প্ৰথম খণ্ড
—"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী
নহয়। পোনাকণ মোক বচা।"
—"আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই।"
কাতৰ চিঞৰকেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে। অস্থিৰ হৈ পৰোঁ। মন-মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিনকেইটালৈ।

২০১২ চনৰ
জুন মাহ। বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলোঁ মলিয়ন গা, নাকত শেঙুন, ভৰিবোৰত সাপৰ
দৰে আঁক-বাক থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে। হয়তো ভৰি ধুয়েই পোৱা নাই সিহঁতে।
শিক্ষক-ছাত্ৰ-অভিভাৱকৰ এটা সম্পৰ্ক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। ঘনে ঘনে সভা
পাতিলোঁ। নাই, নাহে । দুই-এগৰাকী আহি গুচি যায় কোনো নাহে বুলি। ভোজৰ আয়োজন কৰিলোঁ
এইবাৰ। দলে-বলে আহিল। ঔ বুজিলোঁ। ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ। ক'বলগীয়াবোৰ তাতে
ক'লোঁ। এটা সময়ত এনেকুৱা হ'লগৈ যে সভা পাতিলে দলে-বলে আহিবলৈ ধৰিলে। লাহে লাহে
বিদ্যালয়খন তেওঁলোকৰ বুলি অনুধাৱন কৰিবলৈ ধৰিলে।
কিছু চাফ-চিকুণ হ'ল ছাত্ৰ-ছাত্ৰীসকল। কিন্তু মন কৰিলোঁ— এজন ছাত্ৰ আগৰ দৰেই আছে।
সি অকণমানো সলনি নহ'ল। খুব ভয় কৰে। কাৰো লগত মিলা-মিছা নকৰে। ভোজলৈএদিনো নাই অহা
তাৰ অভিভাৱক ।
—"দেউতাক মাতিছে বুলি ক'বা দেই কাইলৈ৷"
—"কি দেউতা?"
—"পিতাইৰ কথা কৈছোঁ৷"
—"মোৰ পিতাই নাই৷"
— "ক'লৈ গ'ল?"
— "মৰিলে৷"
— "অ' অও। বেয়া নাপাবা দেই। নাজানো যে। মা আছে নে নাই?"
—"আই আছে। মই মাক আই বুলিয়ে কওঁ।"
— "অ। আইকে মাতিছে বুলি ক'বা নহ'লে!"
—"আই নাহে।"
— "কিয়?"
— "আইক আহিবলৈ মানা কৰে মানুহবোৰে। আইক মানুহবোৰে ক'লৈকো ওলাবলৈ নিদিয়ে। মোৰ আইৰ কাৰণেই বোলে পিতাই মৰি থাকিল। আৰু আইৰ কাৰণেই বোলে গাঁওখনত মানুহবোৰ মৰে, গাঁৱত মানুহবোৰৰ বেমাৰ আইৰ কাৰণেই হয়। মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিবলৈ নিদিয়ে। ছাৰ ডাইনী মানে কি নো?"
মই তাৰ চকুলৈ চালোঁ। এহেজাৰটা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে। মই কি কওঁ ভাবি নাপালোঁ।
— "হেই ডাইনী-চাইনি এইবোৰ একো নাথাকে নহয়।"
—"আপুনি মিছাকৈ কৈছে ন ছাৰ?"
— "নহয় ঔ। এইবোৰ মানুহে মিছাকৈ উলিয়াইছে।"
কৌতূহল হ'ল ল'ৰাটোৰ ওপৰত। বিদ্যালয় ছুটীৰ পাছত তাৰ ঘৰত সোমালোগৈ। ঘৰ বুলি ক'ব নোৱাৰি। এটা কোঠা মাত্ৰ। মোক যোৱা দেখি ভিতৰলৈ সোমাই গ'ল মানুহগৰাকী।
— "কি হ'ল? ভিতৰলৈ সোমাই গ'ল যে?"
— "আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল, ছাৰ৷"
—"কিয়?"
—"মানুহবোৰে আপোনাক বেয়াকৈ চাব।
"কি বেয়াকৈ" বুলি কৈ ভিতৰলৈ সোমাই গ'লোঁ। তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হল মোক ভিতৰত এনেকৈ দেখি। এনেও বাহিৰৰ পৰা দেখিয়ে থাকি ভিতৰখন। এচুকত এটা কলহ, চৌকাত এখন ক'লা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত। আনফালে এখন বাঁহৰ চাং। আৰু একো নেদেখিলোঁ কোঠাটোত।
— "আপোনাৰ বিষয়ে জানিবলৈ আহিছোঁ।"
—"কি জানিব খোজে?"
—"কিয় ডাইনী বুলি কয় মানুহে আপোনাক?"
—"জানি কি কৰিব!"
— "একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰোঁ বা! কওক মোক৷"
— আপোনাক কিয় ক'ম। আপোনবোৰেই বিশ্বাসঘাটকতা কৰিলে। আপোনাক কিয় বিশ্বাস কৰিম। আপুনিও এজন পুৰুষেই হয়।"
বহু দেৰি লাগি লাগি শেষত ক'বলৈ বাধ্য হ'ল। তেওঁ কৈ গৈছে এফালৰ পৰা সকলো। তেওঁ যেন কথাবোৰ কাৰোবাক ক'বলৈহে বাট চাই আছিল। মই শুনি গৈছোঁ— গিৰীয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহখিনিয়ে সম্পত্তিখিনি কেনেকৈ কাঢ়ি ল'লে, এতিয়া বিচাৰি গ'লেই ডাইনী সজাই কেনেকৈ খেদায়, সহায় বিচাৰি গাঁওবুঢ়াৰ ওচৰলৈ যাওঁতে তাইৰ দেহাটো কেনেকৈ অকলে পাই সুযোগ ল'লে। তাকে ন্যায় বিচাৰি গাঁৱৰ মানুহ চপাওঁতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিবলৈ ধৰিলে। এইবোৰ বাধা দি দি ভাগৰিব নুখুজোঁতেই গাঁৱৰ বেজজনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁৱৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাছনি ধৰিবলৈ ধৰিলে। কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল। বেচেৰীজনীক চকুপানীখিনি মচি দিবলৈ মন গৈছিল। কিন্তু থমকি ৰ'লোঁ৷ কিজানিবা মোকো সুবিধা ল'ব বিচৰিছে বুলি ভাবে।
— "পানী খাব নেকি?" পানী ক'ত আছে নেজানো৷ তথাপি সুধিয়ে পেলালোঁ।
—ওঁহো। নালাগে। আপুনি যাওক এতিয়া। এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ
২০১৩ চনৰ চ'ত মাহৰ ১৩ তাৰিখ। বিদ্যালয়লৈ আহোঁতেই মন কৰিলোঁ তেওঁৰ চোতালত কেইজনমান মানুহ গোট খাই আছে। কৌতুহলবশতঃ আগবাঢ়ি গ'লোঁ।
"এই ডাইনীজনীক মাৰিই পেলাব লাগে।"— এজনে গৰজি উঠিল।
— "অ অ । এইক মাৰিয়েই পেলাওঁ। এজনে গৈ চুলিকোছাত ধৰি টানিয়েই আনিলেগৈ। তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। তোৰ কাৰণে আৰু কিমানে মৰিব! তাৰ আগতে তোকে মাৰি পেলাওঁ।"
"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"— কণমানি ল'ৰাটোক বচাবলৈ ক'লে। পোনাকণ আগবাঢ়ি গ'ল। পোনাকণক সাৱটি ধৰিলে।
— "আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই ।.... মানুহকেইজনে মাকক মৰা কোবকেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকণে।

দ্বিতীয়
খণ্ড
“পোনাকণ নথকাহেঁতেন নিজেই মৰি থাকিলোঁহেঁতেন ছাৰ।” নিমখ অকণমান মিহলি কৰি ভাত এগৰাহ মুখলৈ নি তাই ক’লে

—“কিয়
তেনেকৈ কৈছে?”
—“ইহঁতৰ হাতত মৰাতকৈ…”
—“আপুনি জীয়াই থাকিব লাগিব৷”
—“এনেকৈ জীয়াই থাকিব পাৰোঁনে।” কাষতে থকা মেকুৰীজনীক ভাত কেইটামান মাটিতে দি দিলে। বহু দিন ভোকত থকাৰ দৰে মকামক খাই পেলালে। হয়তো মেকুৰীজনীয়ে নাজানে তাইৰ গৰাকীক বাকী মানুহবোৰে ডাইনী সজাইছে। মেকুৰীজনীয়েও যদি সিহঁতৰ সমান বুজি পোৱা হ’লহেঁতেন, তেন্তে তায়ো চাগে ভাতখিনি নাখালেহেঁতেন। কালিৰ মানুহখিনিকো অবোধ মেকুৰীজনীৰ দৰেই লাগিল। সিহঁতেও যদি নিজৰ মগজুৰে অকণমান চিন্তা কৰিব পাৰিলেহেঁতেন, তেন্তে কালিৰ দৰে অভাৱনীয় পৰিস্থিতি কেতিয়াও ক’তো নহ’লহেঁতেন।
—“আজিৰ পৰা অন্ততঃ পাৰিব লাগিব।”
—“মোক যদি কিবা কৰে, আপুনি পোনাকণক চাব দেই।”
তেওঁ যেন মোক বিশ্বাস কৰিছে, তেনেকুৱা সুৰত ক’লে। বৰ সহজে মানুহক বিশ্বাস কৰি লয় নে বিশ্বাস কৰিবলৈ আৰু মানুহ নথকা বাবেই মোক তেনেকৈ ক’লে বুজি নাপালোঁ।

—“আপোনাক
সিহঁতে একো কৰিব নোৱাৰে৷”
—“কালি আপুনি নথকাহেঁতেন!”
—“কালিৰ কথা বাদ দিয়ক। আজিৰ পৰা আপুনি সিহঁতৰ বিৰুদ্ধে যুঁজিব লাগিব৷”
—“কেনেকৈ?”
—“কেনেকৈ সেইটো মই নাজানো। কিন্তু আপুনি সিহঁতৰ আচল ৰূপটো উদঙাই দেখুৱাবই লাগিব সমাজক৷”
—“তামোল খাব নে?”
পাত্ৰটোত থকা অন্তিম ভাতকেইটা চুঁচি খাই শেষ কৰি ভাতৰ চৰুৰ ঢাকোন যেন লগা প্লেট এখনত শুকাই থকা পাণ আৰু মলিয়ন তামোল দুডোখৰমানেৰে আগবঢ়াই দিলে৷

—“দিয়ক
এখন৷”
—“আপুনি যাওক এতিয়া। দেৰি হ’ব নহ’লে৷”
—“ওঁ!”
মানুহগৰাকীক কিছু সাহস দিওঁ বুলিয়ে সোমাইছিলোঁ। তামোলখন খাবলৈ অলপ ঘিণ লাগছিল যদিও তাইক দেখুৱাই মুখত ভৰাই ওলাই আহিলোঁ। বিদ্যালয়ৰ জপনা খুলি সোমাবলৈ লওঁতেই বড়ো সম্প্ৰদায়ৰ মানুহজনক দেখিলোঁ। তেওঁ মোক দেখি কিছু সংকোচ বোধ কৰা দেখি ময়েই মাত লগালোঁ।
—“ক’ৰ পৰা আহিলে?”
—“গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলুং৷”
এই বুলি কৈ তেওঁ চাইকেলৰ পেডেল জোৰকৈ মাৰি বেগেৰে গ’লগৈ। তাতকৈ বেগেৰে মোৰ মনটো কালিৰ ঘটনাটোলৈ আগবাঢ়ি গ’ল।
...................................
মাককে পুতেককে বচাবলৈ আগবাঢ়ি গ’লোঁ। উগ্ৰ খঙাল মানুহকেইজনক শান্ত কৰিবলৈ সেই মুহূৰ্তত একো উপায় ভাবি পোৱা নাছিলোঁ।
—“ছাৰ, ছাৰ বচাওক, মাৰি পেলাব এতিয়া আমাক।” চৰ-ঘোচা উপৰ্যুপৰি তাৰ গাত পৰাত সি আকৌ চিঞৰিলে।
কি কৰোঁ কি নকৰোঁ বুলি উপায় নাপাই একেবাৰে ওচৰলৈ আগবাঢ়ি গৈ সাৱটি ধৰা দি হাত দুখন মেলি মানুহকেইজনক বাধা দিবলৈ চেষ্টা কৰিলোঁ।
ঠা……….আ……..চ
কেইবাজনো মানুহৰ ঠেলা-হেঁচাত মানুহজনীৰ গালৈ মৰা চৰ এটা পৰিল গালতে। সৰিয়হ ফুল দেখি গলোঁগৈ। জীৱনত দ্বিতীয় বাৰ এনেকুৱা এটা চৰ গালত পৰিল। বিদ্যালয়ত এদিন ছাৰে দিছিল এনেকুৱা এটা চৰ, পঢ়োৱা সময়ত কথা পাতি হাঁহি থকাৰ বাবে। ঘপহ্কৈ ধমলা ছাৰলৈ মনত পৰি গ’ল আকৌ।
—“ঐ মাষ্টৰ আঁতৰিবি টুই। টুইভি মৰিবি নহ’লে ডাইনীটোৰ লুগতে।” অলপ আগতে লগ পোৱা বড়ো সম্প্ৰদায়ৰ মানুহজনে তেঁও নভবাকৈ তেওঁৰ চৰটো মোৰ গালত পৰাত ইতঃস্তত বোধ কৰি বাধা দিয়া সুৰত ক’লে
—“ঐ ঐ মাষ্টৰক নামাৰিবি। মাষ্টৰক মাৰিলে বহুত ডাঙৰ কেছ হ’ব।”— আন এজনে চিঞৰি কোৱাৰ দৰে ক’লে।
—“এই, আপোনালোকে শুনকচোন মোৰ কথা, এওঁ ডাইনী নহয়। এওঁক নামাৰিব।”
“হুহ এইজনী ডাইনী নহয় নে? আপুনি বাধা নিদিব, আজি এইক খতম কৰিবই লাগিব।”— দাখন হাতত লৈ এজন উদ্যত হ’ল কাটিবলৈ। লগে লগে গাঁওৰ চেঙেলীয়া কেইটামানেও কিৰীলিয়াই আগবাঢ়ি আহিল সিহঁতক প্ৰহাৰ কৰিবলৈ।
—“হেৰী, ৰ’বচোন ৰ’ব। মোৰ কথা শুনকচোন প্ৰথমে। এই ডাইনী-চাইনি নাথাকে নহয় পৃথিৱীত!”
“আপুনি একো নাজানে ছাৰ। এইৰ কাৰণে বহুত ঘটনা ঘটিল এই গাঁৱত। আপুনি আহিছেহে পাছত চব গম পাব।”— অন্য এজনে অলপ দূৰৰ পৰা চিঞৰি কোৱা দি ক’লে।
—“এইজনীক দুছেও কৰিহে আজি ছোৱালীজনীৰ মৃতদেহটো চামগৈ।”
দাখন দাঙি ধৰিলে। দাখন আহি মোৰ ডিঙিৰ ওচৰ পালেহি।

কথা বিষম
দেখি যিমান জোৰ আছে, সিমান জোৰেৰে চিঞৰি দিলোঁ— “এ……ই…..ৰ’…..ব…..হে…”
মানুহখিনি য’ত যেনেকৈ আছিল, তেনেকৈয়ে ৰৈ গ’ল।
“এই মানুহজনীক আজি মাৰি পেলাব নালাগে। মানুহ কেতিয়াও ডাইনী হ’ব নোৱাৰে। যিজনে ডাইনী বুলি আপোনালোকক কৈছে, তেওঁক মাতি আনক। তেওঁ যদি মোৰ সন্মুখত ডাইনী বুলি প্ৰমাণ দিব পাৰে, তেতিয়া এইৰ লগত মোকো কাটি মাৰি পেলাব। যদি নোৱাৰে, তাইৰ ওচৰলৈ এনেদৰে নাহিব কেতিয়াও।”
মানুহবোৰে গুণগুণাই কিবাকিবি পাতিলে।
—“চাওক মাষ্টৰ, আপুনি কোৱা কাৰণে আজি এইক এৰি গ’লোঁ। কিন্তু কলীয়া বেজে যদি আমাক প্ৰমাণ দিয়ে, তেন্তে আপুনি বাধা দিলে আপোনাৰো কথা বেয়া হ’ব।”—বৃদ্ধ এজনে কলে।
“ঠিক আছে, হ’ব।”— দৃঢ়তাৰে কোৱাদি ক’লোঁ। মোৰ দৃঢ়তা দেখি মানুহ এজন-দুজনকৈ গ’লগৈ। দুই-এজনে বেয়া বেয়া ভাষাৰে কৈ থৈ গ’ল কিবাকিবি।
এবাৰ দীঘলকৈ উশাহ এটা ল’লোঁ। অলপ আগতে চিঞৰ-বাখৰ হৈ থকা চোতালখন নিজম পৰিল। এখোজ-দুখোজকৈ আগবাঢ়ি গ’লোঁ বিদ্যালয়লৈ।
কিন্তু নিশ্চিত হ’লোঁ যে এই মানুহগৰাকীক সিহঁতে সহজে এৰি নিদিয়ে...

দেৱজিৎ
চুতীয়া,ডিমৌ (ধেমাজি)
ভ্ৰাম্যভাষ:
৯৮৫৪৬ ১৩৮৬৪
0 Please Share a Your Opinion.: