Tuesday, September 5, 2017

অসমীয়া শিশু-সাহিত্যত এভুমূকি


 শিশুসকলৰ মাজত কিতাপ পঢ়াৰ ধাউতি বঢ়াবৰ বাবে অসমৰ বিভিন্ন ঠাইত পুথিভঁৰাল স্থাপন কৰাটো প্ৰয়োজনীয় । শিশুৰ মানসিক বিকাশৰ বাবে কিতাপৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকৰ উপযোগী কিতাপ তেওঁলোকৰ হাতত তুলি দিয়াটো এক মহান কাৰ্য ।
                                                      



     শিশুক কেন্দ্ৰ কৰি শিশুৰ বুদ্ধি-বৃত্তি আৰু ৰুচিৰ বিকাশত সহায়ক হোৱা ৰচনাৱলীক শিশু-সাহিত্য বুলি কোৱা হয়। শিশু-সাহিত্যৰ ভাষা আৰু প্ৰকাশভংগীত মধুৰতা আৰু কোমলতাই আগস্থান পোৱা উচিত । বিষয়বস্তুৰ লগত খাপ খোৱা চিত্ৰৰ ব্যৱহাৰে শিশু-সাহিত্য মনোগ্ৰাহী কৰি তোলে । অসমীয়া শিশু-সাহিত্য মূলতঃ ধাইনাম, ওমলাগীত, সাধুকথা আদিৰ দ্বাৰাই প্ৰতিষ্ঠা লাভ কৰিছিল । শিশু সাহিত্যৰ উদ্দেশ্য আৰু আদৰ্শৰ বিষয়ে চাবলৈ গ’লে শিশুৰ মানসিক বিকাশত সহায় কৰা, অনুসন্ধিৎসা বৃদ্ধি কৰা, সুনাগৰিকত্বৰ বীজ ৰোপণ কৰা, বয়স অনুসৰি নৈতিক আৰু প্ৰাকৃতিক তত্বৰ ধাৰণাৰ আভাস দিয়া আদি প্ৰণিধানযোগ্য।

     লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, “শিশু-সাহিত্য ভৱিষ্যৎ সমাজৰ ধৰণী”। বহু যুগৰ পৰাই অসমীয়া শিশু-সাহিত্যই অসমৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাই আহিছে । ৰামায়ণ, মহাভাৰত, পুৰাণ, জাতক, হিতোপদেশ, পঞ্চতন্ত্ৰ আদিৰ কাহিনীক লৈ ৰচনা কৰা অসমীয়া শিশু-সাহিত্যৰ শ্ৰেষ্ঠ নিদৰ্শন হ’ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জ্যোতি ৰামায়ণ’ , মিত্ৰদেৱ মহন্তৰ ‘মৌ মহাভাৰত’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘ভাৰত জেউতি’, ‘কথাকীৰ্ত্তন’, ‘কথাদশম’ , ‘জাতকৰ সাধু’ , ‘কাব্যকাহিনী’ ; মহেন্দ্ৰ কটকীৰ ‘বেতাল-পঞ্চবিংশতি’ , ‘গজমুকুতা’ ; তাৰানাথ বৰপূজাৰীৰ ‘মহাভাৰতৰ ৰহঘৰা’ , ‘মৌ বিচনী’ ; হৰেন্দ্ৰনাথ শৰ্মাৰ ‘সাবিত্ৰী’ , ‘নলদময়ন্তী’; ৰোষেশ্বৰ শৰ্মাৰ ‘কথা মহাভাৰত’ ; ইন্দ্ৰধৰ ৰাজখোৱাৰ ‘হিতোপদেশ’ ; ধৰ্মেশ্বৰ কাকীৰ ‘অকণিৰ প্ৰহ্লাদ’ , ‘অকণিৰ ৰত্নাকৰ’ , ‘হৰিশ্চন্দ্ৰৰ উপাখ্যান’ ইত্যাদি বহুতো আছে ।

     বৰ্তমান যুগৰ শিশু-সাহিত্যই পাতনি মেলে অৰুণোদয় যুগত। ঊনবিংশ শতিকাৰ পঞ্চম দশকত অৰুণোদয় কাকতত খ্ৰীষ্টান মিশ্বনেৰীসকলৰ উদ্যোগত শিশুৰ উপযোগী বিভিন্ন ৰচনা প্ৰকাশত গুৰুত্ব দিছিল। ব্ৰাউন, ব্ৰন্সন, কাটাৰ আদি মিশ্বনেৰীয়ে ৰচনা কৰা ‘বাইবেলৰ সাধু’, ‘আফ্ৰিকাৰ কোঁৱৰ’, ‘মাউৰী ছোৱালী’, ‘ঈগলৰ বাহ’ আদি উল্লেখযোগ্য। সেই সময়তে প্ৰকাশিত আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ পুথিখনে নীতি-শিক্ষাৰ উপৰিও শিশুৰ উপযোগী বুৰঞ্জী-ভূগোলৰ বিৱৰণৰ বাবে অসমীয়া সাহিত্যত বিশেষ মৰ্যাদা পাইছিল ।
      সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জুনুকা’ , ‘বুঢ়ী আইৰ সাধু’ , ‘ককাদেউতা আৰু নাতি ল’ৰা’ অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ সম্পদ। তেওঁৰ সমসাময়িক শিশু-সাহিত্যিকসকল হ’ল লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত, দুৰ্গা প্ৰসাদ মজিন্দাৰ, বলদেৱ মহন্ত, বেণুধৰ ৰাজখোৱা, পদ্মনাথ গোহাঞিবৰুৱা বিশেষভাৱে উল্লেখযোগ্য ।
       অসমীয়া সাধুকথাৰ উপৰিও দেশ-বিদেশৰ নানা সাধুকথা, আখ্যান, নীতিমূলক গল্প অসমীয়াত ৰচিত হৈছে । তাৰ ভিতৰত বিষ্ণুপ্ৰিয়া দেৱীৰ ‘সাধুকথা’, জ্ঞানানন্দ জগতীৰ ‘সাধুকথাৰ জোলোঙা’ ড°° বাণীকান্ত কটকীৰ ‘পখিলা’, কুমুদেশ্বৰ বৰঠাকুৰৰ ‘সাধুৰ ভঁৰাল’, নৱ বৰুৱাৰ ‘আখৰৰ জখলা’ ইত্যাদি প্ৰধান। বিদেশী কাহিনীৰ সফল অনুবাদ শিশুৰ উপযোগী গ্ৰন্থবোৰৰ ভিতৰত হৰিপ্ৰসাদ বৰুৱাৰ ‘মইনা’, বেণুধৰ শৰ্মাৰ ‘ৰবিন্সন ক্ৰুচ’’, ‘মৰমৰ কাৰেং’; জ্ঞানদাভিৰাম বৰুৱাৰ ‘ভেনিচৰ সাউদ’, ‘দদাইৰ পৰ্জা’ ; মহেন্দ্ৰ বৰুৱাৰ ‘গ্যালিভাৰৰ ভ্ৰমণ কাহিনী’ , ৰোষেশ্বৰ শৰ্মাৰ ‘ইচপৰ উপকথা’ , সুপ্ৰভা গোস্বামীৰ ‘ডন কুইকচোট’, হাৰুণা ৰছিদৰ ‘ৰত্নদ্বীপ’ , ‘নৈ খুৰাৰ জুপুৰি’ , ‘বনবীৰ টাৰ্জান’ , ‘অলিভাৰ টুইষ্ট’ , ‘আলিবাবা’ , ‘আল্লাদ্দিন’ ; থানেশ্বৰ হাজৰিকাৰ ‘দিন দুখী’ , ড° °মহেশ্বৰ নেওগৰ ‘ডাৱৰৰ সিপাৰৰ ধুনীয়া দেশ’ সৌৰভ চলিহাৰ ‘ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইদ’ , নিৰুপমা বৰগোহাঁইৰ ‘অকণমানি কোঁৱৰ’ , যোগেন্দ্ৰ নাৰায়ণ গোস্বামীৰ ‘গান গোৱা আপেল’ , জয়ন্ত মাধৱ বৰাৰ ‘নতুন ৰত্নদ্বীপ’ ; হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ ‘ৰাজকুমাৰ আৰু ভিকহু’ , লক্ষ্যহীৰা দাসৰ ‘দেশ বিদেশৰ শিশু গল্প সংগ্ৰহ’ ইত্যাদি‍ ।
      মহৎ লোকৰ জীৱনীসমূহে শিশুক প্ৰকৃত মানৱ ৰূপে গঢ় দিয়াত প্ৰেৰণা যোগায়। অসমীয়া সাহিত্যত শিশুৰ উপযোগী ভালেমান জীৱনী প্ৰকাশ পাইছে । ‘বুদ্ধদেৱ’ ,’মহম্মদৰ চৰিত্ৰ’, ‘শিবাজী’ , ‘অশোক’ , ‘ল’ৰাৰ শংকৰদেৱ’ , ‘আব্ৰাহাম লিঙ্কন’ , ‘সাৱিত্ৰী’ , ‘নলদময়ন্তী’ ,’ল’ৰাৰ লাচিত’ , ‘বাপুজী’ , ‘আমাৰ ৰাভা’ , ‘স্মৰণীয় ৰমণী’ , ‘মহৎ লোকৰ ল’ৰালিকাল’ , ‘জ্যোতি বিষ্ণু’ , ‘জোৱান অফ আৰ্ক’ , ‘খোজত খোজ মিলাওঁ’ , ‘চিৰ চেহেহী ভাষা জননী’ ইত্যাদি ইত্যাদি ।
    শিশুৰ উপযোগী বিজ্ঞানমূলক গ্ৰন্থৰ ভিতৰত ‘বিজ্ঞান কথা’ , ‘প্ৰকৃতিৰ পুতলা খেলা’ , ‘মানৱ সভ্যতা’ , ‘আৱিষ্কাৰৰ কাহিনী’ , ‘বিজ্ঞানৰ সাধু’ , ‘জ্ঞান-বিজ্ঞানৰ নানা কাহিনী’ যথেষ্ট সমাদৃত ।
    জনজাতীয় সাধুসমূহে অসমীয়া শিশু-সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ কাৰ্বি, মিচিং, বড়ো, সোণোৱাল, দেউৰী আদি জনগোষ্ঠীৰ বহুকেইখন শিশু-উপযোগী কিতাপ প্ৰকাশ পাইছে । উদাহৰণ স্বৰূপে - লম্বোদৰ দাইৰ ‘উদয়াচলৰ সাধু’ , য়েছে দৰজে ঠংছিৰ ‘কামেং সীমান্তৰ  সাধু’ , কৈলাশ শৰ্মাৰ ‘সাতভনীৰ সাধু’ , ‘পূৰ্ব্বাঞ্চলৰ সাধু’ ; মুৰুলীধৰ দাসৰ ‘কাৰ্বি আইতাৰ সাধু’ , ‘ডিমৰুৱাৰ সাধু’ ; সন্তৰাম ৰংপিৰ ‘অপলী তহঁত আমাৰ সখী’ ইত্যাদি‍ ।
     শিশুৰ উপযোগী গীতৰ পুথি কেশৱ হাজৰিকাৰ ‘মা আমি শদিয়ালৈ যামেই’ ড° ভূপেন হাজৰিকাৰ ‘ভূপেন মামাৰ গীতমাত’ , ‘গানৰ অ-আ /ক-খ’ ; এলি আহমেদৰ ‘দোকমোকালি গীত’ , বীণাপানি বৰকাকতিৰ ‘ইন্দ্ৰধনু’ ইত্যাদি‍ ।
    অসমীয়া শিশু-উপন্যাসৰ ভেটি সুদৃঢ় কৰে নৱকান্ত বৰুৱাৰ ‘শিয়ালি পালেগৈ ৰতনপুৰ’ , ‘ভ-ত ঊ-কাৰে ভূ’, যোগেন শৰ্মাৰ ‘সূৰুজ উঠা দেশৰ পিনে’ , ‘জোন জাক জাক তৰা’ , হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ , ড°  ভবেন্দ্ৰনাথ শইকীয়াৰ ‘মৰমৰ দেউতা’ আদিয়ে । অৱশ্যে অসমীয়া শিশু-সাহিত্যত আৰু কেইবাখনো উপন্যাস প্ৰকাশ পায় ।
    অসমীয়া সাহিত্যত শিশুৰ উপযোগী কবিতাৰ সংখ্যা তাকৰ । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ঝুম্পাৰ সপোন’ , ‘অকণিৰ সপোন’ , ‘অকমানি ল’ৰা অকমানি ছোৱালী’ ; অতুল হাজৰিকাৰ ‘মানিকী মাধুৰী’ , ‘ৰুণুক জুনুক’ , ‘গজালি’ ; নৱকান্ত বৰুৱাৰ ‘ওমলা ঘৰ’ ; নিৰ্মল প্ৰভা বৰদলৈৰ ‘অসমীয়া ওমলা গীত’, গগণ চন্দ্ৰ অধিকাৰীৰ ‘টকাত একোটা হাতী’ , ‘আখৰৰ গীত’ ইত্যাদি‍ উল্লেখযোগ্য । সময়ৰ পৰিৱৰ্তনত অৱশ্যে বৰ্তমান কিছু শিশু-কবিতাৰ পুথি প্ৰকাশ পাইছে ।
    ১৮৮৯ চনত কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰথম অসমীয়া শিশু-আলোচনী ‘ল'ৰাবন্ধু’ । পাছলৈ বিভিন্ন সময়ত ‘অকণ’ , ‘অৰুণ’ , ‘পখিলা’ , ‘কাচিজোন’ , ‘জোনবাই’ , ‘ৰ’দালি’ , ‘মুকুতা’ , ‘ৰংমেলা’ আদি শিশু- আলোচনী প্ৰকাশ পাইছে । ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা সম্পাদিত ‘সঁফুৰা’ আৰু শান্তনু তামুলীৰ দ্বাৰা সম্পাদিত ‘মৌচাক’ নামৰ আলোচনী দুখনে অসমীয়া শিশু-আলোচনীলৈ এক নতুন মাত্ৰা আনি দিছে । বৰ্তমান বিভিন্ন কাকতৰ পৃষ্ঠাত শিশুৰ উপযোগী লিখনিৰ প্ৰকাশে শিশু-সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ঠ অৰিহণা যোগাইছে ।
    ১৯৬৫ চনত গঠিত ‘বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰাল’ হ’ল অসমৰ একমাত্ৰ শিশু-পুথিভঁৰাল। শিশুসকলৰ মাজত কিতাপ পঢ়াৰ ধাউতি বঢ়াবৰ বাবে অসমৰ বিভিন্ন ঠাইত পুথিভঁৰাল স্থাপন কৰাটো প্ৰয়োজনীয় । শিশুৰ মানসিক বিকাশৰ বাবে কিতাপৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকৰ উপযোগী কিতাপ তেওঁলোকৰ হাতত তুলি দিয়াটো এক মহান কাৰ্য ।
                                                         


                                                                                               নন্দিতা দেৱী
                                                   সহকাৰী শি‍ক্ষয়িত্ৰী, সোণাপানী মজলীয়া বিদ্যালয়, ওদালগুৰি‍

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: