Tuesday, September 5, 2017

আমাক কিতাপ লাগে

মহাশয় , 
আমাৰ কিতাপ নাই 
ফটা-চিটা কাপোৰ
নাকত শেঙুন 
আমাক পৰিস্কাৰ কৰক
মহাশয় , 
যোৱাবেলিও নাছিল কাপোৰ


আমি নাঙঠ হৈ থাকিলোঁ
যিদৰে নাঙঠ, 
পঢ়িব নোৱাৰি
-, -
মহাশয়, 
আমাৰ বাবে পানী নাই,
নাই পায়খানা, প্ৰস্ৰাৱ ঘৰ
কাগজে কলমে 'স্বচ্ছ ভাৰত'
আমি আজিও নাঙঠ ৷
মহাশয়, 
'
মিড ডে মিল'
কণী আধা ভগা
ৰান্ধনী এহেজাৰটকীয়া
অধিকাৰ আমাৰ শিক্ষা
শিক্ষকআধা 
শিক্ষাপাল মৰা
মহাশয়, 
আমাক কিতাপ দিয়ক
দিয়ক 'সঁচা/ স্বচ্ছ পায়খানা, প্ৰস্ৰাৱ ঘৰ 
দিয়ক শিক্ষক
শিক্ষা......
আমিও মানুহ হ'
মহাশয়, বুদ্ধিজীৱী,
এষাৰ মাত মাতক
নেতা, পালিনেতা
আছু ,আলফা ,
কৃষক মুক্তি, সাহিত্য সভা,
জনজাতীয় সমাজ,
সচেতন নাগৰিক
আগবাঢ়ি আহক
শিক্ষা 'আধা মৰা' !
              তামান্না ইয়াছমিন, অষ্টম শ্ৰেণী
ঠিকনা : ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়
ছয়গাঁও, দক্ষিণ কামৰূপ
প্ৰেৰণ কৰিলে - শিক্ষক  ৰূপম দাসে‍, বাইল৯৬১৩০ ৫৪৬৮৭
                  *********************


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: