শ্ৰৱণৰ বাবে শিশুটিয়ে ভালকৈ শুনে নে নুশুনে, সেইটো আমি লিখিত পৰীক্ষা লৈ গম পাব নোৱাৰোঁ। একেদৰে আমি তিনিমাহৰ মূৰে মূৰে লৈ থকা লিখিত পৰীক্ষাবোৰৰ যোগেদি কথন, পঠন আদি গম পাব নোৱাৰোঁ। পাঠৰ বোধগম্যতা আমি মৌখিকভাৱে ল’লে হয়তো কম সময়ৰ খৰচ হ’ব। অৰ্থাৎ আমি সাধাৰণতে লোৱা পৰীক্ষাবোৰৰ প্ৰশ্ন মৌখিকভাৱে ল'লেও হয়।
“যদু
আৰু মধু নলেগলে লগা বন্ধু। দুয়ো একে শ্ৰেণীতে পঢ়ে । মধুৰ দেউতাক শিক্ষক। সি পঢ়াত
ভাল। আখৰখিনিও বৰ ধুনীয়া। বেছি সময় ঘৰৰ ভিতৰতে পঢ়া কামতে পাৰ কৰে। খেলা-ধূলা সি প্ৰায়
নকৰেই।
পিছে যদুৰ
প্ৰকৃতি তাৰ লগত নিমিলে। কাৰ বাৰীৰ আম, লিচু , কঁঠাল পকিছে - সেইবোৰ চকুৰ টিপতে ক’ব পাৰে। নদীত কেনেকুৱা বতৰত কি মাছৰ উজান আহে সি ভালকৈ
জানে। বিদ্যালয়লৈ যোৱাতকৈ সি গৰখীয়া কেইটাৰ লগত নদীত সাঁতুৰি-নাদুৰি গা ধুই
বেছি আমোদ পায়। সি এবাৰ পানীত পৰা পানী-কেঁচুৱা এটাক
বচাই গাঁৱৰ মানুহৰ বাঃ বাঃ লৈ থৈছে। এইবোৰ কাৰণতে তাৰ বিদ্যালয় প্ৰায়ে ক্ষতি হয়। শিক্ষকে যিমান গালি দিলেও সি বিদ্যালয়ত নিয়মীয়া নহয়।
বচাই গাঁৱৰ মানুহৰ বাঃ বাঃ লৈ থৈছে। এইবোৰ কাৰণতে তাৰ বিদ্যালয় প্ৰায়ে ক্ষতি হয়। শিক্ষকে যিমান গালি দিলেও সি বিদ্যালয়ত নিয়মীয়া নহয়।
এনেকৈয়ে সিহঁতৰ মূল্যায়ন আহে। মূল্যায়নৰ সময়ত যদুৱে বেছি সময় কলম কামুৰিয়ে পাৰ কৰিলে। মূল্যায়নৰ প্ৰশ্ন কাকতত এটা প্ৰশ্ন আছিল- ‘ তুমি সাতুৰিব জানানে? কেনেকৈ সাঁতোৰে বুজাই লিখা।’
লিখা বহীখন জমা দিয়া হ’ল। শিক্ষকে বহী নিৰীক্ষণো কৰিলে। দেখা গ’ল মধুৱে সেই প্ৰশ্নত সম্পূৰ্ণ নম্বৰ পাইছে আৰু যদুৱে পাইছে শূন্য।”
উল্লিখিত গল্পটো এজন ছাৰে এটা প্ৰশিক্ষণত কৈছিল। তেওঁ লগতে আমাক প্ৰশ্ন কৰিছিল - প্ৰকৃততে এয়া মূল্যায়ন কৰা হ’লনে ? চাবলৈ গ’লে ই প্ৰকৃত মূল্যায়ন নহ’ল। কাৰণ যিজনে সাঁতুৰিব নাজানে সেইজনে নম্বৰ পোৱাৰ বিপৰীতে সাঁতুৰিব জনাজনে পালে শূন্য।
আমাৰ
বহুতৰে মূল্যায়নবোৰ এই ধৰণৰে হৈ আছে। সেয়ে মনৰ মাজত উদয় হোৱা মূল্যায়ন সম্পৰ্কীয়
দুটামান কথা আলোচনা কৰিব খুজিছোঁ। এয়া মাথোন মূল্যায়ন সম্পৰ্কীয় মোৰ
ব্যক্তিগত দৃষ্টিভংগীহে ।
মূল্যায়ন কি ? ইয়াৰ সংজ্ঞা
যদি আমি ‘3 Idiots’
চিনেমাখনৰ 'মেচিন'ৰ সংজ্ঞাৰ up and down ৰ দৰে দিব খোজোঁ তেন্তে ??
বস্তু এটা কিমান গধুৰ, তাক জানিবলৈ তাৰ ওজন কৰোঁ। বস্তু এটা কিমান দীঘল, তাক জানিবলৈ তাৰ দীঘ জোখোঁ। অৰ্থাৎ কোনো বস্তুৰ কোনো জোখৰ বিষয়ে জানিবলৈ তাক বস্তু অনুযায়ী জোখা হয়। মিটাৰ, লিটাৰ, কিল’গ্ৰাম, ডিগ্ৰী আদিৰে আমি সেইবোৰ প্ৰকাশ কৰোঁ।
সেইদৰে শিশু এটিয়ে কোনো বিষয়ত কিমান জানিছে বা কিমান পাৰে, সেইটো গম পাবলৈ আমি যি কৰোঁ, সেয়াই মূল্যায়ন। ইয়াক আমি গ্ৰেড বা নম্বৰেৰে প্ৰকাশ কৰোঁ।

বস্তু
এটাৰ ওজন কৰিবলৈ যেনেদৰে দগা-পাল্লা, ডিজিটেল ৱেইট মেচিন আদিৰ সহায় লওঁ, একেদৰে
মূল্যায়ন কৰিবৰ বাবেও আমি পৰীক্ষা, অভীক্ষা আদিৰ সহায় লওঁ।
আগতে বিদ্যালয়ত ছমহীয়া, বছৰেকীয়া পৰীক্ষা পাতি আমাক উত্তীৰ্ণ, অনুত্তীৰ্ণ বছা হৈছিল। বৰ্তমান কোৱা হ’ল - পৰীক্ষা নহয়, শিশু এটিৰ সকলো কথা জানিবলৈ হ’লে মূল্যায়নহে কৰিব লাগে। মূল্যায়ন সম্পৰ্কে যিকোনো প্ৰশিক্ষণতে কোৱা হ’ল। লগতে কোৱা হ’ল যে মূল্যায়ন দুই প্ৰকাৰে কৰিব লাগে - অবিৰত আৰু সামগ্ৰিক। আমি তাৰ সংজ্ঞাবোৰ মুখস্থই কৰি ল’লোঁ। কিন্তু শেষত গৈ বিদ্যালয়ত আকৌ পৰীক্ষাই পাতিবলগীয়া হ’ল। আগতে যেনিবা বছৰত দুবাৰ লৈছিলোঁ, এতিয়া চাৰিবাৰ ; আৰু আগতে প্ৰিন্ট কৰা প্ৰশ্নকাকত আছিল, এতিয়া ব’ৰ্ডত লিখি দিয়া হ’লোঁ। পৰীক্ষা আৰু মূল্যায়নৰ পাৰ্থক্য আমি ইমানতে কৰিলোঁ। আৰু কিছুমান বিদ্যালয়ত যেনিবা ল’ৰা-ছোৱালীয়ে পৰীক্ষা বুলি গম নোপোৱাকৈ ল’ব লাগে কাৰণে আগৰ দৰে ৰুটিন নিদিওঁ।
মূল্যায়নৰ এটা আহিলা হ’ল পৰীক্ষা। পৰীক্ষাৰ যোগেদি আমি মূল্যায়ন কৰিব পাৰোঁ। বস্তু এটাৰ দীঘ জুখিবলৈ স্কেল আছে। ১০০ ছেন্টিমিটাৰে
১ মিটাৰ -
এনেধৰণৰ। পৰীক্ষা পদ্ধতিতো আমি তেনে এডাল স্কেল ব্যৱহাৰ সাধাৰণতে কৰোঁ। সেইডাল
স্কেলত ১০০ নম্বৰ ধৰা হয়। এইডাল স্কেলক এবাৰ পৰীক্ষা কৰি চোৱা যাওক।
আমাক এবাৰত মূল্যায়ন কৰিবৰ বাবে চাৰিটা পাঠ দিয়া হৈছে। চাৰিটা পাঠৰ পৰা ১০০ নম্বৰৰ প্ৰশ্ন প্ৰস্তুত কৰিব লাগে। এই চাৰিটা পাঠৰ পৰা কিমান প্ৰশ্ন প্ৰস্তুত কৰিব পৰা যাব ? চাবলৈ গ’লে এটা পাঠৰ পৰাই অসংখ্য প্ৰশ্ন প্ৰস্তুত কৰিব পৰা যায়। তথাপি ধৰা হ’ল - চাৰিটা পাঠৰ পৰা আমি ৫০০ টা প্ৰশ্ন প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া ১০০ নম্বৰৰ বাবে আমি কেইটা প্ৰশ্ন দিম তাৰ পৰা ? গড় হিচাপত ধৰি দিলোঁ ৫০ টা। অৰ্থাৎ ৫০ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে ১০০ নম্বৰ পাব। এতিয়া যদি আমি শতাংশত উলিয়াওঁ - ৫০০ টাৰ ৫০ টা পাৰিলে, অৰ্থাৎ ১০ শতাংশ পাৰিলে । আকৌ আমি ১০০ ৰ ভিতৰত ৩০ পালেই উত্তীৰ্ণ বুলি কওঁ। অৰ্থাৎ সেই ১০ শতাংশৰ ৩০% অৰ্থাৎ সম্পূৰ্ণ ৫০০ টা প্ৰশ্নৰ ৩% উত্তৰ জানিলেই আমি শিক্ষাৰ্থীক উত্তীৰ্ণ বুলি ধৰি লওঁ। বাকী ৯৭% নজনাকৈও সি পৰৱৰ্তী শ্ৰেণীলৈ যাব পৰা হ’ল।

ওপৰৰ
কথাৰ পৰা বুজা যায় যে নিম্ন প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষাৰ্থীযে ১০০ ৰ ভিতৰত ৮০- ৯০ পাই গ’লেও গোটেই
বিষয়বস্তুৰ ১০% ও
নজনাকৈ যাব পাৰে। সেই কাৰণেই উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে সততে দোষাৰোপ কৰে নিম্ন
প্ৰথমিক বিদ্যালয়ৰ শিক্ষকক - নিম্ন
প্রাথমিকত একো নজনাকৈ আহে বুলি। কিছুমানে যে নিজৰ নাম, বিদ্যালয়ৰ
নামটোও লিখিব নাজানে বুলি কোৱা শুনা যায়। কিন্তু পৰীক্ষাৰ marksheet ত ভাল
নম্বৰ থাকে। আমিও ভাবোঁ যে কিতাপখন দুলুটি-তিনি লুটি দি পঢ়াই শেষ কৰি ৯০% শতাংশ নম্বৰ
পোৱাই পঠাইছোঁ। নম্বৰৰ পিছত দৌৰি পাঠ্যপুথিৰ পাঠকেইটাৰ প্ৰশ্নকেইটাৰ পৰীক্ষা পাতি
আচল অৰ্হতাকেইটাৰ তল পৰি যোৱাৰ ফল জানো সেইবোৰ নহয় !
ভাষা(১)ৰ কথাই উদাহৰণ হিচাপে লওঁ। আমি সাধাৰণতে ভাষাৰ বাবে লোৱা পৰীক্ষাবোৰ কেৱল পাঠৰ বোধগম্যতাৰ ওপৰতে গুৰুত্ব দি লওঁ। বাকী আচল কথাকেইটা তল পৰি থাকে। ভাষাৰ ক্ষেত্ৰত আচল শিকনীয় অৰ্হতাকেইটা হৈছে - শ্ৰৱণ, কথন, পঠন , লিখন, বানান, হাতৰ আখৰ , পাঠৰ বোধগম্যতা আৰু প্ৰকল্প। পাঠৰ বোধগম্যতাৰ বাহিৰে বাকী অৰ্হতাৰ পৰীক্ষাৰ বাবে আমি পাঠ্যপুথিৰ প্ৰশ্নবোৰৰ উত্তৰ নিবিচৰাকৈও ল’ব পাৰোঁ। পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ বিচাৰি লোৱাৰ ফলত তেওঁলোকৰ পাঠবোৰ মুখস্থই হৈ থাকে। যিটো Parrot Learning ত পৰে। এটি শিশুক শ্ৰৱণ, কথন, পঠন, লিখন আদিত পাকৈত কৰি তুলিবৰ বাবেহে পাঠ্যপুথিখন প্ৰস্তুত কৰা হয়। তাত থকা প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিলেই এই অৰ্হতাকেইটা সম্পূৰ্ণ হ’ল বুলি ভবাটো ভুল। পাঠটো মুখস্থ বা যিকোনো প্ৰকাৰে সলসলীয়াকৈ তাৰ প্ৰশ্নবোৰ উত্তৰ পাৰিলেই এই অৰ্হতাবোৰত ছাত্ৰজন সম্পূৰ্ণ পাৰদৰ্শী নিশ্চয় নহয়।

শ্ৰৱণৰ বাবে শিশুটিয়ে ভালকৈ শুনে নে নুশুনে, সেইটো আমি
লিখিত পৰীক্ষা লৈ গম পাব নোৱাৰোঁ। একেদৰে আমি তিনিমাহৰ মূৰে
মূৰে লৈ থকা লিখিত পৰীক্ষাবোৰৰ যোগেদি কথন, পঠন আদি গম পাব নোৱাৰোঁ। পাঠৰ বোধগম্যতা আমি মৌখিকভাৱে ল’লে হয়তো কম
সময়ৰ খৰচ হ’ব।
অৰ্থাৎ আমি সাধাৰণতে লোৱা পৰীক্ষাবোৰৰ প্ৰশ্ন মৌখিকভাৱে ল’লেও হয়।
প্ৰথমতেই উপস্থাপন কৰা গল্পটোৰ দৰে এজন শিশু প্ৰকৃততে কিহৰ প্ৰতি বেছি আগ্ৰহী বা সি কোনটো ক্ষেত্ৰত বেছি আগবঢ়া, এইবোৰ চিনাক্ত কৰাহে মূল্যায়নৰ মূল লক্ষ্য। এটা কথা মন কৰিলে দেখিম যে পঢ়াত বেয়া বুলি ভবা ছাত্ৰ এজন খেলা-ধূলা বা অন্য যিকোনো দিশত পাৰদৰ্শী। মূল্যায়নৰ আচল উদ্দেশ্য সেই যি বিশেষ বিষয়ত পাৰদৰ্শী, সেই দিশটো চিনাক্ত কৰি উলিয়াই পাছৰ পর্যায়ত সেই দিশতে তাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব পৰাটো। আমাক যে পৰীক্ষা নাপাতিবলৈ কোৱা হয়, এই ধৰণৰ বিষয় বোৰ আমাৰ গতানুগতিক পাতি থকা পৰীক্ষাৰে হয়তো চিনাক্ত কৰিব পৰা নাযায়। লিখন, বানান, হাতৰ আখৰ এইবোৰ বিষয়ৰ কাৰণে আমি সচৰাচৰ পাতি থকা পৰীক্ষাবোৰ পাতিবই লাগিব। তাৰ বাবে ব্লেকব’ৰ্ডত প্ৰশ্ন লিখি অথবা ছপা আকাৰৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা বিতৰ্কৰ বিষয় নহয়। সেয়া সুবিধানুসৰি কৰিব পাৰি।

মূল্যায়ন বুলি আমি যিমান ভবা-চিন্তা কৰোঁ, আচলতে মূল্যায়ন বিষয়টো ইমান জটিল নহয়। এটি শিশুৱে তাৰ লগৰ
শিশুটিক মূল্যায়ন কৰি থয়। নহ’লেনো সিহঁতে দলীয়ভাৱে খেলাৰ সময়ত খেলত বেছি পৰা জনৰ ফালে
নিজে হ’বলৈ
বিচাৰিবনে !
অৰ্থাৎ সিহঁতৰ লগত কিছু সময় পাৰ কৰিলেই গম পোৱা যায় শিশু এটি কোন বিষয়ত বেছি
আগ্ৰহী তথা পাৰদৰ্শী। হয়তো গৱেষকসকলে গৱেষণা কৰি নিশ্চিত কৰিছে যে এজন শিক্ষকে ৩০
জন ছাত্ৰ-ছাত্ৰীক
এনেদৰে অবিৰত মূল্যায়ন কৰিব পাৰে। অৰ্থাৎ এজন শিক্ষকে পৰীক্ষা নপতাকৈ কোনজন শিশু
শ্ৰৱণ, কথন, পঠন, লিখন, বানান, হাতৰ আখৰ
এইবোৰতো আগবাঢ়িছে বা পিছ পৰিছে, পাঠদানৰ সময়তে নিৰীক্ষণ কৰিয়ে গম পাব পাৰে। এই কথাটো নিজেও
অনুভৱ কৰিব পাৰি। সেয়ে এনেদৰে শ্ৰেণীতে কোনজন ছাত্ৰই কি কি নোৱাৰে, সেইটো জনাৰ
পাছত আকৌ পৰীক্ষা পাতি দহ দিন সময় বৰ্বাদ কৰাৰ কি প্ৰয়োজন ! হয়তো এই
কাৰণতে এটা সময়ত পৰীক্ষা পদ্ধতি নাইকিয়া হ’ব বুলি এটা বাতৰি প্ৰচাৰ হৈছিল !
**************************************
দেৱজিৎ চুতীয়া
**************************************
দেৱজিৎ চুতীয়া
শিক্ষক, উজ্জলপুৰ প্ৰাথমিক বিদ্যালয় , ধেমাজি
ম'বাইল - ৯৮৫৪৬ ১৩৮৬৪
ম'বাইল - ৯৮৫৪৬ ১৩৮৬৪
0 Please Share a Your Opinion.: