অভিযোগ শুনা যায় যে কিছুমান শিক্ষক বিদ্যালয়ত নিয়মীয়াভাৱে উপস্থিত নাথাকে, অন্য ব্যক্তিক ঠিকা দি নিজে ব্যক্তিগত কামত ব্যস্ত থাকে, পাঠদানত হেমাহি কৰে, ঠায়ে ঠায়ে আকৌ দুই-এজনে মদ্যপান কৰিও বিদ্যালয়ত উপস্থিত থাকে। এইবিলাক অনীতিৰ বিপৰীতে আকৌ অধিকাংশ নিয়মীয়াকৈ উপস্থিত থকা আৰু আন্তৰিকতাৰে পাঠদান কৰা শিক্ষকে কিবোৰ অসুবিধা পাই আছে, এই সকলোবোৰ অৱস্থাৰ অনুসন্ধান কৰিবলৈ ৪০-৫০ হাজাৰ দৰমহাভক্ষী পৰিদৰ্শকসকলে তেওঁলোকৰ কাৰ্য নিয়মীয়াকৈ সম্পাদনা নকৰাৰ কাৰণে জবাবদিহি হ’বনে?
শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা সংস্কাৰৰ অৰ্থে কিছুদিন আগতে পালন কৰিলে গুণোৎসৱ। তাতেই স্পষ্ট হৈ পৰিল অসমৰ শিক্ষা ব্যৱস্থাত থকা পাৰিপাৰ্শ্বিক,শৈক্ষিক, প্ৰশাসনীয় আদি দিশৰ বিসংগতিমূলক স্বৰূপ।সম্ভৱ এই গুণোৎসৱেই শিক্ষাৰ সংস্কাৰকৰণৰ দিশত এতিয়ালৈ শিক্ষা বিভাগত হোৱা একমাত্ৰ কাৰ্য্যব্যৱস্থা, যিটোলৈ ৰাইজে অকুণ্ঠ সমৰ্থন আগবঢ়াইছিল এটা উজ্বল ভৱিষ্যতৰ আশাত। এই গুণোৎসৱে অসমৰ ৰাইজৰ আগত স্পষ্ট কৰি দিলে বিদ্যালয়সমূহৰ জৰাজীৰ্ণ অৱস্থা,শিক্ষক,শিক্ষা আৰু শিক্ষণ ব্যৱস্থাত থকা অসামঞ্জস্যতা, ছাত্ৰ-শিক্ষকৰ অনুপাতত থকা বিসংগতি আদি৷ তাৰেই ভিত্তিত বিদ্যালয়সমূহক একো একোটা গ্ৰেড দি মান নিৰ্ণয় কৰা হ’ল আৰু উন্নতি সাধনৰ বাবে দিয়া হ’ল নানান পৰামৰ্শৰ লগতে ক্ষেত্ৰ বিশেষে ভাবুকি। মাত্ৰ কিছুদিন আগতেহে নিৰ্ণিত এই
ছবিখনে দেখদেখকৈয়ে উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহে পৰীক্ষাত কৰিব পৰা ফলাফলৰ এটা আনুমানিক ধাৰণাও প্ৰশাসনৰ আগত আগতীয়াকৈ দাঙি ধৰিছিল। আৰু যদি প্ৰশাসন ব্যৱস্থাই তেনে ধাৰণা কৰিব পৰা নাছিল, তেন্তে নিশ্চয় ক’ব লাগিব যে গুণোৎসৱৰ প্ৰক্ৰিয়াতে ভুল আছিল।
তৎসত্বেও
মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পিছত দুৰ্বল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ প্ৰধান
শিক্ষকসকলক মাতি আনি কেমেৰাৰ সন্মুখত ৰাজহুৱাভাৱে অপদস্থকাৰী প্ৰশ্নবাণেৰে কি
কাৰণে জবাবদিহি কৰিবলগীয়া হ’ল, তাকে
চিন্তাশীলসকলে প্ৰশ্ন কৰাৰ লগতে ধিক্কাৰো নিদিয়াকৈ থকা নাই। ফলাফল বেয়া হোৱাৰ বাবে
মুখ্য কাৰণসমূহ আলোচনাৰ মাধ্যমেৰে উদ্ঘাটন কৰি তাক নিৰাময় কৰা, অনিয়মীয়া
শিক্ষকক জবাবদিহি কৰা বা শাস্তি প্ৰদান কৰাৰ ক্ষমতা চৰকাৰৰ নিশ্চয় আছে। কিন্তু ৩০-৪০ হাজাৰ টকা
দৰমহা খায়ো ফলাফল বেয়া কৰা বুলি পোনছাতেই শিক্ষকসকলক অপদস্থ কৰাৰ অধিকাৰ শিক্ষামন্ত্ৰীৰ
আছে নে নাই নাজানো, কিন্তু
শালীনতাৰ ফালৰ পৰা
নাই বুলিয়েই আমি নিশ্চিত। কাৰণ ফলাফলৰ বাবে একমাত্ৰ শিক্ষকসকলেই দায়ী নহয়।
শিক্ষাদানৰ প্ৰতি অসীম ত্যাগ আৰু আগ্ৰহ কৰিও বিবিধ কাৰণত বাঞ্ছিত ফলাফল নোপোৱাৰ
কাৰণ বহুতো, যেনে-- বিদ্যালয়ত
প্ৰয়োজনীয় প্ৰাথমিক সা-সুবিধাৰ
অভাৱ,
যাতায়াতৰ অসুবিধা, ছাত্ৰ-শিক্ষকৰ অনুপাত সঠিক
নোহোৱা, পুত্ৰ-কন্যাৰ প্ৰতি অভিভাৱকৰ অমনোযোগিতা, পাঠ্যপুথিৰ অনিয়মীয়া যোগান ইত্যাদি।
এইবোৰৰ উপৰিও
পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অবিচাৰে ‘প্ৰমোচন’ দিয়া নীতিয়ে
ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱক সকলোকে
যে এলেহুৱা কৰি পেলাইছে সেইটোও ধুৰূপ। ছাত্ৰ-ছাত্ৰীৰ বাবে এই সময়ছোৱাই হৈছে উচ্চ মাধ্যমিক শাখাৰ বাবে
প্ৰস্তুতিৰ উপাদেয় সময়। অথচ এই নীতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ এৰিছে, শিক্ষকসকলে
পঢ়োৱাত গুৰুত্ব দিবলৈ এৰিছে আৰু অভিভাৱকসকলেও
নপঢ়াকৈয়ে পুত্ৰ-পুত্ৰীয়ে
প্ৰমোচন পাবই বুলি নিশ্চিত হৈ শান্তিত দিন কটাইছে(সকলো নহয়, বেছিভাগে)।
এই
স্তৰত প্ৰমোচনৰ এই মাৰাত্মক ভুল নীতিটো বিদ্যালয় কৰ্তৃপক্ষ বা শিক্ষকসকলে লোৱা
নাছিল, লৈছিল
প্ৰশাসনৰ বৰমূৰীয়াসকলেহে। ইয়াৰ লগতে গেলাতে
টেঙাৰূপে আহি পৰিল মধ্যাহ্ন ভোজন নীতি, যাৰ ফলত বেছিভাগ বিদ্যালয়তে ভোজনৰ পিছত শ্ৰেণীৰ পাঠদান
শূন্যপ্ৰায় হৈ পৰে বা ছুটীয়েই হয়। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ অধিক সংখ্যা দেখুৱাই
অতিৰিক্ত খাদ্য সংগ্ৰহ,
দুৰ্নীতিগ্ৰস্তসকলে চোৰাংকৈ বিক্ৰী বা আত্মসাৎ কৰা ইত্যাদিবোৰতো আছেই।
শিক্ষামন্ত্ৰীয়ে ভালেমান বিদ্যালয়ে মিছা তথ্য দি প্ৰাদেশিকীকৰণ কৰা বুলি অনা অভিযোগ সত্য হ’লেও তাৰবাবে দায়ী কেৱল বিদ্যালয় কৰ্তৃপক্ষ নহয়; মূল দায়ী শিক্ষা বিভাগৰ বৰমূৰীয়াসকল। কাৰণ তথ্য পাই সেই তথ্যৰ সত্যাসত্য প্ৰমাণ কৰি প্ৰাদেশিকীকৰণ কৰা দায়িত্ব লাখৰ ওচৰা-ওচৰি দৰমহাৰ উপৰিও অন্যান্য চৰকাৰী সা-সুবিধা লৈ এ.চি. কোঠাত বহা বিষয়াসকলৰ আছিল। কিন্তু জাতীয় স্বাৰ্থক পিঠি দি আভ্যন্তৰীণ বুজাবুজিৰে তেনে ন্যায্যতাৰ অনুসন্ধান নকৰাকৈ স্বীকৃতি প্ৰদান কৰা হ’ল আৰু কৌটি কৌটি ৰাজহুৱা ধনৰ অপচয় কৰা হ’ল। সেই কথাৰ গুৰি নিৰূপণ কৰিবলৈ শিক্ষামন্ত্ৰীয়ে সেইসকল বিষয়াক কেমেৰাৰ সন্মুখত থিয় কৰাই জবাবদিহি কৰি আৰু উপযুক্ত শাস্তি প্ৰদান কৰাৰ সাহস কৰিবনে?

অভিযোগ
শুনা যায় যে কিছুমান শিক্ষক বিদ্যালয়ত নিয়মীয়াভাৱে উপস্থিত নাথাকে, অন্য ব্যক্তিক
ঠিকা দি নিজে ব্যক্তিগত কামত ব্যস্ত থাকে, পাঠদানত হেমাহি কৰে, ঠায়ে ঠায়ে আকৌ দুই-এজনে মদ্যপান কৰিও বিদ্যালয়ত উপস্থিত থাকে। এইবিলাক অনীতিৰ
বিপৰীতে আকৌ অধিকাংশ নিয়মীয়াকৈ উপস্থিত থকা আৰু আন্তৰিকতাৰে পাঠদান কৰা শিক্ষকে
কিবোৰ অসুবিধা পাই আছে,
এই সকলোবোৰ অৱস্থাৰ অনুসন্ধান কৰিবলৈ ৪০-৫০ হাজাৰ দৰমহাভক্ষী পৰিদৰ্শকসকলে তেওঁলোকৰ কাৰ্য
নিয়মীয়াকৈ সম্পাদনা নকৰাৰ কাৰণে জবাবদিহি হ’বনে? পৰিদৰ্শকসকলে যদি আন্তৰিকতাৰে নিয়মিত পৰিদৰ্শন কৰিলেহেঁতেন, তেন্তে বিদ্যালয়ৰ
শিক্ষা ইমান নিম্নগামী নহ’লহেঁতেন।
এয়াও অভিযোগ আছে যে প্ৰধান শিক্ষকসকলে বেছি সময় ওপৰৱালাক বিবিধ তথ্য যোগান ধৰা, হকে-বিহকে প্ৰশাসনে পতা সভাত উপস্থিত থাকিবলৈ বাধ্য হোৱা আদি কাৰ্যতে ব্যস্ত থাকিবলগীয়া হয়। যিবিলাক তথ্য বিষয়াসকলে নিজে গৈ আহৰণ কৰিব লাগে, সেইবিলাকো প্ৰধান শিক্ষকসকলে গৈহে দাখিল কৰিবলগীয়া হয়। পাকে-প্ৰকাৰে প্ৰধান শিক্ষকসকলক ব্যৱহাৰ কৰা হয় বিষয়াসকলৰ হুকুমবাহী হিচাপে। এইবোৰ কাৰণত প্ৰায়ভাগ প্ৰধান শিক্ষকে শ্ৰেণীত পাঠদান নকৰে। অথচ নিয়ম মতে তেওঁলোকেও পাঠদান কৰাটো বাধ্যতামূলক। এই সঘন আমন্ত্ৰণৰ অচিলাটোকে আকৌ ভালেমান প্ৰধান শিক্ষকে অপ্ৰকাশ্যভাৱে ব্যক্তিগত সুবিধাৰ্থে ব্যৱহাৰ কৰাৰো সুযোগ গ্ৰহণ কৰিছে। এনেবোৰ বৈষম্যৰ প্ৰতি কৰ্তৃপক্ষৰ থকা আওহেলাৰ বাবেও বিদ্যালয়ৰ শিক্ষা অৱনমিত হোৱাৰ এক কাৰণ।

গতিকে
দেখা গৈছে যে প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ শিক্ষা সঞ্চালন বিভাগৰ চূড়ান্ত
অমনোযোগিতাই হৈছে শিক্ষা ব্যৱস্থাৰ মূল কেৰোণ। ক’বলৈ গ’লে শিক্ষা বিভাটোৱে হৈছে এনে এখন বৃহৎ দুৰ্নীতি-দুষ্কৃতিৰ কেন্দ্ৰ,য’ত চলি আছে এখন
মুক্ত তথা গোপন বজাৰ।
শিক্ষামন্ত্ৰীয়ে এইবিলাক কথাৰ গম নাপায় বুলি ক’লে বিশ্বাস কৰিবলৈ টান হয়। তৎসত্বেও ভয়ৰ বশৱৰ্তী হৈয়েই হওক বা নিজৰ দুৰ্বলতাৰ বাবেই হওক, প্ৰশাসনীয় দিশত গুৰুত্ব নিদি কেৱল শিক্ষকসকলক লক্ষ্য কৰি লৈছে। তেওঁ নিজেই কৈছে যে অসমৰ মাথোঁ ৩৫ হাজাৰ শিক্ষকৰ স্বাৰ্থতকৈ ৮৫ লাখ ছাত্ৰৰ প্ৰতিহে তেওঁৰ নজৰ। এনে দামী কথাক মহৎ কথা বুলি একমুখেই ক’ব লাগিব। কিন্তু সেই ৮৫ লাখ ছাত্ৰ-ছাত্ৰীৰ ভাগ্য নিৰূপণৰ বাবে মাত্ৰ শিক্ষকসকলেই জগৰীয়ানে ? ওপৰত উল্লেখ কৰা মতে প্ৰশাসনৰ বৰমূৰীয়াসকলকো দায়ী কৰক, অনুসন্ধান কৰক, কৰ্তব্যত অৱহেলা কৰা আৰু দুৰ্নীতিগ্ৰস্তসকলকো শাস্তি প্ৰদান কৰি নিকা কৰক। তাকে নকৰি দুৰ্বল আৰু সহজ সহজ স্থান চাই নিকাকৰণ কৰিবলৈ গ’লে কোনোকালে শিক্ষাবিভাগ নিকা নহ’ব। এইবোৰ কথা মন্ত্ৰী মহোদয়ক দোহৰাব লাগে বুলি অনুভৱ নহয়, বৰং তেওঁ ইয়াতকৈও বেছি বিসংগতিৰ কথা জানে; আৰু নাজানে যদি জনা উচিত বুলিয়ে ধাৰণা হয়। কিন্তু অন্তৰত যেতিয়া কোনো বিশেষ উদ্দেশ্য ৰাখি আগবাঢ়ে, তেতিয়া বহু জনা কথাও অজ্ঞাত হৈ পৰে আৰু ভিতৰুৱা উদ্দেশ্য সাধনে প্ৰাধান্য লাভ কৰে। কিন্তু সেই উদ্দেশ্য কি হ’ব পাৰে ?
আমি অনুমান
কৰোঁ, শিক্ষামন্ত্ৰীয়ে
কেমেৰাৰ সন্মুখত কেৱল শিক্ষকসকলকেই দায়ী কৰি ৰাইজক দেখুওৱাৰ মাত্ৰ এটাই উদ্দেশ্য
আছিল। সেয়া হ’ল, তেওঁ
ইতিমধ্যেই অসমত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰি ইংৰাজী মাধ্যমত পঢ়া
শিক্ষক নিযুক্তিৰ যি পৰিকল্পনা ব্যক্ত কৰিছে, সেই আত্মঘাতী পৰিকল্পনাৰ বিৰুদ্ধে যেতিয়া সৰ্বত্ৰ প্ৰতিবাদৰ
জোঁৱাৰ উঠিল, তেতিয়া
আত্মম্ভৰী মন্ত্ৰী মহোদয়ে প্ৰমাণ কৰি দেখুৱাব খুজিছে যে অসমীয়া মাধ্যমৰ শিক্ষকসকল
বেয়া আৰু ইংৰাজী মাধ্যমত পঢ়া শিক্ষক হ’লেহে সকলো ঠিক হ’ব। সেই গোপণ উদ্দেশ্যৰ বশৱৰ্তী হৈয়েই অসমীয়া মাধ্যমৰ
শিক্ষকসকলক দোষাৰোপ কৰি নিজৰ বিভাগীয় বিষয়াসকলৰ ত্ৰুটী-বিচ্যুতিক
একাষৰীয়াকৈ ৰাখিছে। এনে উদ্দেশ্য ৰাইজৰ চকুত স্পষ্ট হৈ পৰিছিল, যেতিয়া মন্ত্ৰী
মহোদয়ে এজন শিক্ষকক ইংৰাজীতে প্ৰশ্ন কৰি ইংৰাজীতে উত্তৰ দিবলৈ জোৰ দিছিল। যদি
শিক্ষকজনে ইংৰাজীত উত্তৰ দিব নোৱাৰিলেহেঁতেন, তেন্তে মন্ত্ৰী মহোদয়ে লগে লগেই নিজৰফালে
সমৰ্থন বিচাৰি দৰ্শকৰ ফালে দৃষ্টি দি উচ্চ বাচ্যৰে ক’লেহেঁতেন, “দেখিছে অসমীয়া
মাধ্যমৰ শিক্ষকৰ অৱস্থা ?
এষাৰ ইংৰাজীও ক’ব
নোৱাৰে ৷” পিছে
সেই সাম্ভাব্য উদ্দেশ্য সাধন নহ’ল।
গতিকে শিক্ষামন্ত্ৰীয়ে যদি আন্তৰিকতাৰে শিক্ষা বিভাগটোৰ উৎকৰ্ষ সাধন কৰাৰ চেষ্টা কৰিছে, তেন্তে তেওঁ নিজৰ পদ-মৰ্য্যাদা ৰাখি পোনপতীয়াকৈ শিক্ষকসকলৰ ওচৰ চপাতকৈ দায়িত্বশীল বিভাগৰ বিষয়াসকলক দায়ী কৰক যাতে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি বিদ্যালয়সমূহৰ শিক্ষাৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰে।

0 Please Share a Your Opinion.: