Saturday, September 2, 2017

সোৱণশিৰিপৰীয়া ডেকা


সোৱণশিৰিপৰীয়া ডেকা আমি
সোৱণশিৰিয়েই আমাৰ আশা-ভৰসাৰ থল
আমি সপোন দেখোঁ সোৱণশিৰিৰ

নাঙলৰ মুঠিত ধৰি গাই যাওঁ
জীৱনৰ জয়গান
সোৱণশিৰিৰ দুয়ো পাৰ

আমাৰ সপোনৰ সেউজীয়া উৎস
বান আহে বান যায়
দি যায় মিঠা-তিতা বহুত অভিজ্ঞতা
তথাপি ভাল লাগে সোৱণশিৰিক
বৈ আছে অবিৰাম কুলু-কুলুকৈ
বহু ইতিহাস গৰকি
সোৱণশিৰিৰ বুকুতে মেলি দিওঁ বণিজৰ নাও
তাতেই বিচাৰি পাওঁ শাওণৰ ৰোৱনীজনী
আই-পিতাইৰ আদৰৰ বোৱাৰীজনী

সোৱণশিৰিয়েইতো দিছে আমাক সকলোবোৰ
ৰালি, শৈশৱ, কৈশোৰ, যৌৱন
সোৱণশিৰিৰ বুকুতেই পাৰ কৰিছোঁ
যৌৱনৰ বহু নিদ্ৰাহীন ৰাতি

জংকী-পানেইৰ প্ৰেমৰ ইতিহাস
সাক্ষী সোৱণশিৰি
সমাজত ঠাই নাপালেও
সিহেঁত ঠাই পালে সোৱণশিৰিৰ বুকুত

সোৱণশিৰিপৰীয়া ডেকা আমি
সোৱণশিৰিৰ বুকুতে সপোন ৰচি
নাঙলৰ মুঠিত ধৰি গাই যাওঁ
জীৱন-যৌৱনৰ জয়গান
                            
                           
মনজিৎ শইকীয়া
* * * * * * 

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: