Saturday, September 2, 2017

ধৰ্ষণ: এক ভয়ংকৰ ব্যাধি




নাৰীক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে সমাজৰ প্ৰতিজন ব্যক্তিয়েই নাৰীৰ সুৰক্ষাৰ প্ৰতি সচেতন হব লাগিব ৷ আমি আমাৰ চুবুৰীটোৰঅঞ্চলটোৰ মহিলাসকলক আৰু আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকলক নিজৰ বাই-ভনীমাতৃ স্বৰূপ জ্ঞান কৰি প্ৰয়োজন অনুসৰি সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব ৷ অকলশৰে গৈ থকা বা ৰৈ থকা নিঃসহায় মহিলাগৰাকীক কিৰীলি পাৰি অশ্লীল ইংগিত দিয়াৰ পৰিৱৰ্তে তেওঁ কিবা বিপদত পৰিলে সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেহে আপোনাৰ-মোৰ বাই-ভনীসকলো সুৰক্ষিত হব ৷


       ধৰ্ষণ হৈছে নাৰীৰ ইচ্ছা আৰু সন্মতি অবিহনে চলোৱা এক বলপূৰ্বক, পৈশাচিক দুষ্কাৰ্য ৷ বিভীষিকাত সৰ্বশৰীৰ কঁপি উঠা এক শব্দ , ঘৃণাত নাক কোঁচ খাই যোৱা এক কাণ্ড , যাৰ ফলত ধ্বংস হৈ আহিছে আমাৰ মাজৰে বহু বাই-ভনী, মহিলা ৷ আনকি মাতৃসকলো এনে দুষ্কাৰ্যৰ বলি হোৱাৰ পৰা ৰক্ষা পৰা নাই ৷

     বৰ্তমান আমাৰ সমাজত এক ভয়ংকৰ ব্যাধিৰূপে বিয়পিবলৈ ধৰিছে এই দুষ্কাৰ্য ৷ ভাৰতবৰ্ষত প্ৰতি দিনে অসংখ্য
ধৰ্ষণকাণ্ড সংঘটিত হবলৈ ধৰিছে ৷ তাৰে কিছুমান পোহৰলৈ আহে আৰু কিছুমান নহাকৈয়ে থাকি যায় ৷ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰৰ লগতে অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনতো ধৰ্ষণকাণ্ডৰ সংখ্যা আচৰিত ধৰণে বৃদ্ধি পাবলৈ ধৰিছে, যিটো আমাৰ সমাজখনৰ বাবে অতিশয় চিন্তাৰ বিষয় হৈ পৰিছে ৷ কিছুদিনৰ পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ
এগৰাকী ২১ বছৰীয়া যুৱতীক বিহু অনুষ্ঠান চাই ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তই ধৰ্ষণ কৰি অতি বৰ্বৰভাৱে হত্যা কৰিলে ৷ সৌ সিদিনা বাতৰি কাকতত চকু ফুৰাই দেখিলোঁ যে গোলাঘাটত ইফ্‌টাৰৰ পাছতে স্নানাগাৰত গা ধুই থকা অৱস্থাত এগৰাকী ১৭ বছৰীয়া যুৱতীক এটা পাষণ্ডই ধৰ্ষণ কৰি পলায়ন কৰে ৷ টিভিৰ বাতৰি চেনেলকেইটাত চকু ফুৰালেই দেখা পাওঁঅমুকত শিশুক যৌন নিৰ্যাতন, তমুকত মহিলাক নিৰ্যাতনৰ চেষ্টা, অমুকত কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰি ৰাস্তাৰ দাঁতিত মৃতদেহ পেলাই থৈ গৈছে ইত্যাদি ইত্যাদি‍ ঘটনা ৷ কেতিয়াবা শুনিবলৈ পাওঁ অমুক থানাত এগৰাকী মহিলা সাংবাদিকক স্বয়ং আৰক্ষীৰ মানুহেই হাৰাশাস্তি কৰাৰ কথা ৷ আকৌ কেতিয়াবা শুনিবলৈ পাওঁ কোনোবা দুৰ্বৃত্তই মহিলা আৰক্ষীক অপহৰণৰ চেষ্টা কৰাৰ কথা ৷ মুঠতে এতিয়া কোনোফালেই নাৰীসকল সুৰক্ষিত নহয় ৷ কিছুমান বিকৃত মানসিকতাৰ লোকে অহৰহ নাৰীসকলক বিভিন্ন অত্যাচাৰ চলাই সমাজখন কলুষিত কৰি অহা দেখা গৈছে ৷ এনেকৈ হলে কাইলৈ আপোনাৰ-মোৰো বাই-ভনী, মাতৃসকল যে সেই পাষণ্ডবোৰৰ লক্ষ হৈ নপৰিব , তাৰ কোনো মানে নাই ৷
     এক তথ্য অনুসৰি ২০০৫ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন থানাত প্ৰায় ১৫,২০৬ টা ধৰ্ষণকাণ্ডৰ গোচৰ পঞ্জীয়ন হৈছে ৷ কেৱল ধৰ্ষণেই নহয়, এই সময়ছোৱাত ২৩,০০০ তকৈ অধিক মহিলা তথা যুৱতীক কৰা অপহৰণ কাণ্ড সংঘটিত হৈছে ৷ ইয়াৰ পৰাই সহজে অনুমান কৰিব পাৰি ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা জঘন্য কাণ্ডবোৰৰ কথা ৷
   শেহতীয়াকৈ নগাঁৱৰ যমুনামুখৰ ইলাচী দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী (৫৮) অৰ্ণমাই বৰাৰ ক্ষেত্ৰত হোৱা ঘটনাটোৱে সমগ্ৰ অসম জোকাৰি গৈছে ৷ মানুহ গঢ়াৰ কমাৰশালত নিয়োজিত হৈ শেষত অৰ্ণমাই বৰাই প্ৰতিদান হিচাপে পালে মানুহৰূপী কিছুমান পিশাচৰ জঘন্য অত্যাচাৰ ৷ কি দোষ আছিল তেওঁৰ? কি দোষ আছিল বিভিন্ন সময়ত ধৰ্ষিতা হৈ অহা নাৰীসকলৰ? ইয়াৰ উচিত বিচাৰ হবনে? দোষীয়ে উপযুক্ত শাস্তি পাবনে? নে আইনৰ সুৰুঙাৰে‍ সৰকি দোষীয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব, যাৰ বাবে সেই পাষণ্ডবোৰে পুনৰ তেনে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ অলপো কেৰেপ নকৰিব ! সেই ধৰ্ষণকাৰীবিলাকৰ উপযুক্ত শাস্তি নহলে অৰ্ণমাই বৰাৰ বিদেহী আত্মাই কেতিয়াও শান্তি নাপাব, শান্তি নাপাব বিভিন্ন সময়ত ধৰ্ষিতা হৈ অকালতে মৃত্যুক সাবটি লোৱা আমাৰ বাই-ভনী আৰু মাতৃসকলৰ আত্মাই ৷
       ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ পৰা নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ লোৱাটো অতি প্ৰয়োজন হৈ পৰিছে ৷ বৰ্তমান সময়ত সমাজত দেখা দিয়া আটাইতকৈ ডাঙৰ ব্যাধিটোৱেই হৈছে ধৰ্ষণ ৷ কেৱল চৰকাৰৰ ওপৰত ভৰষা কৰিলেই নহব ৷ এইক্ষেত্ৰত সমাজৰো দায়িত্ব কোনোগুণেই কম নহয় ৷ নাৰীক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে সমাজৰ প্ৰতিজন ব্যক্তিয়েই নাৰীৰ সুৰক্ষাৰ প্ৰতি সচেতন হব লাগিব ৷ আমি আমাৰ চুবুৰীটোৰ, অঞ্চলটোৰ মহিলাসকলক আৰু আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকলক নিজৰ বাই-ভনী, মাতৃ স্বৰূপ জ্ঞান কৰি প্ৰয়োজন অনুসৰি সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব ৷ অকলশৰে গৈ থকা বা ৰৈ থকা নিঃসহায় মহিলাগৰাকীক কিৰীলি পাৰি অশ্লীল ইংগিত দিয়াৰ পৰিৱৰ্তে তেওঁ কিবা বিপদত পৰিলে সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেহে আপোনাৰ-মোৰ বাই-ভনীসকলো সুৰক্ষিত হব ৷ মহিলাসকলেও সদায় নিজক বচাই চলিব লাগিব ৷ মুলাগাভৰু-কনকলতাৰ দেশৰ নাৰীসকল , আপোনালোকে নিজকে দুৰ্বল বুলি কেতিয়াও ভাবিব নালাগিব ৷ ভয়ত আতুৰ নহৈ, পাষণ্ডবোৰৰ হাতত নিজক এৰি নিদি সাহসেৰে যুঁজিব লাগিব আপোনালোকে ৷ মনত ৰাখিব, আপোনাৰ অকণমান সাহস আৰু উচিত পদক্ষেপে ৰক্ষা কৰিব পাৰে আপোনাৰ জীৱন ৷
    শেষত কওঁআমাৰ দেশৰ ন্যায়িক ব্যৱস্থাটো ইমানেই মন্থৰ যে দোষীক কৰায়ত্ত কৰাৰ পৰা দণ্ড দিয়ালৈকে বছৰ বছৰ লাগি যায় ৷ সেয়েহে বৰ্তমান সময়ত এনে এখন বিশেষ আইনৰ প্ৰয়োজনীয়তা আহি পৰিছে , যাৰ জৰিয়তে এই জঘন্য অপৰাধীবোৰক তৎকালীনভাৱে চুড়ান্ত শাস্তি দিয়াৰ পথ মুকলি হয় ৷ কাৰণ এনে পাষণ্ডবোৰৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই ৷ সেয়ে এনে অপৰাধীৰ ক্ষেত্ৰত নৰম নহৈ কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা হব লাগে ৷ অন্যথা সৌ সিদিনা নাগালেণ্ডৰ জনসাধাৰণে ওলাই আহি অপৰাধীক চৰম শাস্তি দিয়াৰ দৰে পৰিস্থিতি অসমতো উদ্ভৱ নহব বুলি ভাবিব নোৱাৰি ৷
                                    
                                                                          
                                       *******************************


          ডিম্ব প্ৰসাদ নাথসহকাৰী শি‍ক্ষক
    জটিয়াবড়ি প্ৰাথমিক বিদ্যালয়, ম'বাইল - ৯৮৫৪৭ ৮৯০৭৯

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

1 comment: