Saturday, September 2, 2017

গুণোৎসৱ আৰু আমাৰ কিছু কৰণীয়


ছাত্ৰ -ছাত্ৰীৰ গুণগত শিক্ষাৰ উৎকৰ্ষ সাধনৰ কথাটো গুণোৎসৱৰ অতি প্ৰয়োজনীয় অংগ। সেই কথা আমি সকলোৱে জানো। ইয়াত বিদ্যালয়ৰ সৈতে‍ জড়িত অন্যান্য কথাবোৰহে আলোচনা কৰা হৈছে৷ শেষ সময়লৈকে‍ ৰৈ নাথাকি কিছুমান অভ্যাস আমি আজিৰে পৰাই আৰম্ভ কৰিব লাগিব। তেহে সময়ত সুফল পোৱা যাব ৷

                            কি কি দিশত গুৰুত্ব দিলে বিদ্যালয় এখন সুন্দৰ কৰি তুলিব পৰা যায় ?
                             গুণোসৱ উপলক্ষে আমি নিজে বিদ্যালয়ত কৰিব পৰা কাম কোনবোৰ?






       গুণোৎসৱ সম্পৰ্কত আমাৰ শিক্ষাগুৰুসকলৰ মাজত এটা উৎকণ্ঠা/জাগৰণ ইতিমধ্যেই সৃষ্টি হৈছে। আৰম্ভণিতে কব খোজোঁ যে গুণোৎসৱ হৈছে গুণৰ উৎসৱ। আমাৰ বিদ্যালয় এখনৰনো কি কি গুণ আছে¸ আমি আমাৰ উদেশ্যত

কিমান সফল হব পাৰিছোঁ আৰু কিমান দূৰ পৰা হ¸ আমাৰ বৰ্তমান স্থান ক- ইত্যাদিবোৰ জুখি চাবৰ বাবেই এই গুণোৎসৱ। নোহোৱা কিবা এটাক হোৱা কৰিবলৈ চেষ্টা নকৰি যিখিনি আছে সেইখিনিকে সুন্দৰভাৱে‍ উপস্থাপন কৰিবলৈ চেষ্টা কৰাটোহে যুগুত। আমাৰ প্ৰত্যেকৰে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস আছে ৷ সেইখিনিকে লৈয়ে আমি আগবাঢ়োঁ আহক।

        গুণোৎসৱে বিদ্যালয় এখনক কি গ্ৰেড দিব সেয়া এটা সুকীয়া বিষয়। কিন্তু আজিৰ পৰা আগন্তুক গুণোৎসৱৰ‍ ( দ্বিতীয় আৰু তৃতীয় পৰ্যায়লৈকে‍) দিনটোলৈকে‍ আমি বিদ্যালয়খনত যি যি ভাল অভ্যাস গঢ়ি তুলিম, যিবোৰ ভাল কাম কৰিবলৈ ছাত্ৰ-ছাত্ৰীক শিকাম,সেইবোৰ গুণোৎসৱৰ পিছতো থাকি যাব। গুণোৎসৱৰ আন এটা ভাল দিশ এয়াও।
     গুণোৎসৱ সম্পৰ্কত কৰণীয় কামবোৰ বিভাগৰ কৰফৰ পৰা আপোনলোকক মাজে মাজে জনাই থকা হৈছে ,যিবোৰে বিদ্যালয় এখনক ভাল বুলি স্বীকৃতি দিয়াত সহায় কৰিব। গুণোৎসৱত যিহেতু বাহ্যিক পৰীক্ষকৰ দ্বাৰা মূল্যায়ন কৰা হ¸ গতিকে তলত দিয়া কামবোৰে ভাল গ্ৰেড পোৱাত সহায় কৰিব বুলি ভবা হৈছে।

     মই তেনে কামবোৰ আকৌ ইয়াত সংকলিত কৰি দিছোঁ যাতে আপোনালোকৰ সহায় হয়। এইবোৰৰ লগতে আনুষংগিক আৰু বহু কাম নিশ্চয় কৰিব লগা আছে¸ যিবোৰ ছপা মাধ্যমৰ জৰিয়তে‍‍ আপোনালোকে‍ বোধহয় লাভ কৰিছেইমই মাত্ৰ থাওকতে কেইটামান উনুকিয়াব খুজিছোঁ। ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ উৎকৰ্ষ সাধনৰ কথাটো গুণোৎসৱৰ অতি প্ৰয়োজনীয় অংগ। সেই কথা আমি সকলোৱে জানো। ইয়াত বিদ্যালয়ৰ সৈতে‍ জড়িত অন্যান্য কথাবোৰহে আলোচনা কৰা হৈছে। শেষ সময়লৈকে‍ ৰৈ নাথাকি কিছুমান অভ্যাস আমি আজিৰে পৰাই আৰম্ভ কৰিব লাগিব। তেহে সময়ত সুফল পোৱা যাব ৷
    বিদ্যালয়ৰ বেৰত বিদ্যালয়ৰ আৰম্ভণিৰ সময়¸ মধ্যাহ্ন ভোজনৰ সময়¸ ছুটীৰ সময় স্পষ্টকৈ উল্লেখ থকাটো বাঞ্ছনীয়।
    বিদ্যালয়ত ঘণ্টা (Bell)ৰ ব্যৱহাৰ কৰিব। বিশেষকৈ আৰম্ভণি আৰু শেষত। সমাজৰ সাধাৰণ লোকৰ মাজত ই প্ৰভাৱ বিস্তাৰ কৰে।
   
ধঁপাতমুক্ত বিদ্যালয়ৰ ঘোষণা সকলোৱে দেখাকৈ ওলোমাই থব।
   
জৰুৰী ফন নাম্বাৰসমূহ বিদ্যালয়ৰ বেৰত স্পষ্টকৈ উল্লেখ কৰিব। লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ নাম-ঠিকনা¸ ফটো¸ অৰ্হতা¸      
       পদবী সম্বলিত ফলক আঁৰি ৰখাটো আৰু একেদৰে ‘School Map’ বেৰত অংকন কৰাটোও প্ৰয়োজনীয়।
   
চৌহদত গছ থাকিলে গছজোপাৰ নাম লিখি গছতে ওলোমাই থব। গজাল যাতে নামাৰে।
   
ছাত্ৰ-ছাত্ৰীয়ে জন্মদিনত যাতে গছপুলি ৰোৱে। গছপুলি সংৰক্ষণৰ বাবে বেৰা দিব আৰু পাৰিলে সেই গছপুলিৰ পৰিচৰ্যাৰ   
       দায়িত্ব সেই ছাত্ৰজনকে দিব।
   
বিদ্যালয়ৰ বাৰাণ্ডাত কমপক্ষেও টা আৰু বাহিৰত টা ডাষ্টবিন ৰাখিব। ইয়াৰে দুটাৰ ৰং ৰঙা আৰু দুটাৰ ৰং সেউজীয়া হয়   যাতে। মাটিৰ লগত মিহলি হোৱা আৱৰ্জনাবোৰ সেউজীয়াটোত আৰু নোহোৱাবোৰ ৰঙা ডাষ্টবিনটোত পেলাবলৈ ছাত্ৰ-ছাত্ৰীক অভ্যাস কৰোৱাব।
হাত ধোৱাৰ নিয়মবোৰ অভ্যাস কৰোৱাব। হাত ধোৱা চাবোন¸ সামগ্ৰী সদায় যাতে উপলব্ধ হয় তালৈ মন দিবহাত ধোৱাৰ টা নিয়ম বেৰত আঁকি‍ ৰাখিব পাৰিলে ভাল হয়।
মূল বিদ্যালয়গৃহ যদি চাফ-চিকুণ হয়¸ ছাত্ৰ-ছাত্ৰীক জোতা¸ চেণ্ডেল বাৰাণ্ডাতে ৰাখিবলৈ কব পাৰি। বাৰাণ্ডাত জোতা থোৱা ষ্টেণ্ড্ ৰাখিব পাৰে। মনত ৰখা ভাল - গুণোৎসৱ বুলি এগাল টকা-পইছা খৰচ কৰি জোতাৰ ষ্টেণ্ড্ বজাৰৰ পৰা কিনি অনাৰ প্ৰয়োজন নাই। বাঁহেৰে বা কাঠেৰেও নিৰ্মাণ কৰি লব পাৰি। খুব কম খৰচেৰে¸ বুদ্ধি খটুৱাই নিৰ্মাণ কৰা সামগ্ৰীয়ে সদায় আনক আকৰ্ষণ কৰে। প্ৰশংসা আদায় কৰিব পাৰে‍
১০। সমাজ জড়িতকৰণৰ কথা কোৱা হয় যদিও সমাজকনো কেনেকৈ জড়িত কৰিব পাৰি ? এটা উদাহৰণ দিব পাৰি - বিদ্যালয়ে এটা দানপাত্ৰ ৰাখিব পাৰে। অভিভাৱক সভাত যদি অভিভাৱকৰ পৰা চাবোন এটুকুৰা¸ পেঞ্চিল এডালো দান হিচাপে পোৱাৰ আশা কৰা হয়¸ তেওঁলোকে নিশ্চয় সহায় কৰিব। দানপাত্ৰৰ যোগে এনেবোৰ সামগ্ৰী দান হিচাপে লব পাৰি। দান পোৱা বস্তু নিৰ্দিষ্ট বহীত লিখি ৰাখিব।
১১Fire Extinguisher (অগ্নি নিৰ্বাপক যন্ত্ৰ) যাতে ৰান্ধনি-ঘৰত বা ৰান্ধনি-ঘৰৰ কাষতে ৰাখে সেয়া আজিৰ পৰাই নিশ্চিত কৰক। তাৰ কাষতে বা তলতে জুই নুমুৱা সঁজুলি বুলি লিখি ৰাখক।
১২হাৰপিক¸ ফিনাইল আদি ৰন্ধনগৃহত নাৰাখিব।
১৩ৰন্ধনগৃহ চাফ-চিকুণকৈ ৰাখক। ৰান্ধনীয়ে বিভাগীয় টুপী¸ এপ্ৰণ্ পিন্ধাটো আজিৰে পৰা নিশ্চিত কৰক।
১৪ৰন্ধন কাৰ্যত ব্যৱহৃত হেতা আদিকে ধৰি অন্য সামগ্ৰী (utensils) মাটিত নাৰাখিব। কম খৰচী (low cost) বাঁহৰ বা কাঠৰ ষ্টেণ্ড্ ব্যৱহাৰ কৰিব পাৰি।
১৫বিদ্যালয়ৰ যদি পকী সীমাৰ দেৱাল আছে তাত বিভিন্ন শৈক্ষিক বিষয়ত সহায় হোৱা চিত্ৰ আঁকিব পাৰি। এনে কামবোৰে বিদ্যালয়খন ধুনীয়া কৰে।
১৬
। বিদ্যালয়ৰ চৌহদত যথোপযুক্ত ঠাই থাকিলে ছাত্ৰ-ছাত্ৰীৰ সহযোগত ফুলনি ¸শাকনিবাৰী কৰিব পাৰি।
১৭প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী ৰাখিব লাগে। (First aid Box) ১৮। বিদ্যালয়ৰ শৌচাগাৰ¸ প্ৰসাৱগাৰ বিদ্যালয় চলি থকা সময়ত তলা নমৰাকৈ ৰাখিব লাগে। সিবিলাকত পৰ্যাপ্ত পানী থাকিব লাগে। চাবোন¸ চাবোন থোৱা যতন¸ টাৱেল¸ হাৰপিক্ আদি থকাটো প্ৰয়োজনীয়। দুৱাৰবোৰত শলখা (Hook) থাকিব লাগে।
১৯ৰা আৰু ছোৱালীৰ বাবে সুকীয়া প্ৰস্বাৱগাৰ নিশ্চিত কৰেযেন। এইটো বৰ জৰুৰী কথা।
২০জৰাজীৰ্ণ¸ উঁৱলি যোৱা বিদ্যালয়ৰ নাম ফলক (Signboard) পৰিহাৰ কৰক।
২১। বিদ্যালয়ৰ চৌহদত অলাগতীয়াল চাইনবৰ্ড¸ বেনাৰ¸ ফ্লেক্স থাকিলে আঁতৰ কৰক।
২২বিদ্যালয়খনত যদি খেলাৰ সুবিধা আৰু সামগ্ৰী থাকে¸ ছাত্ৰ-ছাত্ৰী আহিবলৈ ভাল পায়। বিদ্যালয়ত ফুটবল¸ ভলীবল ৰাখিব পাৰে। কিছু বিদ্যালয়ে ডেস্কত বা টেবুলত লুডু¸ ডবা আদি খেলৰ চাৰ্ট অংকন কৰে। ইয়াতো আজৰি পৰত ছাত্ৰ-ছাত্ৰী ব্যস্ত হবলৈ ভাল পায়। কিছুমানে পুৰণা টায়াৰ ব্যৱহাৰ কৰি ঝুল্‌না আদিও তৈয়াৰ কৰা দেখা যায়। এনেবোৰ ব্যৱস্থা বা আপুনি ভবা তেনে আন ব্যৱস্থা¸ যিবোৰে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ আকৰ্ষণ কৰি থাকে, সেইবোৰ সদায়েই আদৰণীয়।
২৩বিদ্যালয়খন চাফ-চিকুণকৈ ৰাখক। মকৰাজাল¸ এলান্ধু আদি পৰিস্কাৰ কৰোৱাব। বিদ্যালয়ৰ চৌহদত জমা থকা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰক। ঘাঁহ-বন কাটি চৌহদটো ধুনীয়া কৰিবলৈ যত্ন কৰক। গছৰ তলৰ অংশটো চূণেৰে বগা কৰি ৰাখিলেও দেখিবলৈ ধুনীয়া লাগে।
২৪গুণোৎসৱ বুলি ছাত্ৰ-ছাত্ৰীক আগতীয়াকৈ শংকাৰ পৰিৱে‍শ নিদিব। বৰঞ্চ গুণোৎসৱৰ সময়তো তেওঁলোকে যাতে স্বাভাৱিক আচৰণ কৰি¸ স্বাভাৱিকভাৱে‍ থাকিব পাৰে তালৈ লক্ষ্য ৰাখিব।
২৫প্ৰাতঃসভাৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ অভ্যাস আজিৰ পৰাই কৰাওক। শৈক্ষিক দিনপঞ্জীত এই বিষয়ে সুন্দৰকৈ দিয়া আছে।
২৬গুণোৎসৱলৈকে আপোনালোকে যিকেইটা দিৱস পালনৰ সুবিধা পাব,সেইবোৰ  সফলতাৰে পালন কৰিবলৈ যত্ন কৰক। সমাজক জড়িত কৰাওক আৰু তথ্য/আলোকচিত্ৰ প্ৰয়োজনীয় বহীত সুন্দৰকৈ লিপিবদ্ধ কৰি ৰাখক
২৭। বাহ্যিক মূল্যায়ক (External Evaluator) গৰাকীক কোনো কাৰণতে প্ৰভাৱিত কৰিবলৈ¸ তোষামোদ কৰিবলৈ চেষ্টা নকৰাই ভাল। তেওঁৰ বাবে বিশেষ আহাৰ তৈয়াৰ নকৰি ছাত্ৰ-ছাত্ৰীৰ আহাৰেই দিব। গুণোৎসৱৰ দিনা ৰন্ধন-তালিকা অনুসৰি যি খাদ্যৰ দিন পৰিছে¸ সেই খাদ্যই তৈয়াৰ কৰিব।
২৮বিদ্যালয়খনত থাকিবলগীয়া ৰেজিষ্টাৰসমূহৰ বিষয়ে আপোনালোকে ইতিমধ্যে জানিব পাৰিছেই বোধহয়ৰেজিষ্টাৰসমূহত সুন্দৰকৈ লেবেল লগাব আৰু হাততে পোৱাকৈ ৰাখিব।
২৯
। বিদ্যালয়ৰ বাহিৰা কিতাপসমূহ প্ৰধান শিক্ষকৰ কোঠাত ছাত্ৰ-ছাত্ৰীয়ে দেখাকৈ ওলোমাই থব। সপ্তাহত দুটা পিৰিয়ড পুথিভঁড়ালৰ গ্ৰন্থ অধ্যয়নৰ বাবে ৰাখিব আৰু ইয়াৰ বাবে ৰেজিষ্টাৰ ব্যৱহাৰ কৰিব।
৩০ছাত্ৰ-সংসদৰ গঠন আৰু কাৰ্যকাৰিতা নিশ্চিত কৰিব।
৩১খোৱা পানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰীক্ষা কৰাই চাৰ্টিফিকেট মজুত ৰাখিব। খোৱা পানী পৰিষ্কাৰ হোৱাটো¸ লগতে ফিল্টাৰ চাফা থকাটো আৱশ্যকীয়।
৩২মাতৃগোট¸ বিদ্যালয় পৰিচালনা সমি‍তিক বিদ্যালয়ৰ কামত জড়িত কৰা। (এই সম্পৰ্কত বিভাগে ইতিমধ্যে আপোনালোকক ছপা পুস্তিকা যোগান ধৰিছে )
৩৩। বিদ্যালয়ত অনুষ্ঠিত কৰা উন্নয়ন সম্পৰ্কীয় সভা-সমিতি¸ বিভিন্ন উৎসৱ উদ্‌যাপন¸ বিদ্যালয়খনে কৰা ভাল কাম¸ উদ্ভাৱনীমূলক কাম আদিৰ ফটোগ্ৰাফ সংগ্ৰহ/সংৰক্ষণ কৰক এখন ৰেজিষ্টাৰত। সেইবোৰ ধুনীয়াকৈ আঠা লগাই বিৱৰণী লিখক।
৩৪গ্ৰীষ্মকালীন শিৱিৰৰ বাবেও নম্বৰ ধাৰ্য আছে ৷ গতিকে ফটোসহ প্ৰতিবেদন ৰখাটো প্ৰয়োজন ৷
                                              ****************************

  বিতোপন বৰা , মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক (CRCC)
    কৰঙা মণ্ডল সমল কেন্দ্ৰ, যোৰহাট শিক্ষাখণ্ড, যোৰহাট
    (লেখক জনপ্ৰিয় মাহেকীয়া আলোচনী 'অসমীয়া মায়া''ৰ সম্পাদক)




SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: