Wednesday, September 5, 2018

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍


কেইমাহমানৰ পূৰ্ব‍ে ‘Facebook Teacher Desk’ গোটত এটা প'ষ্ট দিছিল জয়ন্ত কুমাৰ খাখলাৰী ছাৰে৷ প'ষ্টটোত তেখেতে গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছিল৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অষ্টম শ্ৰেণীৰ প্ৰশ্নকাকত (Set -A) ৰ ভাষা -১ত থকা ১০ নং প্ৰশ্নটো আছিল এনে ধৰণৰ—
Q.No.10. তলৰ কোনটো বাক্য শুদ্ধ?

(A) সি কাইলৈ গুৱাহাটীলৈ যাব৷

(B) সি কালি গুৱাহাটীলৈ যাব৷ 

(C) সি অহাকালি গুৱাহাটীলৈ যাব৷ 

(D) সি কালিলৈ গুৱাহাটীলৈ যাব৷
কোনটো শুদ্ধ এতিয়া, ছাৰৰ প্ৰশ্নটো আছিল সেইটো৷ বিকল্প B-টো শুদ্ধ নহয়, কিয়নো কালি (yesterday) গুৱাহাটীলৈ যাব বুলি কৈছে৷ ঠিক তেনেদৰে বিকল্প C-টোও শুদ্ধ নহয়, কিয়নো 'অহাকালি' শব্দটো ব্যৱহাৰ কৰা হৈছে৷ 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটা অসমৰ কিছুমান অঞ্চলত কথিত ৰূপত ব্যৱহাৰ হয়৷ কিন্তু মান্য ৰূপত আৰু লিখিত ৰূপত সেই দুটা শব্দ ভুল বুলি ধৰা হয়৷ মান্য ৰূপত কালি কালিয়েই৷ অহা কালি (next yesterday) আৰু যোৱা কালি (last yesterday) হিচাপে ব্যৱহাৰ কৰা নহয়৷ মন কৰিব যে মই মান্য ৰূপটোৰ কথাহে কৈ আছোঁ৷ কোনেও ভুলভাৱে নলয়যেন৷

প্ৰশ্নটোত আমি দুটা শুদ্ধ উত্তৰ পাওঁ৷ সেই দুটা হ'ল — বিকল্প A আৰু D৷ বিভিন্নজনে মন্তব্য দিছিল তেখেতৰ প'ষ্টত৷ কাৰোবাৰ মতে কেৱল A শুদ্ধ, কাৰোবাৰ মতে কেৱল D-হে শুদ্ধ আৰু কাৰোবাৰ মতে A আৰু D দুয়োটাই শুদ্ধ৷ প্ৰকৃততে A আৰু D দুয়োটাই শুদ্ধ হ'ব, যদিহে আমি আমাৰ অভিধানসমূহ মানি চলোঁ৷
A-ত লিখিছে "সি কাইলৈ গুৱাহাটীলৈ যাব" আৰু D-ত লিখিছে "সি কালিলৈ গুৱাহাটীলৈ যাব"৷ মাত্ৰ 'কাইলৈ' আৰু 'কালিলৈ' শব্দ দুটাতহে পাৰ্থক্য আছে বাক্য দুটাত, যিকেইটাৰ অৰ্থ একেই; সেইটো হ'ল— ‘tomorrow’৷
বিষয়টো যাতে স্পষ্ট হয়, তাৰ বাবে অসমীয়া ভাষাৰ আগশাৰীৰ অভিধানকেইখনমানৰ পৰা প্ৰসংগ তুলি ধৰিব খুজিছোঁ৷
ক) হেমকোষ, পঞ্চদশ সংস্কৰণৰ পৰা—
কাইলৈ : কালিলৈ, অহা দিনলৈ, আগত দিনলৈ, tomorrow ৷ (পৃষ্ঠা নং - ২৯৩)
কালিলৈ, কাইলৈ: আজিৰ পিচৰ দিনটো, আজিৰ দিনটো শেষ হৈ আৰম্ভ হ'বলগীয়া পৰৱৰ্তী দিনটো, tomorrow, the day after today ( পৃষ্ঠা নং— ৩১৬)
খ) চন্দ্ৰকান্ত অভিধান, তৃতীয় সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; অহা আগত দিনলৈ; tomorrow (পৃষ্ঠা নং ১৯৪)
গ ) শৰাইঘাট অভিধান, চতুৰ্থ সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিছদিনা ৷ tomorrow ( পৃষ্ঠা নং—১৫৩)
কালিলৈ: আজিৰ পাছৰ দিনটো; কাইলৈ ৷ tomorrow ( পৃষ্ঠা নং—১৭১)
কালি: ৪) হৈ যোৱা দিনটো ৷ yesterday (পৃষ্ঠা নং—১৫২)
ঘ) আধুনিক অসমীয়া শব্দকোষ, (সুমন্ত চলিহা) দ্বিতীয় তাঙৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিচদিনা [ tomorrow] (পৃষ্ঠা নং— ৯৩)
ঙ) অসমীয়া অভিধান, গিৰিধৰ শৰ্মা, তৃতীয় সংস্কৰণৰ পৰা —
কাইলৈ: কালিলৈ, tomorrow (পৃষ্ঠা নং—১৮৭)
উক্ত আটাইকেইখন অভিধানতে আমি দেখিলোঁ যে ‘কাইলৈ’ আৰু ‘কালিলৈ’ দুয়োটা সমাৰ্থক৷
‘অংকুৰণ’-কেইখনৰ প্ৰথমভাগতে থকা 'শিক্ষকে মন কৰিবলগীয়া কথা'-ত আমি পাওঁ যে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰোঁতে আখৰ-জোঁটনি আৰু শব্দাৰ্থৰ ক্ষেত্ৰত বিশেষকৈ 'হেমকোষ' আৰু 'চন্দ্ৰকান্ত অভিধান'-কে আধাৰ স্বৰূপে লোৱা হৈছে৷ প্ৰয়োজন সাপেক্ষে এই দুখন অভিধান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শও দিয়া হৈছে৷ বাকীবোৰ অভিধানৰ কথা বাদ দিছোঁ ৷ পাঠ্যপুথিৰ আধাৰ স্বৰূপ এই দুখন অভিধানতো দেখা গ'ল— কাইলৈ = কালিলৈ৷ অৰ্থাৎ প্ৰশ্নটোত থকা বিকল্প A = বিকল্প D৷ দুয়োটা বিকল্পই সম্পূৰ্ণ শুদ্ধ৷
বহুবিকল্পী প্ৰশ্ন (MCQ)-ত এটাহে মাথোঁ শুদ্ধ উত্তৰ দিব পাৰে৷ দুটা বা অধিক শুদ্ধ উত্তৰ দিয়াটো ভুল৷ গতিকে এইক্ষেত্ৰত প্ৰশ্নকাকত প্ৰস্তুতকৰোঁতাৰেই ভুল বুলি ভাবিব পাৰি৷

উক্ত কথাখিনিৰে গোটত এটি প’ষ্ট দিওঁতে এজনে যুক্তি দৰ্শাইছিল যে ‘কালি‍’ হ’ল কাল আৰু ‘লৈ’ হ’ল বিভক্তি৷ এজনে ক’লে যে ‘কালি‍’ যদি পাৰ হৈ যোৱা দিনটো হয়, তেন্তে ‘কালিলৈ‍’ শব্দটো এটা ভুল শব্দ৷ এই বিষয়টো স্পষ্ট কৰিবৰ বাবে অলপ কথা সংযোগ কৰিব খুজিছোঁ— শব্দ এটাৰ শেষৰ অংশত ‘লৈ‍’ থকা মানেই সকলো ক্ষেত্ৰতে ‘লৈ‍’-টো বিভক্তি নহয়৷ শেষত ‘লৈ‍’ থকা দুটামান শব্দলৈ মন কৰিলেই কথাষাৰ স্পষ্ট  হ’ব— খালৈ, বিলৈ, হালৈ, হিলৈ, দলৈ৷ এইকেইটাত শব্দৰ শেষত ‘লৈ‍’ আছে যদিও ইয়াত ‘লৈ‍’ অংশটো বিভক্তি হিচাপে ব্যৱহাৰ হোৱা নাই৷ খালৈ, বিলৈ, হালৈ, হিলৈ আৰু দলৈ একো একোটা স্বতন্ত্ৰ শব্দ৷ ঠিক তেনেকৈ ‘কালিলৈ‍’ শব্দটোও এটা স্বতন্ত্ৰ শব্দ৷ সেইবাবে এই প্ৰসংগত বিভক্তিৰ কথাটো নাহে আৰু সেই বাবেই ‘কালি’ আৰু ‘কালিলৈ’ — এই দুয়োটা শব্দই শুদ্ধ আৰু এটা আনটোৰ সমাৰ্থক হিচাপেই ব্যৱহৃত৷  মান্য ৰূপত 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটাহে ভুল৷

— দেৱভূষণ


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

1 comment: