এই যুৱপ্রজন্মৰ মন-মানসিকতাক যদি যোগাত্মক দৃষ্টিভঙ্গীৰে আগবঢ়াই লৈ যাব নোৱাৰি, তেনেহ’লে দেশ এখনৰ ভৱিষ্যৎ অন্ধকাৰ বুলিয়ে ক’ব লাগিব। এই যুৱচামৰ মন-মানসিকতাক যোগাত্মক কৰি গঢ়ি তুলিবলৈ হ’লে আমাৰ শিক্ষা ব্যৱস্থাটোও অধিক উন্নত মানদণ্ডৰ হ’ব লাগিব। যুৱপ্রজন্মক সামাজিকভাৱে দায়বদ্ধ কৰি তুলিবলৈ হ’লে শিক্ষা ব্যৱস্থাটোৰো আমোল পৰিৱর্তন কৰিব লাগিব, কিয়নো কেৱল পাঠ্যপুথিকেন্দ্রিক শিক্ষাৰে আধুনিক তথা সামাজিকভাৱে দায়বদ্ধতাৰ শিক্ষা দিয়াটো কেতিয়াও সম্ভৱ নহয়।
শিক্ষা হৈছে এটা জাতি তথা দেশৰ মেৰুদণ্ডস্বৰূপ। এখন সমাজ তথা দেশ এখনক সুস্থ-সবল কৰি তুলি আগবঢ়াই নিবলৈ হ’লে সেই দেশ তথা সমাজৰ প্রতিজন ব্যক্তিয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হ’বই লাগিব। সমাজখন তথা দেশখনৰ সকলো ব্যক্তিয়ে যাতে তেনে এক প্রগতিশীল আৰু মানৱীয় মূল্যবোধৰ শিক্ষা লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা সংশ্লিষ্ট সমাজ তথা দেশখনে ল’বই লাগিব। এনে শিক্ষাৰ জৰিয়তে সমাজ তথা দেশৰ যুৱপ্রজন্মক আগুৱাই লৈ যাব লাগিব । কিয়নো যুৱপ্রজন্মৰ ওপৰতেই এখন দেশৰ ভৱিষ্যৎ নির্ভৰ কৰে। গতিকে
**************************************************
জেহিদুল ইছলাম মিৰ্ধা
দীননাথ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়
জেহিদুল ইছলাম মিৰ্ধাদীননাথ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়

0 Please Share a Your Opinion.: