Tuesday, September 5, 2017

ৰঞ্জন শইকীয়াৰ সৈতে এখন্তেক

ৰঞ্জন শইকীয়া

 এজন শি‍ক্ষক হিচাপে মই এই শি‍ক্ষা ব্যৱস্থাক লৈ ৯০ শতাংশ আশাবাদী৷ এতিয়া কথা হ’ল বাকী ১০ শতাংশ মই কিয় আশাবাদী নহয় ? ইয়াৰ কাৰণ হ’ল- চৰকাৰী শি‍ক্ষক হিচাপে মই মোৰ ধৰণে কাম কৰাত কিছুমান বাধাৰ সন্মুখীন হওঁ ৷ 

তেখেতৰ নাম ৰঞ্জন শইকীয়া ৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত ১৯৮৬ চনৰ ২৭ নৱেম্বৰৰ দিনা জন্মগ্ৰহণ কৰা ৰঞ্জন শইকীয়াৰ পিতৃ প্ৰয়াত জোনাৰাম শইকীয়া আৰু মাতৃৰ নাম ৰুণু শইকীয়া ৷ ৰঞ্জন শইকীয়াৰ শি‍ক্ষাজীৱন আৰম্ভ হৈছিল ঢেকীয়াজুলি নগৰ নিম্ন বুনয়িাদী বিদ্যালয়ত ৷ তেখেতে ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শি‍ক্ষা গ্ৰহণ কৰি ২০০২ চনত হাইস্কুল শি‍ক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত কলা শাখাত উচ্চতৰ মাধ্যমিক স্তৰৰ শি‍ক্ষা গ্ৰহণ কৰে ৷ ২০০৮ চনত সেই মহাবিদ্যালয়ৰ পৰাই তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী সময়ত ৰঞ্জন শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শি‍ক্ষা প্ৰতিষ্ঠান IDOL-ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে 
            ৷ 

ৰঞ্জন শইকীয়াৰ চিত্ৰকৰ্ম
ৰঞ্জন শইকীয়াৰ চিত্ৰকৰ্ম
    সৰুৰে পৰাই চিত্ৰকলাৰ প্ৰতি ৰঞ্জন শইকীয়াৰ দুৰ্বাৰ আকৰ্ষণ আছিল৷ কিন্তু পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ বাবে তেখেত চিত্ৰকলাৰ আনুষ্ঠানিক শি‍ক্ষা গ্ৰহণৰ পৰা বঞ্চিত হয় ৷ তেখেতৰ মাজত থকা শিল্প-প্ৰতিভাৰ উমান পাইছিল ঢেকীয়াজুলিৰ প্ৰবীণ চিত্ৰশিল্পী তথা শি‍ক্ষক ভূপেন ভূঞাই ৷ ভূঞাই ৰঞ্জন শইকীয়াক সপ্তম শ্ৰেণীত পঢি় থকা সময়ছোৱাত ‘শংকৰ মাধৱ চাৰুকলা বিদ্যালয়’ত  নামভৰ্ত‍ি কৰি দিছিল আৰু তেখেতৰ পৰাই শইকীয়াই চিত্ৰকলাৰ আদিপাঠ লাভ কৰিছিল৷ পিছলৈ, ২০১১-২০১২ বৰ্ষত তেওঁ তেজপুৰৰ ‘ৰণিত কলা একাডেমি‍’ৰ পৰা কলাশি‍ক্ষাৰ ডিপ্ল’মা লাভ কৰে ৷
     
ৰঞ্জন শইকীয়াৰ চক-ভাস্কৰ্য
         উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰাই তেখেত শি‍ক্ষকতাৰ সৈতে জডি়ত হৈ আছে ৷ ঢেকীয়াজুলীৰ ‘সৰস্বতী পাব্লিক স্কুল’ত ছবছৰ কাল তেখেতে চিত্ৰকলাৰ শি‍ক্ষক হিচাপে কাম কৰিছিল৷ শি‍ক্ষক হিচাপে তেখেতৰ চক পেঞ্চিলৰ লগত এক এৰাব নোৱৰা সম্পৰ্ক গঢ় লৈ উঠিছিল ৷  বিদ্যালয়ত আজৰি সময়ছোৱাত চক পেঞ্চিলত বেজীৰে দুই-এটা ভাস্কৰ্য নিৰ্মাণ কৰে ৷ তেখেতৰ হাতত মাত্ৰ এক-ডেৰ ইঞ্চি দৈৰ্ঘ্যৰ চক পেঞ্চিলতে সুন্দৰ একো একোটা ভাস্কৰ্যৰ সৃষ্টি হয়৷  প্ৰথম অৱস্থাত তেখেতে সামাজিক মাধ্যমত এনে দুই-এটি ভাস্কৰ্য প্ৰচাৰ কৰিছিল ৷ ইয়াৰ জৰিয়তে তেখেতে শিল্পপ্ৰেমী ৰাইজৰ পৰা বিপুল সঁহাৰি‍ লাভ কৰিবলৈ সক্ষম হয় আৰু অনুপ্ৰাণিত হৈ সৃষ্টি কৰে ইটোৰ পিছত সিটোকৈ চক-ভাস্কৰ্য ৷ বৰ্তমানলৈ তেখেতে ৫০ টাৰো অধিক চক-ভাস্কৰ্য নিৰ্মাণ কৰিছে ৷ উদাহৰণ স্বৰূপে – হনুমন্ত, সৰস্বতী, যীশু খ্ৰীষ্ট, দুৰ্গাদেৱী, চিলাৰায়, শংকৰদেৱ, চ্যুকাফা, মুকুন্দ কাকতি, কনকলতা বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, পদ্মনাথ গোহাঞিবৰুৱা, ভূপেন হাজৰিকা, আব্দুল কালাম, মামণি ৰয়ছম গোস্বামী, ঢুলীয়া-নাচনী, চিন্তাবিভোৰ মানৱ, আইনষ্টাইন, জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদি৷ তেখেতক এই চক-ভাস্কৰ্যসমূহ নি‍ৰ্মাণৰ বাবে প্ৰয়োজন হয় মাথোঁ এটুকুৰা চক আৰু এটা বেজী ৷

     তে‍খেতৰ চক-ভাস্কৰ্যসমূহৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে ৷ তেজপুৰৰ ‘জ্যোতি ভাৰতী’ত  আয়োজিত এখন প্ৰদৰ্শনীত তেখেতৰ শিল্পকৰ্মই প্ৰবীণ চিত্ৰশিল্পী ননী বৰপূজাৰীৰ পৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷  ঢেকীয়াজুলিৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বাৰা আয়োজিত অনুষ্ঠানবিশেষত ৰঞ্জন শইকীয়াই চক পেঞ্চিলত গঢ় দিয়া আব্দুল কালামৰ পোন্ধৰটি ভাস্কৰ্যকৰ্মৰে প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মানৱগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছিল৷
          
             চিত্ৰকলা আৰু চক-ভাস্কৰ্যত নিপুণ শইকীয়াই শেহতীয়াকৈ এগৰাকী বলুকা-শিল্পী ( বালিত ভাস্কৰ্য নিৰ্মাণ কৰা শিল্পী) হিচাপেও পৰিচয় দিছে ৷ ২০১৪ চনত বিদ্যালয়ৰ এটা দলৰ লগত তেখেত বৰছলাৰ শিঙৰীত ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজ খাবলৈ যাওঁতে‍ বালিচৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ মুখাৱয়ব সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ৷ প্ৰথম চেষ্টাত সফলতা লাভ কৰাত তেওঁ বলুকাশিল্পৰ সৃষ্টিৰ প্ৰতিও অনুপ্ৰাণিত হয় ৷ পৰৱৰ্তী সময়ত তেখেতে বন্ধু-বান্ধৱৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ বালিচৰত বহুতো বলুকাশিল্পৰ সৃষ্টি কৰিছে ৷ ব’হাগ বিহুৰ সময়ত ঢোল,পেঁপা, গগণা, জাপি আদিৰ সৈতে বিহুৰ ঢুলীয়া-নাচনীকো বলুকাশিল্পৰ মাধ্যমেৰে ৰূপ দিছে ৷ চিলা মহোৎসৱ উপলক্ষে গোলাঘাটৰ ধনশিৰি নদীৰ পাৰত গঁড় হত্যাৰ প্ৰতিবাদত ‘ছেইভ ৰাইন’’ , ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘পৰিৱেশ সংৰক্ষণ কৰক’ , স্বাধীনতা দিৱসত আব্দুল কালাম, ৰাভা দিৱসত কলাগুৰু , তেজপুৰৰ গণেশঘাটত যীশু খ্ৰীষ্ট, দুৰ্গাদেৱী, নেপালী আদিকবি ভানুভক্তৰ বলুকা-শিল্প প্ৰদৰ্শন কৰি সুখ্যাতি লভিছে ৷ 
ৰঞ্জন শইকীয়াৰ বলুকা-শিল্প

       ২০১২ চনত অসম চৰকাৰৰ দ্বাৰা আনুষ্ঠিত টেট পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান ঢেকীয়াজুলী শি‍ক্ষাখণ্ডৰ অন্তৰ্গত অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শি‍ক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷  অসমৰ শি‍ক্ষক সমাজৰ জনপ্ৰিয় ফেইচবুক গোট ‘facebook Teacher Desk’-ৰ  উদ্যোগত প্ৰকাশ হ’বলৈ ওলোৱা ই-আলোচনী ‘অসম দাপোণ’ৰ প্ৰথম সংখ্যাৰ  সাক্ষাৎকাৰ শিতানৰ বাবে শি‍ক্ষক তথা নীৰৱ শিল্পী ৰঞ্জন শইকীয়াদেৱক সম্পাদনা কক্ষৰ ফালৰ পৰা নিৰ্বাচন কৰি তেখেতৰ পৰিচয় গ্ৰহণ কৰাৰ  লগতে শি‍ক্ষা ব্যৱস্থা আৰু শি‍ক্ষকতা সম্পৰ্কীয় তেখেতৰ অভিজ্ঞতা সন্দৰ্ভত এটি চমু সাক্ষাৎকাৰ আপোনালোকলৈ যুগুতাইছোঁ  সম্পাদনা কক্ষৰ হৈ দেৱজিৎ বৰাই -

দেৱজিৎ বৰা : চৰকাৰী শিক্ষক হিচাপে এই শিক্ষাক লৈ আপুনি কিমান আশাবাদী ?

ৰঞ্জন শইকীয়া : এজন শি‍ক্ষক হিচাপে মই এই শি‍ক্ষা ব্যৱস্থাক লৈ ৯০ শতাংশ আশাবাদী৷ এতিয়া কথা হ’ল বাকী ১০ শতাংশ মই কিয় আশাবাদী নহয় ? ইয়াৰ কাৰণ হ’ল- চৰকাৰী শি‍ক্ষক হিচাপে মই মোৰ ধৰণে কাম কৰাত কিছুমান বাধাৰ সন্মুখীন হওঁ ৷

দেৱজিৎ বৰা :  চৰকাৰী শিক্ষাত চৰকাৰৰ কৰণীয় কি ?

ৰঞ্জন শইকীয়া : চৰকাৰী শি‍ক্ষা ব্যৱস্থাত ব্যৱহৃত পাঠ্যপুথিসমূহ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযুক্ত হয়নে নহয়, আৰু সেই পাঠ্যপুথিৰ বিষয়সমূহ ব্যাৱহাৰিক জীৱনত ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান গ্ৰহণযোগ্য, সেই বিষয়ে পুনৰ বিবেচনাৰ সময় আহি পৰিছে ৷

দেৱজিৎ বৰা :  অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাগুৰুৰ সংখ্যা পৰ্যাপ্ত নে ?

ৰঞ্জন শইকীয়া :  অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাগুৰুৰ সংখ্যা মুঠেও পৰ্যাপ্ত নহয় ৷ ছাত্ৰ-ছাত্ৰী অনুপাতে‍ প্ৰতিখন বিদ্যালয়ৰ বাবে শি‍ক্ষক নিযুক্তি হোৱটো অতিকৈ প্ৰয়োজন৷

দেৱজিৎ বৰা :  চৰকাৰে চৰকাৰী শিক্ষাৰ সফলতাৰ বাবে নতুন কেনেধৰণৰ পদক্ষেপ লোৱাটো উচিত বুলি ভাৱে

ৰঞ্জন শইকীয়া :  চৰকাৰে চৰকাৰী শি‍ক্ষা ব্যৱস্থাৰ সফলতাৰ বাবে ল’বলগীয়া কেইটামান পদক্ষেপ মোৰ বোধেৰে ক’ব খুজিছোঁ –
  ক) ছাত্ৰ-ছাত্ৰী অনুপাতে ৩০ : ১ বা ৪০ : ১ হিচাপত শি‍ক্ষক নিযুক্তি ৷
  খ) শি‍ক্ষকসকলে সময়ৰ লগত খাপ খাব পৰাকৈ সময়ে সময়ে প্ৰশি‍ক্ষণৰ প্ৰয়োজন ৷

  গ) কেৱল নম্বৰৰ ভিত্তিত নিকা পদ্ধতিৰে নিযুক্তি দিয়াটো শলাগ ল’বলগীয়া ৷ কিন্তু শি‍ক্ষকসকলৰ যোগ্যতা অনুসাৰে সকলো বিদ্যালয়ত যাতে বিভিন্ন গুণসম্পন্ন শি‍ক্ষক পাব পাৰে, তাৰ প্ৰতি চকু দিব লাগে ৷

  ঘ) শ্ৰেণীকোঠা তথা বিদ্যালয়ৰ চৌহদ আকৰ্ষণীয় হ’ব লাগে ৷ সেইক্ষেত্ৰত প্ৰতিখন বিদ্যালয়ৰ বাবে বছৰি যি অৰ্থৰ যোগান ধৰে, সেইখিনি পৰ্যাপ্ত নহয়৷ বছৰি চৰকাৰে আগবঢে়াৱা অৰ্থৰ পৰিমাণ বঢ়াব লাগে ৷
  ঙ) কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে দৃশ্য-শ্ৰব্য সঁজুলিৰ ব্যৱস্থা ৰাখিব লাগে ৷
  চ) সকলো বিদ্যালয়তে খোৱা পানী, ল’ৰা আৰু ছোৱালীৰ বাবে সুকীয়া প্ৰস্বাৱগাৰ আৰু শৌচালয়ৰ উপযুক্ত ব্যৱস্থা আছেনে নাই, সেইবিষয়ে প্ৰতি বছৰে চৰকাৰে তথ্য বিচাৰে যদিও কাৰ্যক্ষেত্ৰত সেইবোৰ হৈ উঠা দেখা নাযায় ৷ এই ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী হোৱাটো বিচাৰোঁ ৷
  ছ) বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়গৃহ নিৰ্মাণ হ’ব লাগে আৰু তেওঁলোকক গুণগত শি‍ক্ষা দিবৰ বাবে শি‍ক্ষকসকলক গঠনমূলক প্ৰশি‍ক্ষণ দিয়াটো প্ৰয়োজনীয় ৷
 জ) বৰ্তমান অন্যতম গুৰুত্বপূৰ্ণ কথাটো হ’ল ( অপ্ৰিয় হ’লেও সত্য) প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শি‍ক্ষকসকলক যোগ্যতা অনুসৰি প্ৰধান শি‍ক্ষকৰ দায়িত্ব দিয়াটো উচিত বুলি মই ভাবোঁ৷ কাৰণ – এটা অনুষ্ঠানৰ মূৰব্বীজনৰ অধীনতে সকলো কাম-কাজ চলে৷ তেনে ক্ষেত্ৰত মূৰব্বীজন যদি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত দুৰ্বল হয়, তেন্তে সেই অনুষ্ঠানটো কেতিয়াও মূৰ দাঙি ঠিয় হ’ব নোৱাৰে ৷
  ক’বলৈ গ’লে শেষ নহয় যদিও মোৰ অনুভৱেৰে উল্লিখিত কথাখিনিৰ সফল ৰূপায়ণ হ’লেই হয়তো চৰকাৰী শি‍ক্ষাখণ্ড সফলতাৰ দিশে আগবাঢি়ব ৷

দেৱজিৎ বৰা :  গুণোৎসৱ সম্পৰ্কত আপোনাৰ মতামত ?

ৰঞ্জন শইকীয়া : যি মহৎ উদ্দেশ্য আগত ৰাখি চৰকাৰে গুণোৎসৱ পাতিছে, সেই উদ্দেশ্য‍ যদি সঠিকভাৱে কাৰ্যকৰী হয়, তেন্তে নিশ্চিতভাৱে চৰকাৰী শি‍ক্ষাখণ্ডৰ বাবে ই এটা ইতিবাচক দিশ হ’ব৷

দেৱজিৎ বৰা :  আপুনি যি ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাই সুনাম অৰ্জন কৰিছে ,কেনে প্ৰেৰণাৰে আপুনি সেই দিশটোত কাম কৰিবলৈ আগবাঢ়ি আহিল । ইয়াৰ দ্বাৰা শিক্ষা জগতৰ কিবা লাভ হব বুলি ভাৱেনে ?

ৰঞ্জন শইকীয়া :  আচলতে মই কৰি থকা কামবোৰত এতিয়াও নিজকে পাৰদৰ্শী বুলি ভাবিব পৰা নাই ৷ কিন্তু সদায় কিবা এটা ভাল আৰু নতুন কাম কৰি যাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ ৷ এই কামবোৰৰ সীমা বিচাৰি পোৱাটো বৰ টান৷ বন্ধু-বান্ধৱ, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি আৰু মোৰ পৰিয়ালৰ লোকসকলৰ দ্বাৰা পোৱা উৎসাহৰ পৰিণতিতে মই মোৰ ভাল পোৱা কামবোৰ কৰি থাকিবলৈ প্ৰেৰণা পাইছোঁ ৷ কি বিচাৰি কৰি আছোঁ, সেইটো নিজেও নাজানো ৷ হয়তো ইয়াৰ পৰা মই এক মানসিক শান্তি পাওঁ, যিটো মই পৃথিৱীৰ ক’তোৱেই বচিাৰি নাপাওঁ ৷ এইবোৰ কামৰ দ্বাৰা উঠি অহা প্ৰজন্মই আৰ্থিকভাৱে কেনেকৈ লাভান্বিত হ’ব, মই নাজানো ৷ কিন্তু এটা সৃষ্টিশীল মনৰ অধিকাৰী হ’ব বুলি ডাঠি ক’ব পাৰোঁ৷ য’ত সৃষ্টিশীলতা থাকে , তাতেই নতুনৰ আৱিষ্কাৰ হয়৷
   
দেৱজিৎ বৰা :  শিশুসকলৰ বিকাশ তথা উন্নয়নৰ বাবে আপুনি নিজৰ ফালৰ পৰা কি কৰিছে ?

ৰঞ্জন শইকীয়া : এজন শি‍ক্ষক হিচাপে মই শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক – আটাইকেইটা দিশতেই গুৰুত্ব দিওঁ৷ এক কথাত শিশুসকলৰ মানসিক বিকাশ হোৱাটো বিচাৰোঁ৷ তাৰবাবে মই বিশেষকৈ সমাজৰ পিছ পৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনাঅৰ্থে প্ৰয়োজন অনুসৰি বিভিন্ন কৰ্মশালা কৰি আহিছোঁ আৰু আগলৈও কৰি যাম৷

দেৱজিৎ বৰা :  শিক্ষকতা জীৱনৰ কিবা  গুৰুত্বপূৰ্ণ ঘটনা আছেনেকি ?
ৰঞ্জন শইকীয়া : চৰকাৰী শি‍ক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ আগতে মই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছবছৰ শি‍ক্ষকতা কৰিছিলোঁ ৷ চৰকাৰী নিযুক্তি লাভ কৰি যোগদান কৰিবলৈ যাওঁতে‍ প্ৰথম অৱস্থাতে মোক সেইঠাইৰ স্থানীয় ৰাইজে ঘূৰাই পঠাইছিল ৷ কাৰণ বিদ্যালয়খন বডে়া মাধ্যমৰ আছিল৷ ঘূৰি আহি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ যদিও  ছমাহলৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ মোৰ বদলি‍ হোৱা নাছিল আৰু সেই ছমাহ মই বিনা বেতনেৰে ঘৰতে বহি থাকিবলগীয়া হৈছিল৷ এইটো মোৰ বাবে চৰকাৰী শি‍ক্ষক হিচাপে চাকৰি‍ৰ আৰম্ভণিতে হোৱা এটা গুৰুত্বপূৰ্ণ তথা তিক্ত ঘটনা ৷

দেৱজিৎ বৰা :  শিক্ষাৰ সৈতে জড়িত কাৰ্যালয় আৰু বিষয়া সকল সম্পৰ্কে আপোনাৰ মতামত ?
ৰঞ্জন শইকীয়া : শি‍ক্ষাৰ সৈতে জডি়ত বিষয়াসকলে সঠিকভাৱে নিজৰ দায়িত্ব পালন কৰাৰ লগতে শি‍ক্ষকসকলৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰাটো বিচাৰোঁ ৷ কাৰণ, শি‍ক্ষক আৰু বিদ্যালয়ৰ অভাৱ-অভিযোগবোৰ জিলা/ ৰাজ্যিক পৰ্যায়ৰ উচ্চপদস্থ বিষয়া আৰু শি‍ক্ষামন্ত্ৰীলৈ পঠিওৱাৰ একমাত্ৰ মাধ্যম তেওঁলোক ৷

দেৱজিৎ বৰা :  অভিভাৱক সকলৰ প্ৰতি আপোনাৰ মতামত ?
ৰঞ্জন শইকীয়া : বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল একেবাৰে সহজ-সৰল আৰু তেওঁলোকৰ নগণ্য সংখ্যকহে শিক্ষিত তথা সচেতন৷ এইক্ষেত্ৰত তেওঁলোকৰ সৈতে শি‍ক্ষামূলক সজাগতা সভা সময়ে সময়ে অনুষ্ঠিত কৰি সু-সম্পৰ্ক ৰক্ষা কৰাটো আমাৰ শি‍ক্ষক সমাজৰ দায়িত্ব বুলি ভাবোঁ৷
দেৱজিৎ বৰা : অসমৰ শিক্ষাই জগত জিনিব পাৰিব বুলি আপুনি ভাবে‍নে ?
ৰঞ্জন শইকীয়া :  অসমৰ শি‍ক্ষা ব্যৱস্থাই নিশ্চয় জগত জিনিব পাৰিব বুলি ভাবোঁ৷ কাৰণ, ইতিহাস যদি চাবলৈ যাওঁ, তেন্তে অসমৰ পৰা বহু বিশিষ্ট ব্যক্তিয়ে কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বতেই অসমৰ নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হোৱা দেখা গৈছে ৷ বৰ্তমানেও অসমৰ বহু ব্যক্তি সমগ্ৰ বিশ্বত বিভিন্ন কৰ্মত আগভাগ লৈ সফলতা লাভ কৰিছে আৰু আগলৈও তেনে ব্যক্তি ভৱিষ্যৎ প্ৰজন্মৰ পৰা ওলাব বুলি আশা কৰোঁ৷  
দেৱজিৎ বৰা : অসমৰ শিক্ষা নীতি কেনে হোৱা উচিত ?
ৰঞ্জন শইকীয়া :  পুৰণি দিনবোৰত যি শি‍ক্ষানীতি প্ৰচলিত আছিল, তাকেই মূল আধাৰ হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান সময়ৰ লগত যুঁজ দিব পৰাকৈ কিছু সাল-সলনি কৰি নতুনকৈ গঠন কৰা প্ৰয়োজন৷ 
দেৱজিৎ বৰা :  শিক্ষাগুৰু সকলে কেনেধৰণৰ সা সুবিধা পোৱাটো উচিত ? মাননী বাৰু পৰ্যাপ্ত হয়নে ?
ৰঞ্জন শইকীয়া :  শি‍ক্ষাগুৰুসকলৰ সা-সুবিধাৰ প্ৰতি চৰকাৰৰ বিশেষ গুৰুত্ব থকাটো দৰকাৰ৷ কাৰণ, দেশৰ ভৱিষ্যৎ শি‍ক্ষকসকলৰ হাততেই ন্যস্ত থাকে৷ শি‍ক্ষকসকলৰ মাননী সৰ্বভাৰতীয় পৰ্যায়ত একে হোৱাটো বিচাৰোঁ৷ 
দেৱজিৎ বৰা : সফল শিক্ষাদান কৰিবলৈ কি কি সা সুবিধাৰ প্ৰয়োজন বোধ কৰে ।
ৰঞ্জন শইকীয়া :  সংক্ষেপতে কওঁ - পৰ্যাপ্ত শি‍ক্ষক, শ্ৰেণী অনুযায়ী উন্নত মানদণ্ডৰ শ্ৰেণীকোঠা, অত্যাধুনিক শি‍ক্ষণ-শিকন সঁজুলি, সুস্থ পৰিৱেশ, অভিভাৱকসকলৰ সচেতনতাই মূল প্ৰয়োজন ৷ কিছু ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আৰ্হি গ্ৰহণ কৰা প্ৰয়োজন৷

দেৱজিৎ বৰা : আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে ‘অসম দাপোণ’ পৰিয়ালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ আশা কৰোঁ আপোনাৰ সাধনা ফলপ্ৰসূ হওক ৷ এজন সফল শি‍ক্ষক হোৱাৰ লগতেই যেন আপুনি আৰু অধিক সফলতা লাভ কৰক আপোনাৰ শিল্প-সাধনাৰ ক্ষেত্ৰখনত ৷ আমাৰ শুভেচ্ছা সদায় থাকিব ৷  

ৰঞ্জন শইকীয়া :  ধন্যবাদ ৷



                         ***************

                                         

    দেৱজিৎ বৰা , মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, যমুনামুখ মণ্ডল সমল  কেন্দ্ৰ, হোজাই 

                                              


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: