Saturday, September 2, 2017

আই

                                       

অৱশেষত শাম কাটে 
আইৰ যন্ত্ৰণাৰ সাগৰ ,
আৰু মোৰ দুচকুত পৃথিৱীৰ প্ৰথম পোহৰ
আইৰ ওঁঠত লাগে 
মোৰ ঠুনুকা দুখনি হাত,

এমুঠি সপোনৰ আশ্বাস ,
এছাটিআশাৰ উত্তাপ
পিছে আই, এয়ানো তোৰ কিহৰ আনন্দ ?
আজি দেখোন আই, মই তোৰ দেহৰ পৰাই বিচ্ছিন্ন !
মোৰ মনত গুজৰি-গুমৰি থাকে
হাজাৰটা প্ৰশ্ন …… হাজাৰটা প্ৰশ্ন !
      . . . . . . . . . . . .
সময় আগবাঢ়ে .. টিক্ টিক্ টিক্ টিক্
পল, অনুপল, ঘন্টা ……… বাগৰে বছৰ
সুখ, দুখ, হাঁহি .. আইৰ কত যে খবৰ !
সময়ৰ চাকনৈয়াই বোৱাই নিয়ে
আয়ুসৰ ভোগদৈ,
সময় আগবাঢ়ে
আৰু আই পৰে ক্ৰমাৎ ভাগৰুৱা হৈ
টিক্ টিক্ টিক্ টিক্ ……….

আজি আই ৰোগাক্ৰান্ত৷
দুচকুত প্ৰত্যাশাৰ আভা,
স্মৃতিত চাৰিকুৰি বসন্ত
মোৰ দুহাতত আইৰ শোটোৰা পৰা হাত ,
জীৱনৰ কঠিন স্বাভিমানত সহি প্ৰতিটো আঘাত
আই,
আকৌ এবাৰ মোক মৰমেৰে মাত

আই ক্ৰমে নিথৰ হয়
আৰু !
মই অস্থিৰ ..
আই.. আই ..আকৌ এবাৰ চকু মেল,  
কিনো জগৰত তই শেষ কৰ এই মৰমৰ খেল ?

লুইতখন ৰৈ যায় ....
লাহে লাহেমনে মনে ..
আজি আই জীৱনৰ পৰা বিচ্ছিন্ন ,
আকৌ গুজৰি-গুমৰি উঠে মোৰ মনত
হাজাৰটা প্ৰশ্ন …….. হাজাৰটা প্ৰশ্ন !
                               প্ৰাচুৰ্য দত্ত

     *     *    *   *  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: