু ঘৰলৈ আহিম।"
—"নিজৰ মতে সৱ কথা নহয়। সি যাব বুলি নিজে কৈছে। সি লৈ যাব আৰু লৈ
আহিব।"
—"আজিৰ পৰা ছবি শিকিবলৈ হেনো স্কুললৈ যাব লাগিব। বাইদেউৰ ঘৰত শিকাবলৈ সময়
মিলাবলৈ অসুবিধা। সিহঁতো যাব। যামনে মা?"
—"নালাগে ইমান দূৰ, ছোৱালী মানুহ অকলে যাব।"
—"সিহঁতৰ মাইনাক গানৰ স্কুলত দিছে হেনো। মা মোৰো গান শিকিবৰ মন আছিল। দেউতাক
ক'বচোন।"
—"এইবোৰ শিকি কি কৰিবি ! এনেও তোক গান গাই ফুৰিবলৈ নিদিয়ে। ঘৰতে থাকি
পঢ়।"
—"কাইলৈ বিষ্ণুৰাভা দিৱস বাবে সিখন হাইস্কুলত কুইজ প্ৰতিযোগিতা পাতিছে। আমাৰ
স্কুলৰ পৰা কোন কোন যাম, সুধিছে ছাৰে। মা মই যামনে?"
—"কোন যায় যাওক। তই যাব নালাগে। এনেও দাদাৰে যাব যেতিয়া তই নগ'লেও হ'ব।"
—"মোৰো কম্প্যুটাৰ শিকিবলৈ মন আছিল। লগৰবোৰে পৰীক্ষা শেষ হ'লেই এডমিশ্বন ল'ব। ময়ো ল'মনে?"
—"তইনো আৰু কম্প্যুটাৰ শিকি কি কৰিবি ! দাদাৰে শিকিছে নহয়! সি ঘৰতে শিকাব
তোক, যদি মন কৰ। এনেয়ে তালৈ যাবলৈ দৰকাৰ নাই।"
"মা, আমাৰ কলেজৰ পৰা পিকনিক যাব। লগৰ সৱ যাব। মোৰো
যাবলৈ মন আছিল। মই সৰুৰে পৰা ক'লৈও গৈয়েই পোৱা নাই। এইবাৰ
যামনে মা? দেউতাক সুধিবচোন।"
—"ছোৱালী মানুহ এনেকৈ ক'ত পিকনিক-চিকনিকলৈ যাৱ। নালাগে
দে যাব। পাছত আমাৰ লগত কেতিয়াবা যাবি।"
—"টিউচন নহ'লে মোৰ পঢ়িবলৈ অসুবিধা হয়। দাদাই লোৱা
ছাৰজনৰ তাতে ল'ব পাৰিলোঁহেঁতেন। ক'বচোন
তাক কথা পাতিবলৈ।"
—"তই আৰু টিউচন কিয় ল'ব লাগে! তাৰ টিউচনৰ বহীবোৰ আছেই
নহয়। সেইবোৰকে পঢ়িবি।"
তাইৰ
আজি হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্ট দিছে। ৰিজাল্ট ল'বলৈ তাইৰ মন যোৱা নাই।
মনটোৱে অলপো উকমুকনি জগোৱা নাই সৰুতে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত জগোৱাৰ
দৰে। মাকৰ লগত তাঁতশালত বহি গামোচাৰ ফুল বাছিছে। মাকৰ মতে এতিয়াই যদি গামোচাবোৰ বৈ
নথয়, বিয়াৰ দিন ঠিক কৰিলে সকলো একেলগে উলিয়াবলৈ অসুবিধা হ'ব। দাদাক কলেজলৈ গৈছে যেতিয়া সিয়ে ৰিজাল্ট চাই আহিব পাৰিব। চেৰীটোৰে
কাণীবোৰ উঠোৱা-নমোৱা কৰোঁতে ডিঙিলৈ উজাই অহা কিবা দৈত্যকায় যেন লগা অশৰীৰীয়ে জাল
পেলাই চকুযুৰি ধোঁৱাময় কৰি তুলিছিল। সন্মুখত মহুৰা ফুৰাই থকা মাকৰ ফালে লাহেকৈ
মূৰটো দাঙি কেৰাহিকৈ চাওঁতে আগফালৰ পৰা অহা বতাহচাটিয়ে ডেউকা কোবাই তাইৰ চকুৰ পৰা
জুলীয়া পদাৰ্থখিনি শুহি লৈ গৈছিল।
......................
0 Please Share a Your Opinion.: