Saturday, September 2, 2017

অৰ্থশস্য

                       

     পেটত জ্বলি থকা জুইকুৰাক
     সাক্ষী কৰি পথাৰখনক বহাই ৰাখে
     পূবৰ থাপনাখনত...

     ফাগুনী উত্তৰায়ণত শুকাই ৰয় ঘাম,
     পদুলিত কেতিয়াও নপৰা দকণক
     চিকুটি চিকুটি থূপাই লৈ
     টঙালিত বান্ধি লুণীয়া কৰে কঠিয়াতলী...
     কাৰণ,গাভৰু পথাৰখনত বন্ধকীত থোৱা থাকে
     বোকাময় জীৱনৰ আলিবাটবোৰ...

     সেই বোকাময়তাত জিৰাই শেষ হয়
     এদিনৰ দুপৰীয়াবোৰ...আৰু
     সপোনবোৰ বিক্ৰী হয় পথাৰতেই,

     সেউজবোৰ সোণোৱালী কৰাৰ শপত লৈ
     পুনৰ দৰ-দাম কৰা হয় পেটৰ সেই জুইকুৰাৰ...

      ( পথাৰত জীৱন জীয়া প্ৰতিজন কৃষকৰ হাতত )
            *   *  *  *  *  *  *



      নিবেদিতা হাজৰিকা , সহকাৰী শি‍ক্ষয‍িত্ৰী
             ৪৩৫ নং  বৰকাপলা প্ৰাথমিক বিদ্যালয়, বৰপেটা

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: