অতি উত্তম কাঠ এটুকুৰাক সঠিক পৰিচৰ্যাৰ অভাৱত পচিবলৈ এৰি দিয়া কাঠৰ দৰে নীৰৱে লাহে লাহে পচি যাবলৈ ধৰিছে ৷ চৰকাৰৰ উদাসীনতা, চৰকাৰী কৰ্মচাৰীবোৰৰ নিজ কৰ্তব্যৰ প্ৰতি থকা দায়িত্ৱহীনতা আৰু সাধাৰণ ৰাইজৰ স’তে চৰকাৰী খণ্ডৰ বুজাবুজিৰ অভাৱৰ বাবে জনসাধাৰণেএক নীৰৱ বিপ্লৱৰ জৰিয়তে চৰকাৰী খণ্ডৰ বিদ্যালয়ক প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰিছে ।
শৈক্ষিক বাতাৱৰণ বুলিলে আমি বাৰু কি বুজোঁ ? মূলতে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় তথা শৈক্ষিক
বন্ধুভাৱাপন্ন পৰিৱেশ এটা গঢ়ি তুলাই হৈছে শৈক্ষিক বাতাৱৰণৰ মূল কথা । কিন্তু আজিৰ
প্ৰতিযোগিতাৰ ধামখুমীয়াত শৈক্ষিক
বাতাৱৰণে কি ৰূপ লৈছে এবাৰ চাওঁহক । বিশেষকৈ সাম্প্ৰতিক স্থিতিত চৰকাৰী
বিদ্যালয়বোৰৰ পৰি মৰা অৱস্থাৰ বাবে শৈক্ষিক বাতাৱৰণক পুনৰ বিশ্লেষণ কৰাটো খুবেই
প্ৰয়োজনীয় বিষয় হৈ পৰিছে । আজিৰ চৰকাৰীখণ্ডৰ শিক্ষা ব্যৱস্থাটো
এক ধৰণৰ পচিবলৈ আৰম্ভ
কৰা ভাল কাঠৰ টুকুৰাৰ দৰে । অতি উত্তম কাঠ
এটুকুৰাক সঠিক পৰিচৰ্যাৰ অভাৱত পচিবলৈ এৰি দিয়া কাঠৰ দৰে নীৰৱে লাহে লাহে পচি যাবলৈ
ধৰিছে ৷ চৰকাৰৰ উদাসীনতা, চৰকাৰী কৰ্মচাৰীবোৰৰ নিজ কৰ্তব্যৰ প্ৰতি
থকা দায়িত্ৱহীনতা আৰু সাধাৰণ ৰাইজৰ স’তে চৰকাৰী খণ্ডৰ বুজাবুজিৰ অভাৱৰ বাবে
জনসাধাৰণেএক নীৰৱ বিপ্লৱৰ জৰিয়তে চৰকাৰী খণ্ডৰ বিদ্যালয়ক প্ৰত্যাখ্যান কৰিবলৈ
আৰম্ভ কৰিছে । কোনো ধৰণৰ সক্ৰিয় বিদ্ৰোহৰ বিপৰীতে চৰকাৰী খণ্ডৰ প্ৰতি আস্থা
হেৰুৱাই তেওঁলোকে ব্যক্তিগত খণ্ডক আকোৱালি লোৱা দেখা গৈছে । ইয়াৰ বাবে বহুতেই বহুত
কাৰণ নিৰ্ণয় কৰিলেও মূলতে যে চৰকাৰী যন্ত্ৰ আৰু জনসাধাৰণৰ মাজৰ সম্বন্বয়হীনতাকেই সুচাইছে
, এই
কথা হৃদয়ংগম কৰিবৰ হ’ল । আমি বিভিন্ন সময়ত ইয়াৰ বাবে চৰকাৰক দোষাৰোপ কৰোঁ, গালি পাৰোঁ । চৰকাৰে অমুকটো কৰা নাই,
তমুকটো কৰা নাই বুলি আমি কৈফিয়ৎ তলব কৰোঁ
। কিন্তু আমাৰ নিজস্ব কৰণীয়খিনিকো আমি ভালদৰে কৰা নাই । আমি জনসাধাৰণে বাৰু নিজৰ
দায়িত্ব ঠিক মতে পালন কৰিছোঁনে ? গতিকে এই ক্ষেত্ৰত চৰকাৰী পক্ষ যিমান অপৰাধী,
আমি জনসাধাৰণো সমানেই অপৰাধী । চৰকাৰী
খণ্ডৰ বিদ্যালয়বোৰ যদি সংশোধন হ’ব লাগে, তেন্তে ব্যাপক সংস্কাৰৰ প্ৰয়োজন হ’ব । সংস্কাৰবোৰ কাগজতে সীমাৱদ্ধ নাথাকি সহৃদয়তাৰে আৰু আন্তৰিক
দায়বদ্ধতাৰে কাৰ্য্যকৰী কৰিবও লাগিব । আমি বহু সময়ত বহু ধৰণে চৰকাৰী বিদ্যালয়বোৰৰ
ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছোঁ।
আমি সচৰাচত কৰি থকা মূল অভিযোগবোৰ হৈছে
-
১) অনিয়মীয়া শিক্ষক
২) অপৰ্যাপ্ত শিক্ষক
৩) ছাত্ৰ-ছাত্ৰীৰ অনিয়মীয়া উপস্থিতি
৪) বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ
৫) বিদ্যায়তনিক সা-সঁজুলিৰ অভাৱ
৬) মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ড
৭) য়ুনিফৰ্মৰ বিতৰণ ব্যৱস্থাত খুঁট
৮) পাঠ্যপুথি বিতৰণত খুঁট
৯) দুৰণিবটীয়া শিক্ষকৰ সমস্যা
১০) অভিভাৱকৰ গুৰুত্বহীনতা
১১) বিদ্যালয়ত খেলপথাৰৰ অভাৱ
১২) খোৱা পানী ,
ছেনিটাৰী লেট্ৰিন আদিৰ দুৰৱস্থা
১৩) পাঠ্যক্ৰমত বিসংগতি
১৪) নামভৰ্তিৰ বয়সৰ সমস্যা
১৫) মূল্যায়নৰ সমস্যা
১৭) SMC ,মাতৃগোট আদিৰ সহযোগিতাৰ অভাৱ
১৮) শিক্ষক-ছাত্ৰৰ মাজত ভাবৰ আদান-প্ৰদানত ভাষাগত সমস্যা
১৯) শিক্ষকৰ দায়বদ্ধতাৰ অভাৱ
২০) বিদ্যালয় প্ৰধানৰ দায়িত্বহীনত
মূলতে মই উক্ত
বিশটা অভিযোগ নিৰ্ধাৰণ কৰিছোঁ । আৰু হয়তো ওলাব । ওপৰত যিমানবোৰ সমস্যা বা অভিযোগৰ
কথা মই উল্লেখ কৰি গ’লোঁ, তাৰ প্ৰায় প্ৰতিটো সমস্যাই আন্তৰিকতাৰে সমাধান কৰিব খুজিলে
সুন্দৰকৈ সমাধান কৰিব পৰা যাব । দুই-এটা কাৰিকৰী সমস্যাক বাদ দি সেই
সমস্যাবোৰ সহজেই সমাধান কৰিব পাৰি । চৰকাৰী বা প্ৰশাসন যন্ত্ৰৰ দুই-এটা কাৰিকৰী কাৰণত কিছু সমস্যাৰ সমাধানত
বিলম্ব হ’ব
পাৰে ; কিন্তু
অসম্ভৱ নহয় । সময়মতে পাঠ্যপুথিৰ যোগান ধৰা , য়ুনিফৰ্মৰ যোগান ধৰা আদিবোৰ চৰকাৰী পক্ষৰ
তৎপৰতাত সমাধান হৈ যাব পাৰে । পাঠ্যপুথি বা পাঠ্যক্ৰমৰ বিসংগতি সমাজৰ জনমত
সাপেক্ষেহে সালসলনি হ’ব । অন্যথা ৰাজ্য চৰকাৰৰো সেই ক্ষেত্ৰত সীমাবদ্ধতা
আছে । ৰাষ্ট্ৰীয় শিক্ষানীতিৰে ফেৰ মাৰিবলৈ হ’লে ৰাজ্যিক শিক্ষা সমিতিয়েও সেইখিনি
কৰিব লাগিব । কিন্তু গণতন্ত্ৰত জনমতৰ এক বিশেষ ভূমিকা আছে । সমগ্ৰ অসমবাসীয়েই যদি
সেই সন্দৰ্ভত জনমত গঢ়ি তোলোঁ, তেন্তে পাঠ্যক্ৰম সলনি কৰাও সম্ভৱ হৈ পৰিব ।
শিক্ষক-ছাত্ৰৰ অনুপাত শুদ্ধভাৱে ৰাখিবলৈ হ’লে চৰকাৰ , শিক্ষক আৰু সমাজৰ মাজত এক পাৰস্পাৰিক
বুজাপৰালৈ আহিব লাগিব। যিবোৰ বিদ্যালয়ত পৰ্যাপ্ত পৰিমানে শিক্ষক নাই,
অথচ ছাত্ৰ-ছাত্ৰী আছে, তেনেবোৰ বিদ্যালয়ত যিমান সোনকালে পাৰি, অতিৰিক্ত শিক্ষক থকা আন বিদ্যালয়ৰ পৰা
শিক্ষকৰ ব্যৱস্থা কৰিব লাগে, যিটো এইবাৰ শিক্ষামন্ত্ৰীয়ে কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে ।
যদি তেনেকৈও কৰিবলৈ অপাৰগ, তেন্তে প্ৰতিখন বিদ্যালয়ত ‘টিউটৰ’ ৰাখক । কিছুমান বিদ্যালয়ত শিক্ষকসকলৰ
নিজস্ব প্ৰচেষ্টাত তেনে টিউটৰ ৰাখিছে আৰু সেইমতে ৰিজাল্টো ভাল কৰিব পাৰিছে । টিউটৰৰ
দায়িত্ব আধা বিদ্যালয়ে ল’ব লাগে আৰু আধা চৰকাৰে ল’ব পাৰে । গাঁওবোৰত বহুকেইজন শিক্ষিত
নিবনুৱা যুৱক-যুৱতী এনেই থাকে। তেওঁলোকক টিউটৰৰূপে নিয়োগ কৰিব পাৰি আৰু সেই নিয়োগ কৰা যুৱক-যুৱতীসকলক অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দিয়াৰ
ব্যৱস্থা কৰিব পাৰি । নতুন নিযুক্তিৰ সময়ত সেই অভিজ্ঞতাৰ প্ৰমাণপত্ৰখনৰ বাবদ চৰকাৰে দহ
নম্বৰ অতিৰিক্তকৈ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিলেও বহু সকাহ পাব শিক্ষিত
নিবনুৱাসকলে । শিক্ষিত যুৱচামৰো আংশিক সকাহ আৰু বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড উন্নত
হোৱাতো সহায়ক হ’ব । কিন্তু বিদ্যালয় প্ৰধানসকলৰ হেমাহি এক কালস্বৰূপ হৈ
উঠিছে আজিৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰৰ । বিভিন্ন সময়ত পূৰ্বৰ প্ৰধান শিক্ষকসকলে
নিজকে এক অভিজাত শ্ৰেণীৰ মানুহ ৰূপে গণ্য কৰে আৰু নতুন শিক্ষক সকলক হেয়
দৃষ্টিভংগীৰে চায় । তেওঁলোকে সহযোগিতা কৰিব নিবিচাৰে নতুন প্ৰজন্মৰ শিক্ষকৰ স’তে । পুৰণি পৰম্পৰাকে খামোচ মাৰি ধৰি
থাকিব খোজে । গতিকে বিদ্যালয়ৰ প্ৰধান শিক্ষকক প্ৰতি তিনিবছৰৰ মূৰত যদি বদলিকৰণ
সম্ভৱ কৰি তুলিব পাৰি ,তেন্তে শৈক্ষিক বাতাৱৰণত সোণালী দিন ঘূৰি আহিব ।
আমি আশাৰে বাট চাই ৰ’ম - আগন্তুক দিনবোৰত চৰকাৰী খণ্ডৰ ৰ্বিদ্যালয়বোৰ জাকত
জিলিকা হৈ উঠিব বুলি ।
°°°°°°°°°°°°°°°°°°°°
ঠিকনা : সহকাৰী শিক্ষক, অকচেক হাতীবন্ধা প্ৰাথমিক বিদ্যালয়,
লংকা শিক্ষাখণ্ড, ম’বাইল - ৭০৩৫৯৩০৩৯০
0 Please Share a Your Opinion.: