তুমি কোৱাৰ দৰেই
মই প্ৰথমতে সেউজীয়াই
আছিলোঁ,
ধান বাঢ়ি অহা পথাৰখনৰ
দৰেই৷
তেতিয়া মই দুখ বুজি
নাপাইছিলোঁ,
বুজি নাপাইছিলোঁ প্ৰেম….
হঠাৎ জানো কি হল!
এদিন ৰতিপুৱা সাৰ পাই
উঠি দেখোঁ-
মোৰ সেউজীয়া পথাৰত
মোৰ অনুমতি নোলোৱাকৈয়ে
বাহৰ পাতিলে আঘোণে...
মই সেউজীয়াৰ পৰা লাহে
লাহে হালধীয়া হ’লোঁ।
লাহে লাহে মোৰ নীলা
আকাশ আগুৰি ধৰিলে
দুখৰ লেথেৰি-নিছিগা
ক’লা ডাৱৰে৷
এবাৰ ভাবিলোঁ - ঈগলৰ
দৰেই উৰি যাওঁ ডাৱৰৰ ওপৰেৰে...৷
কিন্তু মোৰ ডেউকাতকৈ
আকাশখনৰ বিশালতা বহুত বেছি !
সেইবাবেই পুনৰ মই সোমাই
থাকিলোঁ
মোৰ চালি নথকা ঘৰটোত,
ৰৈ থাকিলোঁ কলীয়া মেঘৰ
বৰষুণজাকলৈ৷
মোৰ দুচকুৰ মথাউৰি ভাঙি
মই ভবাৰ দৰেই নামি আহিল
বৰষুণজাকে সৃষ্টি কৰা বানপানীৰ ঢল৷
মানুহবোৰে মোক বাৰে
বাৰে প্ৰশ্ন কৰিলে –
“তুমি বাৰু কিয় ইমানকৈ
কান্দিছা?”
:::::::::::::::::::::
নৱজিৎ কলিতা
নৱজিৎ কলিতা
0 Please Share a Your Opinion.: