Wednesday, September 5, 2018

শিক্ষকতাৰ আত্মালাপ


✍বিপুল কুমাৰ নাথ।
------------------------------------
মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমিও আপোনাসৱৰ দৰেই
তেজ-মঙহেৰে গঢ়া নিঃকিন মানৱ !
হয়তো নহ'ব পাৰোঁ আমি আপোনাসৱৰ দৰে
গাড়ী-বাৰী-নাৰী কিম্বা বিশাল ধনৰ অধিকাৰী,
তীক্ষ্ণ বুদ্ধিমত্তা অথবা ক্ষমতাৰ উত্তৰাধিকাৰী।
আমি ইমানতেই লওঁ পৰম মানসিক সন্তুষ্টি।
ঘৰখনত ৰোগীয়া বৃদ্ধ পিতৃ-মাতৃ ,
কাৰোবাৰ হেঁপাহৰ জীৱন লগৰী,
অথবা ছমহীয়া পানী কেঁচুৱাটিক এৰি
আমি যে আছোঁহি চৰ-চাপৰি, নদ-নদী,
পাহাৰ-ভৈয়াম একাকাৰ কৰি ।
শ শ কিঃমিঃ যাত্ৰাপথ অতিক্ৰমী
কেৱল পেটৰ ভাতমুঠিৰ বাবেই
হয়তো জীৱন গঢ়াৰ খনিকৰ হৈছোঁহি।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
দুখীয়া দৰিদ্ৰৰ শিশুসকলক লৈয়েই
আমি নিতৌ ন ন বাধাকো নেওচি
ভৱিষ্যৎ  মানুহ গঢ়াৰ সপোন ৰচিছোঁ।
কেতিয়াবা যদি পাহাৰ বগাইছোঁ,
কেতিয়াবা খৰস্ৰোতা নদী পাৰ হৈছোঁ,
কেতিয়াবা আকৌ চাইকেল-বাইক লৈ, টেম্প'-বাছেৰে গৈ এদলীয়া সাঁকো পাৰ হৈ উত্তপ্ত বালিচৰত পেণ্ট-মেখেলা-ধুতি উজাই  আমাৰ পাঠশালালৈ বুলি ঢাপলি মেলিছোঁ।
তাৰ পাছতো কিন্তু 'নিয়মীয়াকৰণ', 'বদলিকৰণ'
অথবা 'নিৰাপত্তা'-ৰ পৰা আমি বঞ্চিত হৈছোঁ।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
লোকপিয়ল, নিৰ্বাচন কিম্বা নাগৰিকপঞ্জী
এইসৱেই নহয় জানো আমাৰ জীৱনসংগী!
হেঁপাহৰ বিহুটি, ঈদ, বৰদিন, হোলী
অথবা  পোহৰৰ উৎসৱ দীপাৱলী ।
সামান্য যিকেইটা মঞ্জুৰ হয় ছুটী
সেয়াও দেখোন যাত্ৰাপথতেই পৰে যতি ,
আদবাটতেই আৰম্ভ হয় যাত্ৰা ওভটনি !

মহাশয়, সবিনয় নিবেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
সেনাবাহিনীৰ উদাহৰণ আমাক নিদিব,
বেতনভোগী দাস বুলি তাচ্ছিল্য নকৰিব।
আমি টিভিত টক্ শ্ব' কৰিব নাজানো,
কাকতত বৰ বৰ স্তম্ভ লিখিবও নাজানো,
নাজানো ৰাজনীতি-কূটনীতিৰ মেৰপেচ,
অথবা  ৰজা-মন্ত্ৰী ভঙা-পতাৰ পাশাখেল।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
পদূলিমূৰৰ পাঠশালাখনত এসময়ত
খুৰা-খুৰী, বৰদেউতা-বৰমাহঁতেই
শিক্ষকতাৰে সঁচাকৈ মহীয়ান আছিল ।
ন বজালৈকে কৃষিজীৱী হৈ পাঠশালালৈ গৈ
জিৰণিত ঘৰত  চাহ-পিঠা-সান্দহ খাই,
তিনি বজাত আহি জেওৰা-বেৰা দি,
মাজে-সময়ে খৰাহী-ঢাৰি-বিচনী বান্ধিছিল।
দেওবৰীয়া হাটত নি হাতখৰচ উলিয়াইছিল,
সভাই-সমিতিয়ে জাপি-গামোচা পাইছিল ,
সন্ধিয়া পৰত পুথি-ভাগৱতৰ চৰ্চা কৰিছিল।

তাতেই আছিল বোধহয় প্ৰকৃত মাদকতা,
আজি  'জিঅ'ফেনচিং'-ত আবদ্ধ হয়
কিয় আমাৰ শিক্ষকতাৰ 'ব্যক্তি স্বাধীনতা'?

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমাৰ বেতন বৃদ্ধিত যে চকু ডাঙৰ হয়,
জানেনে আমাৰ বেতন কিমান বৃদ্ধি হয়?
ৰজাঘৰীয়াই বিদেশী প্ৰভুভক্তক
মাহেকত যিমান টকাৰ মঙহ খুৱায়,
সেয়াও আমাৰ বেতনৰ তিনিগুণ হয়!
দৰমহা আয়োগৰ কৃপাত
মাহিলী যি অলপ বৃদ্ধি পায়,
ৰজাঘৰীয়াৰ কোপদৃষ্টিত
সিও দেখোন আধাতে কৰ্তন যায়।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
দেউতাৰ প্ৰেছাৰ, মাৰ গেষ্ট্ৰিকৰ দৰব,
পত্নী-পুত্ৰ, ভাতৃ-ভগ্নীৰ  ন্যূনতম আব্দাৰ,
বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আৰু হাট-বজাৰ,
সকলো মিলাওঁ আমি যদিও হয় দিগদাৰ,
যোগ-বিয়োগ-পূৰণ-হৰণ মিলি হয় একাকাৰ।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
মানি লৈছোঁ, কামচোৰ দুই-এজন নথকা নহয়
পিছে চাউলত থকা পাথৰবোৰ আঁতৰ নকৰি
পাথৰ সিজালৈ উতলালে জানো ভাত হয়?
মহাশয়, নিবিচাৰোঁ আমি মিছা  গুণগান,
নিবিচাৰোঁ আমি কোনো প্ৰতিদান,
সহানুভূতি কিম্বা সেৱাৰ পৰিত্ৰাণ।
নালাগে আমাক যৎকিঞ্চিতো মান-সন্মান,
আছে যে মূৰ তুলি জীৱন জীয়াৰ স্বাভিমান ।
নালাগে আমাক ৰাজহুৱা তিৰস্কাৰ,
লাগে মাথোঁ ন্যূনতম 'প্ৰাপ্যৰ অধিকাৰ'।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমাক অকণ সুস্থ পৰিৱেশ দিয়ক,
আমিয়েই পাঠশালাত হাতুৰী কোবাই মহাত্মা, ৰবীন্দ্ৰনাথ, কালাম, ভূপেনদাৰ উত্তৰসুৰী জানো গঢ় দিব নালাগিব?
মহাশয়, পুনঃ সবিনয়ে নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব ।


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: