(হয়তো বহু নিচুকনি গীত বৰ্তমান হেৰাই যোৱাৰো উপক্ৰম হৈছে ! কিয়নো মাকেই হয়তো এতিয়া সন্তানক নিচুকনি গীতেৰে নিচুকুৱাৰ বা ঘুমতি নিয়াবলৈ আগ্ৰহ প্ৰকাশ নকৰে ৷ মাকৰ কোলাত বহি নিচুকনি গীত শুনাৰ সৌভাগ্যকণ আজি হয়তো বহুত শিশুৰেই নহয় ! ফলত ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে এই গীতবোৰ ৷ তথাপিও ক'ব পাৰি — পৃথিৱীত মাতৃহৃদয়ৰ আৱেগ আৰু শিশুৰ কৌতুহল যিমান দিনলৈ থাকিব, 'নিচুকনি গীত''-বোৰো সিমান দিনলৈকে থাকিব ৷)
শিশুৰ কোমল মন ভুলাই ৰাখিবলৈ বা শিশুক টোপনি নিয়াবলৈ গোৱা চুটি
গীতসমূহকে নিচুকনি গীত বোলা হয় ৷ নিচুকনি গীতবোৰ শিশুকেন্দ্ৰিক ৷ শিশুক উদ্দেশ্য কৰিয়েই এই গীতসমূহ ৰচিত ৷ শিশুৰ মন স্বভাৱতেই কল্পনাপ্ৰৱণ ৷ সেয়ে নিচুকনি গীতসমূহত কল্পনাৰ পয়োভৰ দেখিবলৈ পোৱা যায় ৷ জোনবাই, হাতী, শিয়াল, পৰি আদিক সমল
কৰি এই গীতসমূহ ৰচিত ,যাতে শিশুমনক সহজেই আকৰ্ষিত কৰিব পাৰি ৷ শিশুৰ মানসিক
জগতখনৰ লগত সংগতি ৰাখি সহজ-সৰলভাৱে এই গীতসমূহ ৰচা হয় ৷

পৃথিৱীৰ প্ৰায়
প্ৰতিটো ভাষাতে থকা নিচুকনি গীতবোৰৰ বৈশিষ্ট্য হ’ল যে এইবোৰ সহজে মনত ৰাখিব পাৰি ৷ শিশুৰ মনক
বান্ধি ৰাখিব পৰাকৈ মোহনীয় সুৰ তথা অপূৰ্ব শব্দচয়নেৰে ৰচিত এই গীতবোৰত কেতিয়াবা
একো একোটা সৰু সাধুকথা বা লোক-কাহিনী সোমাই থকাও দেখা যায় ৷ যুক্তিতকৈও অলীক কল্পনাকহে
অধিক প্ৰাধান্য দিয়া হয় এনেবোৰ গীতত ৷ অৱশ্যে কেতিয়াবা দুই-এটা নিচুকনি
গীতত ইতিহাস তথা সমাজ-ব্যৱস্থাৰ
সজীৱ চিত্ৰ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয় ৷ অনাখৰী মানুহৰ কল্পনা, ধাউতি আৰু
সৃষ্টিৰ হাবিয়াসতেই সৃষ্টি হয় নিচুকনি গীতৰ ৷
ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ ভাষাসমূহত প্ৰচলিত
গীতবোৰক ভিন্ন নামেৰে জনা যায় ৷ উদাহৰণস্বৰূপে -
অসমীয়াত— নিচুকনি গীত
বাংলাত — ঘুমপাড়ানি গান
মাৰাঠীত — অংগাই
গুজৰাটীত — হাল্লাৰডু
কানাড়াত— জগুলা হাডু
তামিলত — থালাত্ত
মালায়ালমত— থাৰাও পাত্তু
পাঞ্জাৱীত — ল’ৰী
তেলেগুত — ল’লী পটীটালু
বাংলাত — ঘুমপাড়ানি গান
মাৰাঠীত — অংগাই
গুজৰাটীত — হাল্লাৰডু
কানাড়াত— জগুলা হাডু
তামিলত — থালাত্ত
মালায়ালমত— থাৰাও পাত্তু
পাঞ্জাৱীত — ল’ৰী
তেলেগুত — ল’লী পটীটালু
পৃথিৱীৰ আন
ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন বহু পুৰণি ৷ অসমৰ বিভিন্ন অঞ্চল, ভাষা তথা জাতি-জনজাতিসকলৰ
মাজত অতীজৰে পৰা প্ৰচলিত হৈ অহা কিছুমান নিচুকনি গীত তলত দিয়া হৈছে—
ক)
আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুটলি খাব ৷
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুটলি খাব ৷
খ)
শিয়লী এ’
নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মূৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ ৷
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মূৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ ৷
গ)
আহ আহ জোন কাকা
তোৰ চাৰিপোণ, মোৰ চাৰিপোণ
ঘুগৰা গাথোঁ আহ
ঘুগৰা বোলে ৰুণুৰঝুণুৰ
বৰ আই হবাৰ বেলা
বৰে দিব বৰ কাপোৰ
কইনাই দিব মালা ৷
( গোৱালপাৰা অঞ্চল)
তোৰ চাৰিপোণ, মোৰ চাৰিপোণ
ঘুগৰা গাথোঁ আহ
ঘুগৰা বোলে ৰুণুৰঝুণুৰ
বৰ আই হবাৰ বেলা
বৰে দিব বৰ কাপোৰ
কইনাই দিব মালা ৷
( গোৱালপাৰা অঞ্চল)
ঘ)
আহ জোনাকী আহ
উৰি উৰি আহ
তৰা পাততে ভাত দিম
ইছা মাছৰ জোল দিম
তাৰ তলতে বান্ধি থ’ম
ৰাতিপুৱালৈ এৰি দিম ৷
উৰি উৰি আহ
তৰা পাততে ভাত দিম
ইছা মাছৰ জোল দিম
তাৰ তলতে বান্ধি থ’ম
ৰাতিপুৱালৈ এৰি দিম ৷
( কোঁচ
ৰাজবংশীসকলৰ)
ঙ)
আইৰে বাণ্ডিয়া শিয়াল
ঘৰ পিণ্ডাৰে থাক
বাবুৰ মা জলকে গেলে
বাবুৰ কাণ কাট ৷
( চাহ জনজাতিসকলৰ)
ঘৰ পিণ্ডাৰে থাক
বাবুৰ মা জলকে গেলে
বাবুৰ কাণ কাট ৷
( চাহ জনজাতিসকলৰ)
চ)
ফেচুদোলা, মামাথেৰ
বাৰীক গেলা
আম খালা, কঁঠাল খালা
মামাথেৰ ঘৰোত কি পালা?
মাইমে বোলে চিঃ চিঃ
ভাগিন আইছি বইহবা দি
নেদো পিৰা বহক মাটিত
কাঠপিপৰাই কামৰক কটিত
ফেচুদোলা, মামাথেৰ বাৰীক গেল
ফুল দেখি চমাক খালা
ফুলোক লাগি মেললা হাত
ফুল গেল ওঠৰ হাত ৷
( নলবাৰী অঞ্চলৰ)
আম খালা, কঁঠাল খালা
মামাথেৰ ঘৰোত কি পালা?
মাইমে বোলে চিঃ চিঃ
ভাগিন আইছি বইহবা দি
নেদো পিৰা বহক মাটিত
কাঠপিপৰাই কামৰক কটিত
ফেচুদোলা, মামাথেৰ বাৰীক গেল
ফুল দেখি চমাক খালা
ফুলোক লাগি মেললা হাত
ফুল গেল ওঠৰ হাত ৷
( নলবাৰী অঞ্চলৰ)
এইদৰে বিভিন্ন
অঞ্চল তথা ভাষাত প্ৰচলিত নিচুকনি গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা, মাতৃহৃদয়ৰ সৰল
অভিব্যক্তি , আশা-আকাংক্ষা, মৰম-চেনেহ আৰু চহা
কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হাঁহি-কান্দোন আদিৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায় ৷ কল্পনাশক্তিৰ
মায়াজালেৰে আবৃত এই নিচুকনি গীতবোৰে শিশুক সততে অনুসন্ধিৎসাপ্ৰৱণ কৰি তোলে ৷
সময়ৰ গতিত বৰ্তমান আধুনিক যুগত নিচুকনি
গীতবোৰৰ গুৰুত্ব কিছু পৰিমানে লাঘৱ হোৱা যেন বোধ হয় ৷ আধুনিকতাৰ পৰশত এই গীতবোৰেও
যেন আধুনিক ৰূপ পৰিগ্ৰহ কৰিছে ৷ হয়তো বহু নিচুকনি গীত বৰ্তমান হেৰাই যোৱাৰো
উপক্ৰম হৈছে !
কিয়নো মাকেই হয়তো এতিয়া সন্তানক নিচুকনি গীতেৰে নিচুকুৱাৰ বা ঘুমতি নিয়াবলৈ
আগ্ৰহ প্ৰকাশ নকৰে ৷ মাকৰ কোলাত বহি নিচুকনি গীত শুনাৰ সৌভাগ্যকণ আজি হয়তো বহুত
শিশুৰেই নহয় ! ফলত
ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে এই গীতবোৰ ৷ তথাপিও ক’ব পাৰি — পৃথিৱীত
মাতৃহৃদয়ৰ আৱেগ আৰু শিশুৰ কৌতুহল যিমান দিনলৈ থাকিব, ‘নিচুকনি গীত’-বোৰো সিমান
দিনলৈকে থাকিব ৷
***************************************
গীতিকা শৰ্মা, সহকাৰী শিক্ষয়িত্ৰী
পূব পানেৰী উচ্চ মাধ্যমিক বিদ্যালয়,
পানেৰী , জিলা : ওদালগুৰি

পূব পানেৰী উচ্চ মাধ্যমিক বিদ্যালয়,
পানেৰী , জিলা : ওদালগুৰি
0 Please Share a Your Opinion.: