শিক্ষকৰ নিচিন্তিবা কদাপি
নিৰ্যাণ,
শিক্ষকেহে কৰে মানৱ
নিৰ্মাণ ।
সত্য-শুদ্ধ যিটো
সৱাৰো যে বুদ্ধ,
জ্ঞান কিন্তু জানিবা
নহয় সীমাবদ্ধ ।
অজ্ঞানতাই যেনেকৈ যাতনা
ভুঞ্জায়,
জ্ঞানৰ জ্যোতিয়ে সদায়
জীৱন উজ্জ্বলায় ।
শৈশৱৰ পৰাই শিশুক
শিক্ষা প্ৰদান কৰি,
শিক্ষকেহে গাঁথিব খোজে
মানৱতাৰ জৰী ।
গুৰু লগা বিদ্যা
যেন পাখি লগা
কাঁড়,
লক্ষ্যত উপনীত কৰি
গুৰুৱে তৰায় সংসাৰ।
শিক্ষাগুৰুৰ আশীৰ্বাদ যাৰ
থাকিব লগত,
সিজনেহে পাব পাৰে
উন্নতিৰ শিখৰত।
জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ
প্ৰভু ভগৱন্ত,
দ্বাপৰ যুগে পৃথিৱীত অৱতাৰ ধৰন্ত ।
সান্দীপনি নামে গুৰুত
শিক্ষা গ্ৰহণ কৰি,
সমস্ত বেদ-শাস্ত্ৰৰ
জ্ঞানক আৰ্জিলে হৰি
।
শিক্ষকেও নিজ কৰ্তব্য
বিনে নলভি সন্তুষ্টি,
দায়িত্ব-কৰ্তব্য পালি
ৰাখা নিজ কীৰ্তি
।
শিক্ষাই জীৱন আৰু
জীৱনেই শিক্ষা,
সেয়েহে সৱেও
কৰা শিক্ষকৰ সন্মান
ৰক্ষা।
মহেশ্বৰ মেধি
মহেশ্বৰ মেধি
*
* * *
0 Please Share a Your Opinion.: