Saturday, September 2, 2017

লিমাৰিক

                 (১)

মাছৰ তেলেৰেই মাছ ভজাৰ মন
সেয়ে লৈছোঁ মই যৌতুক লোৱাৰ পণ
কাম কৰোঁ চৰকাৰী
ঘোচ খোৱা দৰকাৰী
বিয়া পাতি পাম কিছু ফকতীয়া ধন ।


                 (২)
দিব মোক টিভি, ফ্ৰীজ আৰু নিউ কাৰ
বিচাৰিছোঁ এনে ধনীক, এক জী যাৰ
বিয়া পাতি হ’ম সুখী
শহুৰো নহয় দুখী
ক’লা নে বগা কইনা চিন্তা নাই তাৰ ।

                (৩)
সামাজিক মহাব্যাধি নামটি যৌতুক,
কোৱা নাই তোমাক মই কোনো কৌতুক
যৌতুকৰ আতংক
সমাজৰ কলংক
নকৰিবা দুখী তুমি কাকো অহেতুক ।

             *     *    *   *  







         প্ৰাণতোষ কুমাৰ সূত্ৰধৰ
 সহকাৰী শিক্ষক, গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়
    ছয়গাঁও শিক্ষাখণ্ড, কামৰূপ (গ্ৰাম্য) জিলা 

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: