Tuesday, September 5, 2017

আলোচনীৰ আঁৰৰ কথা


                   ফেইচবুকৰ অন্যতম জনপ্ৰিয়, শিক্ষকৰ গোট 'facebook Teacher Desk' মঞ্চখনৰ জৰিয়তে ,অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন স্থানত কৰ্মৰত তথা বিভিন্ন স্থানত সিঁচৰতি‍ হৈ থকা শিক্ষকসকলৰ দ্বাৰা এখন বহুমুখী ই-আলোচনী প্ৰকাশ পোৱা কথাটো সঁচাই বহুত আনন্দৰ কথা ,যাৰ জৰিয়তে শিক্ষক সমাজৰ আৰু ছাত্ৰ-ছাত্ৰীৰ সাহিত্য প্ৰতিভা, শৈক্ষিক আলোচনা, নিবন্ধ, সংগ্ৰাম আদিৰ এখনি জীয়া ছবি ইণ্টাৰনেটৰ পৃথিৱীত মুকলি হ'ব ৷ ২০১২ চনতে আত্মপ্ৰকাশ কৰা এই গোটটোৱে অসমৰ চুকে-কোণে কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে যোগাযোগৰ এখন সক্ৰিয় মঞ্চ হিচাপে ভূমিকা পালন কৰি আহিছে আৰু সম্প্ৰতি এই গোটৰ সদস্য সংখ্যা ১৩,০০০ তকৈও অধিক হৈছে ৷ বিভিন্ন সময়ত বিভিন্নজন শিক্ষক -শিক্ষয়িত্ৰীয়ে প্ৰকাশ কৰি অহা সুন্দৰ সাহিত্যিক কৰ্মৰাজি তথা শৈক্ষিক অনুভৱ আদিয়ে গোটৰ মজিয়াত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ফেইচবুকৰ সীমাবদ্ধতাৰ বাবে তেনে লিখনি বা বিষয়সমূহ সংৰক্ষণৰ বাবে তথা প্ৰসাৰৰ বাবে এখন ই-আলোচনী, অৰ্থাৎ ইণ্টাৰনেটৰ এটা 'ৱেবচাইট'ৰ প্ৰয়োজন উপলব্ধি কৰা হৈছিল ৷ ২০১৩ চনতে গোটৰ বাবে এটা সৰু ৱেবচাইট ,বিনামূলীয়া website hosting সেৱা প্ৰদানকাৰী dottk ত চলোৱা হৈছিল ৷ কিন্তু তেতিয়া সীমিত সংসাধনৰ বাবে ছমাহমানৰ পাছতে ৱেবচাইটটো বন্ধ হৈ গৈছিল ৷
     বছৰ বাগৰাৰ লগে লগে গোটত সদস্য সংখ্যাও আশানুৰূপভাৱে বৃদ্ধি পাবলৈ ল'লে ৷ ইতিমধ্যে ইণ্টাৰনেটৰ পৃথিৱীখনৰ সৈতে মানুহৰ যোগাযোগো আগতকৈ যথেষ্ট সহজ হৈ পৰিল ৷
যোৱা ১৬ জুন ( ২০১৭) ৰ দিনা গোটৰ মজিয়াতএগৰাকী প্ৰতিভাসম্পন্ন শিক্ষয়িত্ৰী দিপিকা ডেকা বাইদেৱে গোটৰ ফালৰ পৰা এখনি আলোচনী প্ৰকাশ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু সেই প্ৰস্তাৱত গোটৰ সদস্য সকলৰ বিপুল সঁহাৰিয়ে সকলোৰে মনত এখন আলোচনী প্ৰকাশৰ বাবে শক্তিৰ সঞ্চাৰ কৰে আৰু এখনি ই-আলোচনী প্ৰকাশৰ সিদ্ধান্ত লোৱা হয় ৷
      পৰৱৰ্তী সময়ত গোটৰ সৰ্বসন্মতিক্ৰমে আলোচনীখনৰ প্ৰথম সংখ্যাৰ সম্পাদনাৰ দায়িত্ব দিপিকা ডেকাকে অৰ্পণ কৰা হয় আৰু কেইজনমান আগ্ৰহী শিক্ষকেৰে ,সৰুকৈ এখনি সম্পাদনা সমিতি গঠন কৰা হয় ৷ সম্পাদনাৰ লগত জড়িতসকলে দৈনন্দিন নিজ কৰ্মব্যস্তাৰ মাজতো দিনে-নিশাই পৰিশ্ৰম কৰি, লিখনি সংগ্ৰহ কৰি, সম্পাদনা কৰি যি‍ ত্যাগ আৰু আন্তৰিকতা প্ৰকাশ কৰিলে, তাৰ ফলশ্ৰুতিতহে আজি আমি ইমান ডাঙৰ লক্ষ্য এটাত উপনীত হ'ব পাৰিলোঁ ৷ এইখিনিতে, গোটৰ সহকাৰী প্ৰশাসক দেৱভূষণ ছাৰে যি কৰ্মস্পৃহা আৰু ত্যাগেৰে গোট পৰিচালনাৰ লগতে আলোচনীৰ সৰু-বৰ সকলো দিশতে ভূমিকা পালন কৰিছে, তাৰ বাবে তেখেতলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ ৷ লগতে অসমৰ শিক্ষক সমাজৰ তৰফৰ পৰা প্ৰকাশ পাবলগীয়া ই-আলোচনী 'অসম দাপোণ' ৰ প্ৰথম সংখ্যাৰ সম্পাদনাৰ লগত জড়িত সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ ৷

অৰূপ জ্যোতি হাজৰিকা
নগাঁও, অসম
মুখ্য প্ৰশাসক , facebook Teacher DESK

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

8 comments: