Tuesday, September 5, 2017

টুকুৰা লেখা

       কাল



     আমি জানো যে‍ কাল তিনি প্ৰকাৰৰ - অতীত, বৰ্তমান আৰু ভৱিষ্যৎ কাল । বৰ্তমান কাল আচলতে‍ কোনো কালেই নহয় । প্ৰতিটো ক্ষণতে‍ বৰ্তমানটো অতীত হৈ আছে আৰু প্ৰতিটো ভৱিষ্যৎ বৰ্তমান হৈ আছে । বৰ্তমান কালটো চকুৰ পলকতে নাইকিয়া হৈ যায় । গতিকে আমি আমাৰ কৰণীয় কামবোৰ ভৱিষ্যতৰ কাৰণে ৰখা মানেই আমি ক্ষতিগ্ৰস্ততাৰ ফালে আগবাঢ়ি যোৱা । পৱিত্ৰ কোৰাণত এটি বাক্য আছে যে মানুহৰ মাজত সেইজনেই আটাইতকৈ ক্ষতিগ্ৰস্ত ,যিজনে নিজৰ মূল্যৱান সময়খিনি সঠিক পথত খটুৱাব নোৱাৰে‍ । আমি যদি সময়ৰ মূল্য বুজি নাপাওঁ, তেন্তে আমাৰ দায়িত্বসমূহ সঠিক পথত খটুৱাব নোৱাৰিম ।

          ম. ইমাম উদ্দিন , ২ নং ভটিয়াখালী বালক মুক্তাব, ম’বাইল – ৯৮৫৪২৮৩১৩৯

                                   *****************************


      আমি কৰ্তব্য কৰি যাম


     L.P. School -  ৬টা শ্ৰেণী ; শিক্ষক ২ বা ৩জন৷ M.E. School - ৩টা শ্ৰেণী, শিক্ষক ৬ বা ৭জন। High School - ২টা শ্ৰেণী, শিক্ষক ৮ বা ৯জন । এনেকুৱাই আমাৰ শিক্ষা ব্যৱস্থা । এনেকুৱা ওলোটা ব্যৱস্থাৰ বাবে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০% শতাংশমান ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয়। তাৰ বাবে শিক্ষা বিভাগে কি কৰিছে ? L.P. School ত প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰে ; তাৰ পৰিৱৰ্তে হলা গছত বাগি কুঠাৰ মাৰিবহে জানে যেন অনুভৱ হৈছে !

     শিক্ষক সমাজে ৰাজনীতিবিদ এজনৰ কথা শুনি মনত দুখ কৰি লাভ নাই। আমি নিজৰ কৰ্ম ঘাট-প্ৰতিঘাটৰ মাজেৰেই উদ্যমেৰে কৰি যাম । নিজৰ কৰ্মৰ জৰিয়তে দেখুৱাই দিম নতুনচাম শিক্ষকৰ প্ৰয়োজনীয়তা ।



           ৰূপাংকৰ কলিতা, শ্বহীদ গিৰিশ সূত প্ৰাথমিক বিদ্যালয় 


                               *****************************



          ছাত্ৰ-ছাত্ৰীৰ উত্তৰণত অভিভাৱকসকলৰ ভূমিকা

    আজিৰ শিশু কাইলৈ দেশৰ সম্পদ৷ আমাৰ দেশৰ এই সম্পদ শিশুসকলৰ শি‍ক্ষাৰ প্ৰথম কঠীয়াতলি হ’ল নিজৰ ঘৰখন ৷ এটি শিশুৰ প্ৰথম শি‍ক্ষাগুৰু হৈছে মাতৃ৷ অৰ্থাৎ আমাৰ এই শিশুসকলৰ নিজৰ ঘৰখনতেই জীৱনৰ আদিপাঠ আৰম্ভ হয়৷
   ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণত পিতৃ-মাতৃ অথবা অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ সু-চৰিত্ৰ গঠনত সৰুৰে পৰাই গুৰুত্ব দিব লাগে৷ প্ৰধানকৈ আমাৰ সমাজখনত বৰ্তমানেও বহুতো অনৈতিক কাৰ্যকলাপ ঘটি থাকে ৷ এনেধৰণৰ অনৈতিক কাৰ্য-কলাপৰ পৰা আমাৰ সমাজখনক মুক্ত কৰি ৰাখিবলৈ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক এতিয়াৰ পৰাই সু-চৰিত্ৰ গঠন হোৱাত মনোনিৱেশ কৰিব লাগে ৷
    ছাত্ৰ –ছাত্ৰীসকলক আমি অভিভাৱকসকলে নম্বৰৰ পিছত দৌৰা এটি যন্ত্ৰলৈ পৰিৱৰ্তন কৰাতকৈ সমাজৰ একো একোটা প্ৰকৃত সম্পদলৈ পৰিণত কৰাত অধিক মনোনিৱেশ কৰিব লাগে ৷
   বিশেষভাৱে সক্ষম ব্যক্তি এজনক সহায় কৰিবলৈ শিকোৱা, বেয়া আচাৰ-আচৰণৰ পৰা নিজৰ সন্তানটিক আঁতৰাই ৰখোৱা, শিশুসকলৰ প্ৰতিভাসমূহক গুৰুত্ব দিয়া, নিজৰ চাৰিওফালৰ পৰিৱেশটো সুন্দৰকৈ ৰখা, জ্যেষ্ঠজনক সন্মান জনোৱা, প্ৰকৃতিক ভাল পাবলৈ শিকা ইত্যাদি দিশসমূহত অভিভাৱকসকলে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে ৷ কাৰণ শি‍ক্ষক-শি‍ক্ষয়িত্ৰীৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ উত্তৰণত অভিভাৱকসকলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ ৷
   আমি প্ৰতিজন অভিভাৱকেই ছাত্ৰ-ছাত্ৰীসকলৰ এনে দিশসমূহত গুৰুত্ব প্ৰদান কৰিলে আমাৰ শিশুসকলৰ মাজৰ পৰাই এ.পি.জে. আব্দুল কালাম, ড° জিতেন্দ্ৰ নাথ গোস্বামী, ড° ভূপেন হাজৰিকা আদিৰ দৰে মহান ব্যক্তি তথা সমাজৰ একো একোটা সম্পদ বিচাৰি পাম ৷‍

       লক্ষ্যমণি দত্ত, ‍ ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়

                                                     ****************************

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: