মোৰ কাষলৈ আহি ছাৰে মোৰ হাতত ধৰি ক'লে, "ছাৰ, কেইবাদিনো ধৰি মই একো এটা খাবলৈ পোৱা নাই ৷ বেয়া নাপায় যদি আপুনি মোক কিবা এটা খাবলৈ দিবনে? মই কোনো চোৰ নহয়, মই কোনো ভিক্ষাৰীও নহয় ৷ ....... মোৰ হাতত এটা টকাও নাই .... " ছাৰে দুৰ্বল কণ্ঠেৰে মাথোঁ কৈ গ'ল ৷ আৰু মই?
গণেশ বাবু — তেখেতৰ নাম ৷ প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়ছোৱাত তেখেত মোৰ
শিক্ষাগুৰু আছিল ৷ শিশু হোৱা বাবেই এইবিষয়ত মোৰ কোনো ধাৰণা নাছিল আৰু জুখিবৰ
বাবেও কোনো মাপনী নাছিল যে তেখেত কিমান ভাল মানুহ ৷ কিন্তু এইটোৱে জানিছিলোঁ
যে ছাৰ এজন ভাল মানুহ ৷
তেখেতে নিজৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নাম,
সিহঁত ক'ত থাকে , কেনেকৈ থাকে ইত্যাদি খবৰ ৰখিছিল ৷ তদুপৰি সিহঁতৰ মাক-দেউতাককো ব্যক্তিগতভাৱে জানিছিল ৷ যেতিয়া ছাৰে আমাক বৰ্ণমালা আৰু ইংৰাজীত সংখ্যাবোৰ লিখিবলৈ শিকাইছিল,
তেতিয়া প্ৰতিটো আখৰ বা প্ৰতিটো সংখ্যা কি
পদ্ধতিৰে লিখিব লাগে, সেইটো তন্ন তন্নকৈ শিকাই দিছিল ৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে
শুদ্ধ পদ্ধতিৰে লিখিছেনে নাই, সেয়া নিশ্চিত হৈ লৈছিল ৷ ছাৰ এজন 'পাৰফেকশ্বনিষ্ট' ব্যক্তি আছিল আৰু আমি তেখেতক কেতিয়াও শিক্ষাদানৰ ক্ষেত্ৰত ভাগৰুৱা যেন দেখা পোৱা
নাছিলোঁ ৷ তেখেত আমাৰ বাবে সদায় প্ৰস্তুত আছিল আৰু তেখেতৰ জ্ঞানৰাজি বিলাই দিয়াৰ
ক্ষেত্ৰত অত্যন্ত উৎসাহী তথা আগ্ৰহী আছিল ৷
মই তেতিয়া পঞ্চম শ্ৰেণীত আছিলোঁ যদিও
তেখেত যে অৰ্থনৈতিকভাৱে বৰ দুৰ্বল আছিল,
সেই কথা ভালদৰে অনুভৱ কৰিব পাৰিছিলোঁ ৷
তেখেতৰ সাজ-পোছাকৰ পৰাই সেইটো স্পষ্ট হৈ পৰিছিল ৷ খুব সম্ভৱ তেখেতৰ
মাত্ৰ এখনেই ধুতি আৰু মাত্ৰ এটাই চাৰ্ট আছিল ! তেখেতে বিদ্যালয়লৈ কেতিয়াও টিফিন লৈ
অহাও দেখা নাছিলোঁ ৷ পাছত মই জানিব পাৰিছিলোঁ যে একাপ চাহ কিনিবৰ বাবেও তেখেত
সক্ষম নাছিল আৰু আনকি আৰ্থিক দীনতাৰ বাবেই সপ্তাহটোৰ প্ৰায় আধা দিন তেখেতে লঘোনে কটাবলগীয়া হৈছিল ৷ তথাপিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেখেতেৰ মানসিকতাত কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল আৰু সকলোকে নিজৰ সন্তানৰ দৰে ভাবিয়েই তেখেতে দায়িত্ব পালন কৰি গৈছিল ৷
সেই সময়ত শিক্ষকৰ দৰমহা একেবাৰেই কম আছিল ৷ তদুপৰি কেতিয়াবা ছমাহ আৰু
কেতিয়াবা তাতকৈও বেছি সময়ৰ ব্যৱধানতহে শিক্ষকসকলক দৰমহা দিয়া হৈছিল ৷ তথাপিও
তেখেতৰ অন্তৰখন আছিল চহকী ৷ কেতিয়াও দুখ অনুভৱ কৰাও দেখা নগৈছিল তেখেতক ৷ ছাৰ এজন বিশাল হৃদয়ৰ অধিকাৰী ব্যক্তি আছিল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি থকা মৰম-চেনেহ আৰু দায়বদ্ধতাৰ বাবেই যেতিয়া কোনো ছাত্ৰ বিদ্যায়লয়লৈ একেৰাহে দুদিন
ধৰিও নহাকৈ আছিল, তেতিয়াই নিজে সেই ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ খা-খবৰ লৈছিল ৷ কিন্তু তেখেতক চাহ একাপ
যাচিলেও গ্ৰহণ কৰা নাছিল ৷
মাধ্যমিক স্তৰত মই অধ্যয়নত বৰকৈ ব্যস্ত হৈ পৰিছিলোঁ ৷ তথাপিও যেতিয়াই ছাৰক
বাটে-পথে
লগ পাইছিলোঁ, তেতিয়াই আমি কথা পাতিছিলোঁ, হাঁহি-ধেমালিবোৰ ভগাই লৈছিলোঁ ৷ ছাৰে মোৰ পঢ়া-শুনাৰ খবৰ লোৱাৰ উপৰিও মোৰ মা-দেউতাৰ খবৰ ল'বলৈও পাহৰা নাছিল ৷ কিন্তু মই
কলেজলৈ যোৱা দিন ধৰি কৰ্মজীৱনত সোমাই পৰালৈকে ছাৰক আৰু লগ পোৱা নাছিলোঁ কোনোদিন৷ সেই
সময়ছোৱাতেই তেখেতে চাকৰিৰ পৰাও অৱসৰ পাইছিল, বিশেষ কোনো আৰ্থিক সাহায্য নোপোৱাকৈয়ে ৷
:::::::::::::::::::::::::::::::::::::::::::::::::::
প্ৰায় ওঠৰ-বিশ বছৰৰ পাছৰ কথা ৷ এদিন সন্ধিয়া মই ওচৰৰে বজাৰখনলৈ গৈছিলোঁ
৷ ক্ষীণকায়, বৃদ্ধ মানুহ এজনক বাটেৰে লাহে লাহে খোজ কাঢ়ি অহা দেখা
পালোঁ মই ৷ তেখেত আন কোনো নহয় , আমাৰ ছাৰ সেয়া ........ গণেশ বাবু ছাৰ ৷ চকুত ডাঠ এযোৰ চশ্মা ,
মুখত দাঢ়ি-গোঁফেৰে ভৰ্তি ৷ দেখাতেই তেখেতক দুৰ্বল আৰু অসুস্থ যেন লাগিছিল ৷ ছাৰৰ পোছাকযোৰো আছিল একেবাৰে জীৰ্ণ আৰু মলিন ৷ মই ছাৰলৈ মাথোঁ চাই
ৰৈছিলোঁ ৷ তেখেত খোজ কাঢ়ি আহি আহি মই থকা ঠাইডোখৰৰ ওচৰতে থকা 'ফাষ্ট ফুড'ৰ দোকান এখনৰ কাষতে ৰৈ খোৱা বস্তুবোৰলৈ চাই
থাকিল ৷ মই মাথোঁ চাই ৰ'লোঁ ছাৰক ৷ মানুহজনক দেখি মই যেন ......
!
এবাৰত ছাৰে হঠাতে
পিছফাললৈ ঘূৰি চাই মোক দেখা পালে ৷ কিন্তু তেখেতে মোক চিনি নাপালে ৷ মোৰ কাষলৈ আহি
ছাৰে মোৰ হাতত ধৰি ক'লে, "ছাৰ, কেইবাদিনো ধৰি মই একো এটা খাবলৈ পোৱা নাই ৷ বেয়া নাপায়
যদি আপুনি মোক কিবা এটা খাবলৈ দিবনে? মই কোনো চোৰ নহয়,
মই কোনো ভিক্ষাৰীও নহয় ৷ ....... মোৰ হাতত এটা
টকাও নাই .... " ছাৰে দুৰ্বল কণ্ঠেৰে মাথোঁ কৈ গ'ল ৷ আৰু মই?
মোৰ নিজকে কিবা যেন লাগিল !
মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ ......
আৰু বাধা দি ৰাখিব নোৱৰা মোৰ দুচকুৰ
দুধাৰি লোতকৰ সোঁত মোৰ দুগালত অনুভৱ কৰিলোঁ ৷ মোৰ সেমেকা চকুদুটাৰ আগত দৃশ্যবোৰ
অস্পষ্টপ্ৰায় হৈ পৰিল ৷ ক'ব নোৱৰাকৈয়ে মই ছাৰৰ সমুখত আঁঠু ল'লোঁ ৷ মোৰ অজানিতেই মোৰ হাত দুখনেও ছাৰৰ দুভৰিত স্পৰ্শ কৰিলেগৈ ৷ ভগা ভগা
কণ্ঠেৰে মই ছাৰক ক'লোঁ , "ছাৰ, প্ৰায় ত্ৰিশবছৰমানৰ আগতে মই আপোনাৰ
ছাত্ৰ আছিলোঁ ৷........ ছাৰ, মই অৰূপ ৷" কোৱাৰ লগেলগেই তেখেতে মোক চিনি পালে ৷ মই
ক'ত
থাকোঁ, কি
কৰোঁ ইত্যাদিও তেখেতে লগেলগেই সুধি পেলালে ৷ মই এটা এটাকৈ মোক সোধা প্ৰশ্নবোৰৰ উত্তৰ দি গ'লোঁ ৷ মই যে বৰ্তমান মটা ভাল পদবীত কাম কৰি আছোঁ,
সেই বিষয়ে জানি আনন্দ প্ৰকাশো কৰিলে ছাৰে ৷
ছাৰে কৈছিল, "অৰূপ, মই যে এতিয়া ভোকাতুৰ, সেইটো কোনো কথাই নহয়,
কিন্তু মই এতিয়া সুখী ৷ এইবাবেই সুখী যে তুমি মোক এনে
অৱস্থাতো দেখিয়েই চিনি পালা আৰু মোৰ চৰণ স্পৰ্শ কৰি তোমাৰ অন্তৰত থকা শ্ৰদ্ধা
দেখুৱালা ৷ ..... মই সুখী অৰূপ ..... মই সুখী ৷ " ছাৰৰ মুখত তেতিয়াও এটা হাঁহি বিৰিঙি
উঠিছিল ৷
ছাৰক সেই দোকানখনত কিবা খাবলৈ দিবলৈ মোৰ মন নগ'ল ৷ মই মোৰ ঘৰলৈকে ছাৰক লৈ অহাৰ কথা ভাবিলোঁ ৷ মোৰ ঘৰলৈ আহিবলৈ ছাৰৰ মন
নাছিল ৷ কিন্তু বলেৰে ছাৰক মোৰ ঘৰলৈ লৈ আহিলোঁ ৷ তেখেতৰ ভোক পলোৱাকৈ কিবাকিবি খাবলৈ
দিলোঁ ৷ তাতকৈ ছাৰক বেলেগ একো দিবলৈ মোৰ মনে নক'লে, কিয়নো অধিক যাচি দিলে ছাৰে অন্তৰত আঘাত
পোৱাৰ ভয় এটাও আছে ৷ তেখেতক আগতে যাচি দিয়া চাহ একাপো গ্ৰহণ নকৰাৰ কথাটো মনলৈ আহি, তেখেতক
আৰু কিবা এটা যাচি দিয়াৰ পৰা মোক আঁতৰাই ৰাখিলে ৷ ছাৰক মই মাত্ৰ এটা অনুৰোধ জনালোঁ,
"ছাৰ,
যেতিয়াই আপোনাৰ কিবা প্ৰয়োজন হয়,
তেতিয়াই যেন মোৰ ঘৰলৈ আহে ৷"
ছাৰে মোৰ কথাৰ প্ৰতি সঁহাৰি জনাই মূৰ
দুপিয়ালে ৷
দিনবোৰ পাৰ হৈ গৈ থাকিল, পাৰ হৈ গৈ থাকিল ইটোৰ পিছত সিটো মাহ৷ কিন্তু ছাৰ কোনোদিনেই মোৰ ঘৰলৈ দ্বিতীয় বাৰৰ বাবে
আহি নাপালে ৷ আনকি বাটে-পথেও কোনোদিনেই ছাৰক মই এবাৰলৈ হ'লেও দেখা নাপালোঁ,
ছাৰৰ কোনো খবৰো নাপালোঁ ৷ এনেকৈয়ে যেন ছাৰ হেৰাই গ'ল ৷
. . . . . . . . . . .
ছাৰ এতিয়া ইহলোকত নাই ৷ কিন্ত ইহলোকত
থকা তেখেতৰে এজন ছাত্ৰ, মোৰ মনত সিঁচি থৈ গ'ল কিছু স্মৃতি ৷ গুৰু-শিষ্য সম্পৰ্কৰ মধুৰ বান্ধোনৰ অনুভৱটো আজিৰ তাৰিখতো মোৰ মনৰ এটি কোঠালিত জীৱন্ত
হৈ আছে ৷
*****************************
মূল : অৰূপ ঘোষ, ( শিক্ষক দিৱস উপলক্ষে নিজৰ শিক্ষাগুৰুক শ্ৰদ্ধাঞ্জলি জনাই, ইংৰাজীত লিখা এটি লেখা )
ভাৱানুবাদ :
দেৱভূষণ , প্ৰধান শিক্ষক, মধুপুৰ ৰা. প্ৰা. বি. ডিব্ৰুগড় , ম'বাইল - ৭৬৬২০ ৩৯২৯৮
মোৰ কাষলৈ আহি ছাৰে মোৰ হাতত ধৰি ক'লে, "ছাৰ, কেইবাদিনো ধৰি মই একো এটা খাবলৈ পোৱা নাই ৷ বেয়া নাপায় যদি আপুনি মোক কিবা এটা খাবলৈ দিবনে? মই কোনো চোৰ নহয়, মই কোনো ভিক্ষাৰীও নহয় ৷ ....... মোৰ হাতত এটা টকাও নাই .... " ছাৰে দুৰ্বল কণ্ঠেৰে মাথোঁ কৈ গ'ল ৷ আৰু মই?
গণেশ বাবু — তেখেতৰ নাম ৷ প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়ছোৱাত তেখেত মোৰ
শিক্ষাগুৰু আছিল ৷ শিশু হোৱা বাবেই এইবিষয়ত মোৰ কোনো ধাৰণা নাছিল আৰু জুখিবৰ
বাবেও কোনো মাপনী নাছিল যে তেখেত কিমান ভাল মানুহ ৷ কিন্তু এইটোৱে জানিছিলোঁ
যে ছাৰ এজন ভাল মানুহ ৷
তেখেতে নিজৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নাম, সিহঁত ক'ত থাকে , কেনেকৈ থাকে ইত্যাদি খবৰ ৰখিছিল ৷ তদুপৰি সিহঁতৰ মাক-দেউতাককো ব্যক্তিগতভাৱে জানিছিল ৷ যেতিয়া ছাৰে আমাক বৰ্ণমালা আৰু ইংৰাজীত সংখ্যাবোৰ লিখিবলৈ শিকাইছিল, তেতিয়া প্ৰতিটো আখৰ বা প্ৰতিটো সংখ্যা কি পদ্ধতিৰে লিখিব লাগে, সেইটো তন্ন তন্নকৈ শিকাই দিছিল ৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ পদ্ধতিৰে লিখিছেনে নাই, সেয়া নিশ্চিত হৈ লৈছিল ৷ ছাৰ এজন 'পাৰফেকশ্বনিষ্ট' ব্যক্তি আছিল আৰু আমি তেখেতক কেতিয়াও শিক্ষাদানৰ ক্ষেত্ৰত ভাগৰুৱা যেন দেখা পোৱা নাছিলোঁ ৷ তেখেত আমাৰ বাবে সদায় প্ৰস্তুত আছিল আৰু তেখেতৰ জ্ঞানৰাজি বিলাই দিয়াৰ ক্ষেত্ৰত অত্যন্ত উৎসাহী তথা আগ্ৰহী আছিল ৷

তেখেত যে অৰ্থনৈতিকভাৱে বৰ দুৰ্বল আছিল, সেই কথা ভালদৰে অনুভৱ কৰিব পাৰিছিলোঁ ৷ তেখেতৰ সাজ-পোছাকৰ পৰাই সেইটো স্পষ্ট হৈ পৰিছিল ৷ খুব সম্ভৱ তেখেতৰ মাত্ৰ এখনেই ধুতি আৰু মাত্ৰ এটাই চাৰ্ট আছিল ! তেখেতে বিদ্যালয়লৈ কেতিয়াও টিফিন লৈ অহাও দেখা নাছিলোঁ ৷ পাছত মই জানিব পাৰিছিলোঁ যে একাপ চাহ কিনিবৰ বাবেও তেখেত সক্ষম নাছিল আৰু আনকি আৰ্থিক দীনতাৰ বাবেই সপ্তাহটোৰ প্ৰায় আধা দিন তেখেতে লঘোনে কটাবলগীয়া হৈছিল ৷ তথাপিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেখেতেৰ মানসিকতাত কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল আৰু সকলোকে নিজৰ সন্তানৰ দৰে ভাবিয়েই তেখেতে দায়িত্ব পালন কৰি গৈছিল ৷
তেখেত যে অৰ্থনৈতিকভাৱে বৰ দুৰ্বল আছিল, সেই কথা ভালদৰে অনুভৱ কৰিব পাৰিছিলোঁ ৷ তেখেতৰ সাজ-পোছাকৰ পৰাই সেইটো স্পষ্ট হৈ পৰিছিল ৷ খুব সম্ভৱ তেখেতৰ মাত্ৰ এখনেই ধুতি আৰু মাত্ৰ এটাই চাৰ্ট আছিল ! তেখেতে বিদ্যালয়লৈ কেতিয়াও টিফিন লৈ অহাও দেখা নাছিলোঁ ৷ পাছত মই জানিব পাৰিছিলোঁ যে একাপ চাহ কিনিবৰ বাবেও তেখেত সক্ষম নাছিল আৰু আনকি আৰ্থিক দীনতাৰ বাবেই সপ্তাহটোৰ প্ৰায় আধা দিন তেখেতে লঘোনে কটাবলগীয়া হৈছিল ৷ তথাপিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেখেতেৰ মানসিকতাত কোনো নেতিবাচক প্ৰভাৱ পৰা নাছিল আৰু সকলোকে নিজৰ সন্তানৰ দৰে ভাবিয়েই তেখেতে দায়িত্ব পালন কৰি গৈছিল ৷
সেই সময়ত শিক্ষকৰ দৰমহা একেবাৰেই কম আছিল ৷ তদুপৰি কেতিয়াবা ছমাহ আৰু
কেতিয়াবা তাতকৈও বেছি সময়ৰ ব্যৱধানতহে শিক্ষকসকলক দৰমহা দিয়া হৈছিল ৷ তথাপিও
তেখেতৰ অন্তৰখন আছিল চহকী ৷ কেতিয়াও দুখ অনুভৱ কৰাও দেখা নগৈছিল তেখেতক ৷ ছাৰ এজন বিশাল হৃদয়ৰ অধিকাৰী ব্যক্তি আছিল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি থকা মৰম-চেনেহ আৰু দায়বদ্ধতাৰ বাবেই যেতিয়া কোনো ছাত্ৰ বিদ্যায়লয়লৈ একেৰাহে দুদিন
ধৰিও নহাকৈ আছিল, তেতিয়াই নিজে সেই ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ খা-খবৰ লৈছিল ৷ কিন্তু তেখেতক চাহ একাপ
যাচিলেও গ্ৰহণ কৰা নাছিল ৷
মাধ্যমিক স্তৰত মই অধ্যয়নত বৰকৈ ব্যস্ত হৈ পৰিছিলোঁ ৷ তথাপিও যেতিয়াই ছাৰক
বাটে-পথে
লগ পাইছিলোঁ, তেতিয়াই আমি কথা পাতিছিলোঁ, হাঁহি-ধেমালিবোৰ ভগাই লৈছিলোঁ ৷ ছাৰে মোৰ পঢ়া-শুনাৰ খবৰ লোৱাৰ উপৰিও মোৰ মা-দেউতাৰ খবৰ ল'বলৈও পাহৰা নাছিল ৷ কিন্তু মই
কলেজলৈ যোৱা দিন ধৰি কৰ্মজীৱনত সোমাই পৰালৈকে ছাৰক আৰু লগ পোৱা নাছিলোঁ কোনোদিন৷ সেই
সময়ছোৱাতেই তেখেতে চাকৰিৰ পৰাও অৱসৰ পাইছিল, বিশেষ কোনো আৰ্থিক সাহায্য নোপোৱাকৈয়ে ৷
:::::::::::::::::::::::::::::::::::::::::::::::::::
প্ৰায় ওঠৰ-বিশ বছৰৰ পাছৰ কথা ৷ এদিন সন্ধিয়া মই ওচৰৰে বজাৰখনলৈ গৈছিলোঁ
৷ ক্ষীণকায়, বৃদ্ধ মানুহ এজনক বাটেৰে লাহে লাহে খোজ কাঢ়ি অহা দেখা
পালোঁ মই ৷ তেখেত আন কোনো নহয় , আমাৰ ছাৰ সেয়া ........ গণেশ বাবু ছাৰ ৷ চকুত ডাঠ এযোৰ চশ্মা ,
মুখত দাঢ়ি-গোঁফেৰে ভৰ্তি ৷ দেখাতেই তেখেতক দুৰ্বল আৰু অসুস্থ যেন লাগিছিল ৷ ছাৰৰ পোছাকযোৰো আছিল একেবাৰে জীৰ্ণ আৰু মলিন ৷ মই ছাৰলৈ মাথোঁ চাই
ৰৈছিলোঁ ৷ তেখেত খোজ কাঢ়ি আহি আহি মই থকা ঠাইডোখৰৰ ওচৰতে থকা 'ফাষ্ট ফুড'ৰ দোকান এখনৰ কাষতে ৰৈ খোৱা বস্তুবোৰলৈ চাই
থাকিল ৷ মই মাথোঁ চাই ৰ'লোঁ ছাৰক ৷ মানুহজনক দেখি মই যেন ......
!
এবাৰত ছাৰে হঠাতে
পিছফাললৈ ঘূৰি চাই মোক দেখা পালে ৷ কিন্তু তেখেতে মোক চিনি নাপালে ৷ মোৰ কাষলৈ আহি
ছাৰে মোৰ হাতত ধৰি ক'লে, "ছাৰ, কেইবাদিনো ধৰি মই একো এটা খাবলৈ পোৱা নাই ৷ বেয়া নাপায়
যদি আপুনি মোক কিবা এটা খাবলৈ দিবনে? মই কোনো চোৰ নহয়,
মই কোনো ভিক্ষাৰীও নহয় ৷ ....... মোৰ হাতত এটা
টকাও নাই .... " ছাৰে দুৰ্বল কণ্ঠেৰে মাথোঁ কৈ গ'ল ৷ আৰু মই?
মোৰ নিজকে কিবা যেন লাগিল !
মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ ......
আৰু বাধা দি ৰাখিব নোৱৰা মোৰ দুচকুৰ
দুধাৰি লোতকৰ সোঁত মোৰ দুগালত অনুভৱ কৰিলোঁ ৷ মোৰ সেমেকা চকুদুটাৰ আগত দৃশ্যবোৰ
অস্পষ্টপ্ৰায় হৈ পৰিল ৷ ক'ব নোৱৰাকৈয়ে মই ছাৰৰ সমুখত আঁঠু ল'লোঁ ৷ মোৰ অজানিতেই মোৰ হাত দুখনেও ছাৰৰ দুভৰিত স্পৰ্শ কৰিলেগৈ ৷ ভগা ভগা
কণ্ঠেৰে মই ছাৰক ক'লোঁ , "ছাৰ, প্ৰায় ত্ৰিশবছৰমানৰ আগতে মই আপোনাৰ
ছাত্ৰ আছিলোঁ ৷........ ছাৰ, মই অৰূপ ৷" কোৱাৰ লগেলগেই তেখেতে মোক চিনি পালে ৷ মই
ক'ত
থাকোঁ, কি
কৰোঁ ইত্যাদিও তেখেতে লগেলগেই সুধি পেলালে ৷ মই এটা এটাকৈ মোক সোধা প্ৰশ্নবোৰৰ উত্তৰ দি গ'লোঁ ৷ মই যে বৰ্তমান মটা ভাল পদবীত কাম কৰি আছোঁ,
সেই বিষয়ে জানি আনন্দ প্ৰকাশো কৰিলে ছাৰে ৷
ছাৰে কৈছিল, "অৰূপ, মই যে এতিয়া ভোকাতুৰ, সেইটো কোনো কথাই নহয়,
কিন্তু মই এতিয়া সুখী ৷ এইবাবেই সুখী যে তুমি মোক এনে
অৱস্থাতো দেখিয়েই চিনি পালা আৰু মোৰ চৰণ স্পৰ্শ কৰি তোমাৰ অন্তৰত থকা শ্ৰদ্ধা
দেখুৱালা ৷ ..... মই সুখী অৰূপ ..... মই সুখী ৷ " ছাৰৰ মুখত তেতিয়াও এটা হাঁহি বিৰিঙি
উঠিছিল ৷
ছাৰক সেই দোকানখনত কিবা খাবলৈ দিবলৈ মোৰ মন নগ'ল ৷ মই মোৰ ঘৰলৈকে ছাৰক লৈ অহাৰ কথা ভাবিলোঁ ৷ মোৰ ঘৰলৈ আহিবলৈ ছাৰৰ মন
নাছিল ৷ কিন্তু বলেৰে ছাৰক মোৰ ঘৰলৈ লৈ আহিলোঁ ৷ তেখেতৰ ভোক পলোৱাকৈ কিবাকিবি খাবলৈ
দিলোঁ ৷ তাতকৈ ছাৰক বেলেগ একো দিবলৈ মোৰ মনে নক'লে, কিয়নো অধিক যাচি দিলে ছাৰে অন্তৰত আঘাত
পোৱাৰ ভয় এটাও আছে ৷ তেখেতক আগতে যাচি দিয়া চাহ একাপো গ্ৰহণ নকৰাৰ কথাটো মনলৈ আহি, তেখেতক
আৰু কিবা এটা যাচি দিয়াৰ পৰা মোক আঁতৰাই ৰাখিলে ৷ ছাৰক মই মাত্ৰ এটা অনুৰোধ জনালোঁ,
"ছাৰ,
যেতিয়াই আপোনাৰ কিবা প্ৰয়োজন হয়,
তেতিয়াই যেন মোৰ ঘৰলৈ আহে ৷"
ছাৰে মোৰ কথাৰ প্ৰতি সঁহাৰি জনাই মূৰ
দুপিয়ালে ৷
দিনবোৰ পাৰ হৈ গৈ থাকিল, পাৰ হৈ গৈ থাকিল ইটোৰ পিছত সিটো মাহ৷ কিন্তু ছাৰ কোনোদিনেই মোৰ ঘৰলৈ দ্বিতীয় বাৰৰ বাবে
আহি নাপালে ৷ আনকি বাটে-পথেও কোনোদিনেই ছাৰক মই এবাৰলৈ হ'লেও দেখা নাপালোঁ,
ছাৰৰ কোনো খবৰো নাপালোঁ ৷ এনেকৈয়ে যেন ছাৰ হেৰাই গ'ল ৷
. . . . . . . . . . .
ছাৰ এতিয়া ইহলোকত নাই ৷ কিন্ত ইহলোকত
থকা তেখেতৰে এজন ছাত্ৰ, মোৰ মনত সিঁচি থৈ গ'ল কিছু স্মৃতি ৷ গুৰু-শিষ্য সম্পৰ্কৰ মধুৰ বান্ধোনৰ অনুভৱটো আজিৰ তাৰিখতো মোৰ মনৰ এটি কোঠালিত জীৱন্ত
হৈ আছে ৷
*****************************
মূল : অৰূপ ঘোষ, ( শিক্ষক দিৱস উপলক্ষে নিজৰ শিক্ষাগুৰুক শ্ৰদ্ধাঞ্জলি জনাই, ইংৰাজীত লিখা এটি লেখা )
ভাৱানুবাদ :
দেৱভূষণ , প্ৰধান শিক্ষক, মধুপুৰ ৰা. প্ৰা. বি. ডিব্ৰুগড় , ম'বাইল - ৭৬৬২০ ৩৯২৯৮
0 Please Share a Your Opinion.: