লুংলুঙীয়া পথ এটিৰে
আগুৱাইছিলোঁ সূৰুযৰ
সন্ধানত
ধুলিয়ৰি এটি পথ।
দেখিলোঁ এদল কণমানি
খেলিছে, দৌৰিছে ধুলি উৰুৱাই
চিঞৰ-বাখ, হাই-উৰুমি, শৈশৱৰ কলৰৱ
এয়াই সিহঁতৰ নিত্য কৰ্ম
এয়াই সিহঁতৰ আনন্দ।
মই মাতিলোঁ
কোন যাবা মোৰ স’তে সূৰুযৰ দেশলৈ
জোন-বেলি-তৰাবোৰে যি বাটে বোলে
কোন যাবা সেই পথে
সোণ বুটলিবলৈ।
হোঁহকা-পিছলা কৰি এজন-দুজনকৈ
আহিল মোৰ কাষলৈ।
আমি বাট বুলিলোঁ।
বাটত পোৱা মইনাহঁতে
যোগ দিলে আমাৰ মিছিলত।
আমি উমলিছিলোঁ, আমি খেলিছিলোঁ
খেলি খেলি আগুৱাইছিলোঁ
সমস্বৰে গাইছিলোঁ আনন্দৰ গান,
চেনেহৰ মাতেৰে
মৰমবোৰে থিতাপি লৈছিল,
বিশ্বাসখিনিয়ে ঘৰ কৰিছিল মনত।
এজনে আনজনক কৰিছিলোঁ আপোন
এজন আনজনৰ হৈছিলোঁ আপোন
গঢ়িছিলোঁ নিভাঁজ আত্মীয়তা।
হঠাৎ
এজাক ধুমুহা আহিল ধুলি উৰুৱাই
আন্ধকাৰ কাল ধুমুহা।
কোনেও কাকো নেদেখা হ’লোঁ
মৰমৰ এনাজৰী ছিগি যোৱা শুনিলোঁ
ফট্ফটাই শব্দ কৰি,
উৰুৱাই নিলে মোক বহু দূৰলৈ।
নাথাকিলেও মই কাষত
অকলশৰীয়া নহয় তোমালোক
মোৰ হাত নধৰাকৈয়ে
আগুৱাই যোৱা সেই পথেৰেই।
ধুমুহাৰ বিপৰীতে,
অন্ধকাৰৰ বুকু ফালি চকু মেলি চোৱা
সৌৱা দেখা যায় সোণোৱালী ভৱিষ্যৎ।
ভাবিছিলোঁ দেখুৱাম সেন্দূৰীয়া সপোন
নিজকে চিনি পাবলৈ শিকাম
ভৱিষ্যৎ গঢ়িবা নিজ হাতেৰে
জগত জিনিবা তোমালোক।
সেই আশা আধৰুৱা হৈ ৰ'ল
সপোনবোৰ নিঠৰুৱা হ'ল
মিলি গ’লোঁ পথৰ ধুলিত
তথাপি মনত ক্ষীণ এটি আশা
হয়তোবা লগ পাম পথৰ প্ৰান্তত।
ধুলিয়ৰি এটি পথ।
দেখিলোঁ এদল কণমানি
খেলিছে, দৌৰিছে ধুলি উৰুৱাই
চিঞৰ-বাখ, হাই-উৰুমি, শৈশৱৰ কলৰৱ
এয়াই সিহঁতৰ নিত্য কৰ্ম
এয়াই সিহঁতৰ আনন্দ।
মই মাতিলোঁ
কোন যাবা মোৰ স’তে সূৰুযৰ দেশলৈ
জোন-বেলি-তৰাবোৰে যি বাটে বোলে
কোন যাবা সেই পথে
সোণ বুটলিবলৈ।
হোঁহকা-পিছলা কৰি এজন-দুজনকৈ
আহিল মোৰ কাষলৈ।
আমি বাট বুলিলোঁ।
বাটত পোৱা মইনাহঁতে
যোগ দিলে আমাৰ মিছিলত।
আমি উমলিছিলোঁ, আমি খেলিছিলোঁ
খেলি খেলি আগুৱাইছিলোঁ
সমস্বৰে গাইছিলোঁ আনন্দৰ গান,
চেনেহৰ মাতেৰে
মৰমবোৰে থিতাপি লৈছিল,
বিশ্বাসখিনিয়ে ঘৰ কৰিছিল মনত।
এজনে আনজনক কৰিছিলোঁ আপোন
এজন আনজনৰ হৈছিলোঁ আপোন
গঢ়িছিলোঁ নিভাঁজ আত্মীয়তা।
হঠাৎ
এজাক ধুমুহা আহিল ধুলি উৰুৱাই
আন্ধকাৰ কাল ধুমুহা।
কোনেও কাকো নেদেখা হ’লোঁ
মৰমৰ এনাজৰী ছিগি যোৱা শুনিলোঁ
ফট্ফটাই শব্দ কৰি,
উৰুৱাই নিলে মোক বহু দূৰলৈ।
নাথাকিলেও মই কাষত
অকলশৰীয়া নহয় তোমালোক
মোৰ হাত নধৰাকৈয়ে
আগুৱাই যোৱা সেই পথেৰেই।
ধুমুহাৰ বিপৰীতে,
অন্ধকাৰৰ বুকু ফালি চকু মেলি চোৱা
সৌৱা দেখা যায় সোণোৱালী ভৱিষ্যৎ।
ভাবিছিলোঁ দেখুৱাম সেন্দূৰীয়া সপোন
নিজকে চিনি পাবলৈ শিকাম
ভৱিষ্যৎ গঢ়িবা নিজ হাতেৰে
জগত জিনিবা তোমালোক।
সেই আশা আধৰুৱা হৈ ৰ'ল
সপোনবোৰ নিঠৰুৱা হ'ল
মিলি গ’লোঁ পথৰ ধুলিত
তথাপি মনত ক্ষীণ এটি আশা
হয়তোবা লগ পাম পথৰ প্ৰান্তত।
...................
আচফাৰ আলি
বিজ্ঞান শিক্ষক,
গৰৈমাৰি এম. ই. মাদ্ৰাছা
0 Please Share a Your Opinion.: